নিট-জেইইৰ পৰীক্ষা নিপিছুৱাবলৈ মোডীলৈ পত্ৰ ডেৰশতাধিক শিক্ষাবিদৰ

0
73

# নিউজ ডেস্ক #

কৰোনা পৰিস্থিতিৰ কাৰণে নিট আৰু জেইইৰ পৰীক্ষা পিছুওৱাৰ দাবী তুলিছে বিৰোধীয়ে। একেই দাবী শিক্ষার্থীসকলৰ একাংশৰো। কিন্তু দেশৰ ডেৰশৰো অধিক শিক্ষাবিদে জনাইছে চিকিৎসাবিজ্ঞান আৰু ইঞ্জিনিয়াৰিঙৰ প্রৱেশিকা পৰীক্ষা পুনৰ পিছুৱাই দিয়া হ’লে শিক্ষাৰ্থীসকলৰ ক্ষতি হ’ব। প্রধানমন্ত্রী নৰেন্দ্র মোডীলৈ পত্ৰ লিখি প্ৰত্যক্ষভাৱে এই অভিমত জনাইছে শিক্ষাবিদসকলে।

দেশ-বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত কর্মৰত শিক্ষাবিদসকলৰ অভিযোগ, ‘‘ৰাজনৈতিক এজেণ্ডা পূৰণ কৰাৰ বাবে শিক্ষার্থীসকলৰ ভৱিষ্যতক লৈ  খেলা কৰাৰ চেষ্টা আৰম্ভ হৈছে।’’ লগতে চিঠিত তেওঁলোকে উল্লেখ কৰিছে, ‘‘ছাত্র আৰু যুৱ-সমাজ দেশৰ ভৱিষ্যৎ। কিন্তু কোভিড-১৯ অতিমাৰিৰ অভিশাপত তেওঁলোকৰ কেৰিয়াৰত অনিশ্চয়তাৰ ক’লীয়া মেঘে ছানি ধৰিছে। এই পৰিস্থিতিত নামভর্তি আৰু পাঠদান (চিকিৎসাবিজ্ঞান-ইঞ্জিনিয়াৰিং পাঠক্রমত) সংক্রান্তীয় যিবোৰ অনিশ্চয়তা আছে, তাক সোনকালে দূৰ কৰা প্রয়োজন।’’

উল্লেখ্য যে অহা ১ ছেপ্টেম্বৰৰ পৰা নিট আৰু জেইই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্রস্তুতি আৰম্ভ কৰাৰ কথা কৈছে নেচনেল টেষ্টিং এজেন্সি (এনটিএ)-এ। এনটিএৰ সূত্র মতে, বুধবাৰে প্রায় ১৪ লাখ পৰীক্ষার্থীয়ে এডমিট কার্ড ডাউনলোড কৰিছে। এনটিএৰ সঞ্চালক প্ৰধান বিনীত যোশীৰ বক্তব্য,  দেৰিকৈ অনুষ্ঠিত হোৱা পৰীক্ষাৰ কাৰণে শিক্ষাৰ্থীসকলৰ এটি সম্পূৰ্ণ বছৰ যাতে নষ্ট নহয়, সেই প্ৰচেষ্টাতেই কৰোনাকালতো এই দুই প্রৱেশিকা পৰীক্ষা অনুষ্ঠি কৰাৰ আয়োজনৰ এই চেষ্টা।

আনহাতে, বুধবাৰে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী আৰু বিৰোধী দলৰ মুখ্যমন্ত্রীসকলৰ ভার্চুৱেল বৈঠকত নিট আৰু জেইই পৰীক্ষা পিছুৱাবৰ বাবে ছুপ্রিম কোর্টত আবেদন জনোৱাৰ সিদ্ধান্ত লৈছে। তাৰ পূৰ্বে দিল্লী আইআইটি, বিএইউচইউ, জেএনইউৰ দৰে দেশৰ প্রথম শাৰীৰ শিক্ষা প্রতিষ্ঠান আৰু লণ্ডন, কেলিফোর্নিয়া, জেৰুজালেমসহ নানা বিদেশী বিশ্ববিদ্যালয়ত কর্মৰত ভাৰতীয় শিক্ষাবিদসকলৰ এই পত্ৰই পৰীক্ষা-বিতর্কক অন্য মাত্রা দিলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here