২০২১ৰ জানুৱাৰীত বিৰাট কোহলিৰ ঘৰলৈ আহিব নতুন আলহী!

0
78

# নিউজ ডেস্ক #

অৱশেষত অনুৰাগীয়ে আশা কৰি থকা সেই সুখবৰটো দিলে বিৰাট কোহলিয়ে৷ মাতৃ হ’বলৈ আগবাঢ়িছে অনুষ্কা শর্মা। ক্ৰিকেট-বলিউডৰ গ্লেমাৰ যুটিটোৰ এই সুখবৰটো ইনষ্টাগ্ৰাম আৰু টুইটাৰত শ্বেয়াৰ কৰে বিৰাট কোহলিয়ে।

জানিব পৰা মতে, লকডাউনৰ সময়তে নিজৰ পৰিয়ালৰ বাবে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছিল বিৰাট-অনুষ্কাই। সেই লৈ ইতিমধ্যে জল্পনাও আৰম্ভ হৈছিল৷ বিৰাট-অনুষ্কাৰ পৰিয়াললৈ নতুন সদস্য আহিব বুলি কেইদিনমান পূৰ্বেই খবৰ বিয়পি পৰিছিল। কিন্তু সেই সময়ত মন্তব্য প্ৰকাশৰ পৰা বিৰত আছিল দেশৰ চেলিব্ৰিটি যুটিটো।

কিন্তু এইবাৰ প্ৰকাশ্যে আহিল আহিল অনুষ্কাৰ গৰ্ভধাৰণৰ খবৰ। তাকো সুখবৰটো শুনালে বিৰাট কোহলিয়ে নিজেই। নিজৰ টুইটাৰ আৰু ইনষ্টাগ্ৰামত দুয়োৰে ফটো প্ৰকাশ কৰি কোহলিৰ পোষ্ট, ২০২১ৰ জানুৱাৰীত আমাৰ ঘৰলৈ আহিব নতুন আলহী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here