ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন দাঙি ধৰি  কেন্দ্রক সমালোচনা ৰাহুল গান্ধীৰ

0
81

# নিউজ ডেস্ক #

কৰোনা ভাইৰাছ, লকডাউন, প্ৰব্ৰজিত শ্রমিকসহ একাধিক বিষয়ক লৈ কেন্দ্রৰ বিৰুদ্ধে এটা ৰপিছত আন এটা অভিযোগ উত্থাপন কৰি আহিছে ৰাহুল গান্ধীয়ে। দেশৰ অর্থনীতিক লৈও ক্ষুৰধাৰ সমালোচনাৰে থকাসৰকা কৰিছে মোডীক। বুধবাৰে পুৱা ৰিজার্ভ বেঙ্কৰ প্ৰতিবেদনৰ প্রসঙ্গ দাঙি ধরি নৰেন্দ্র মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ আক্রমণাত্মক হয় ৰাহুল গান্ধী৷

আজি টুইটত ৰাহুল গান্ধীয়ে কয়, “সংবাদ মাধ্যমৰ সহায়ত দৃষ্টি ঘূৰোৱাৰ চেষ্টা কৰিলে প্রকৃতপক্ষে দেশৰ দুখীয়া মানুহৰ কোনো উপকাৰ নহয়। আনকি দেশৰ অর্থনীতিৰ ভয়ানক অৱস্থাটোও লুকাব পৰা নাযায়! ৰিজার্ভ বেঙ্কে আজি যিটো কৈছে, সেই সতর্কবাণী পূৰ্বতেই দিছিলোঁ।” ইয়াতেই থমকি ৰোৱা নাই ৰাহুল গান্ধী। কেন্দ্রক বহু কেইটা প্রস্তাৱ দি তেওঁৰ মন্তব্য, “বেছি খৰচ কৰক, ৰিন্তু বেছি ধাৰ নকৰিব। দুখীয়া লোকসকলৰ টকা দিয়ক। অর্থনীতিক পুনৰুজ্জীৱিত কৰি তোলাৰ ব্যৱস্থা কৰক।”

উল্লেখ্য যে মঙলবাৰে ৰিজার্ভ বেঙ্কে তেওঁলোকৰ ২০১৯-২০ চনৰ বার্ষিক প্ৰতিবেদনত জনাইছে, সংক্রমণ বৃদ্ধিত কৰোনা-সমস্যা দূৰ হ’বলৈ আৰু সময় লাগিব। চাহিদা ঘূৰি আহিবলৈও পলম হ’ব। কিন্তু ঠিক কিমান, সেইটো নির্ভৰ কৰিব চৰকাৰৰ ওপৰতেই। তেওঁলোকৰ বার্তা, অর্থনীতিক কোভিড-পূর্ব অৱস্থালৈ আনিবলৈ ক্ৰয়-বিক্ৰয় বঢ়াব লাগিব চৰকাৰে। কাৰণ, ব্যক্তিগত স্তৰত বেচা-কিনা বঢ়োৱাৰ সম্ভাৱনা নাই।

ৰিজার্ভ বেঙ্কৰ বার্ষিক ৰিপোর্টত আৰু জনোৱা হৈছে যে ২০১৯-২০ বিত্তীয় বর্ষত দেশত ২০০০ টকাৰ এখনো নোট ছপা হোৱা নাই হয়নি। পৰ্যায়ক্ৰমে এই নোটৰ আবণ্টনো যে কমোৱা হৈছে সেয়াও ৰিপোর্টত স্পষ্ট। অৱশ্যে বিগত তিনি বছৰত ৫০০ আৰু ২০০ টকীয়া নোটৰ বিতৰণ উল্লেখযোগ্য হাৰত বৃদ্ধি কৰা হৈছে। ৰিজার্ভ বেঙ্কৰ এই ৰিপোর্টকেই দাঙি ধৰি আজি চৰকাৰক তুলাধুনা দিয়ে ৰাহুল গান্ধীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here