৩০ ছেপ্টেম্বৰৰ ভিতৰত হ’বই লাগিব সকলো চূড়ান্ত পৰীক্ষা : ছুপ্রিম কোর্টৰ নিৰ্দেশ

0
112

# নিউজ ডেস্ক #

বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)ৰ নির্দেশনা মানি অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত বাকী থকা সকলো পৰীক্ষা শেষ কৰিব লাগিব দেশৰ কলেজ তথা বিশ্ববিদ্যালয়সমূহে। শুক্রবাৰে ছুপ্রিম কোৰ্টে এই ৰায় ঘোষণা কৰি জনাই দিছে, কোনো কাৰণতেই চূড়ান্ত বর্ষৰ পৰীক্ষা বাকী ৰাখি ছাত্র-ছাত্রীক উত্তীৰ্ণ কৰিব নোৱাৰিব।

ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত তিনিগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে আজি জনাইছে যে কোনো ৰাজ্যত কৰোনা পৰিস্থিতি খুব সঙ্কটজনক হ’লে সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰে ৩০ ছেপ্টেম্বৰৰ সময়সীমা বৃদ্ধিৰ বিষয়ে ইউজিচিৰ ওচৰত আবেদন জনাব পাৰে।

উল্লেখ্য যে জুলাইৰ ৬ তাৰিখে ইউজিচিয়ে বিশ্ববিদ্যালয়সমূহক নির্দেশ দিছিল যে, কৰোনা সংক্রমণ আৰু লকডাউন সত্ত্বেও ৩০ ছেপ্টেম্বৰৰ ভিতৰত স্নাতকৰ চূড়ান্ত বর্ষ আৰু শেষ ছেমিষ্টাৰৰ পৰীক্ষা ল’বই লাগিব। আনহাতে, পশ্চিমবঙ্গ, মহাৰাষ্ট্র, দিল্লীৰ দৰে কিছু ৰাজ্যৰ চৰকাৰে নির্দেশনাৰ বিৰোধিতা কৰি জনায়, অতিমাৰি আৰু লকডাউনৰ মাজত কোনো পৰীক্ষাৰ ব্যৱস্থা কৰা সম্ভৱ নহয়। ইয়াৰ পিছত দিল্লী আৰু মহাৰাষ্ট্র চৰকাৰে সর্বোচ্চ আদালতৰ দ্বাৰস্থ হয়। পশ্চিমবঙ্গ আৰু ওড়িশাৰ দৰে কেইখনমান ৰাজ্য আৰু শিক্ষাৰ্থীও শীর্ষ আদালতৰ দ্বাৰস্থ হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here