বিনা যন্ত্রণাই কোভিড টীকা ! অভিনৱ উদ্ভাৱন খড়গপুৰ আইআইটিৰ

0
89

# বিশেষ প্ৰতিবেদন #

কোভিড টীকা লওঁতে যাতে কোনো ধৰণৰ বিষ অনুভৱ নহয় তাৰ বাবে এই প্রথম মাইক্রোনিড্‌ল উৎপাদন সম্ভৱ হ’ল ভাৰতত। যিটো আমাৰ চুলিতকৈও সৰু। ইমান সূক্ষ্ণ মাইক্রোনিড্‌ল ইয়াৰ পূৰ্বে আমাৰ দেশত বনোৱা হোৱা নাছিল। ইয়াৰ ফলত ইঞ্জেকচনৰ বাবে আৰু চিৰিঞ্জৰ প্ৰয়োজন নহ’ব।

লগতে বিষহীনভাবে সেই মাইক্রোনিড্‌লৰ মাধ্যমেৰে যাতে ঔষধ ঠেলি আমাৰ শৰীৰত সুমুৱাই দিব পৰা যায়, তাৰ বাবে বনোৱা হ’ল মাইক্রোপাম্পো।

আক্ষৰিক অর্থত অভিনৱ এই দুটি উদ্ভাৱন কৰিছে খড়গপুৰৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’লজী (আইআইটি)’ৰ ইলেকট্রনিক্স এণ্ড ইলেকট্রিকেল কমিউনিকেচন ইঞ্জিনিয়াৰিং বিভাগে। সংশ্লিষ্ট গৱেষণা-পত্রখন প্রকাশিত হৈছে আন্তর্জাতিক বিজ্ঞান-জাৰ্নেল নেচা আৰু আইইইইত। গৱেষণাটো হৈছে কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি মন্ত্ৰালয় আৰু কেন্দ্রীয় ইলেকট্রনিক্স আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ৰ আর্থিক সাহায্যত৷

Micropump

আইআইটি ৱেষকসকলৰ কামৰ অভিনত্ব

ইঞ্জেকচন লোৱাৰ ভয় দূৰ কৰিবলৈ বিগত কেইবা দশকধৰি গৱেষণা চলিছে আমেৰিকাসহ পৃথিৱীৰ বিভিন্ন দেশত। ‘পেইনলেছ ইঞ্জেকচন ডিভাইচ’ আমেৰিকাত আৰম্ভও হৈছে। আৰম্ভ হৈছে আৰু কেইবাখনো দেশত। ভাৰততো যোৱা কেইবা বছৰে এনে উদ্যোগ লোৱা হৈছে। কিন্তু তাক সার্বজনীন কৰা সম্ভৱ হোৱা নাই। ইঞ্জেকচন দিয়াৰ প্রক্রিয়াক সম্পূৰ্ণ যন্ত্রণাহীন কৰাও সম্ভৱ হোৱা নাই, প্রয়োজনীয় প্রযুক্তিৰ অপৰ্যাপ্ততাত।

খড়গপুৰৰ আইআইটিৰ গৱেষকসকলৰ অভিনৱত্ব ইয়াতেই। তেওঁলোকে কেৱল যে সেই বেজীৰ ব্যাস অপ্রত্যাশিতভাবে কমাই চুলিতকৈও সৰু কৰি তুলিব পাৰিছে সেয়া নহয়; তাৰ শক্তিও কেইবা গুণে বৃদ্ধি কৰিব পাৰিছে৷ ফলত ছালৰ তলত সোমোৱাৰ সময়ত সেই বেজী ভাঙিও নাযায়।

মূল গৱেষক খড়গপুৰ আইআইটিৰ ইলেকট্রনিক্স এণ্ড ইলেকট্রিকেল কমিউনিকেচন ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক তৰুণকান্তি ভট্টাচার্যই কয়, ‘‘এডাল চুলিতকৈও সৰু হোৱা বাবে এই মাইক্রোনিড্‌লে শৰীৰত ফুটালে বিন্দুমাত্রও যন্ত্রণা অনুভৱ নহ’ব। কাৰণ, এই বেজী আকাৰত ইমানেই চুটি আৰু সৰু যে সি আমাৰ শৰীৰৰ স্নায়ুবোৰক (নার্ভ) চুবই নাপাব। আৰু সেইবোৰ যথেষ্ট মজবুত কৰি বনাব পাৰিছো আমি। সেয়ে ছালৰ তলত সোমোৱাৰ সময়ত সেই বেজী ভাঙিও নাযাব।’’

Tarunkanti Bhattacharjya

মাইক্রোনিড্‌লসমূহৰ বাহিৰৰ ব্যাস মাত্র ৫৫ মাইক্রোমিটাৰ। আৰু ভিতৰৰ ব্যাস ৩৫ মাইক্রোমিটাৰ। বজাৰত প্ৰচলিত মাইক্রোনিড্‌লসমূহতকৈ ৮ গুণ মজুবত কৰি এই বেজীসমূহ বনোৱা হৈছে। যাৰ ‘ষ্টিফনেছ’ প্রায় ৫ গুণ (৪.৮ গুণ)। ছাল ভেদন-শক্তি ৪১৮ গুণ বেছি। ইলাষ্টিকৰ দৰে প্রয়োজনত নিজকে বেঁকা কৰি নিব পৰা ক্ষমতা বজাৰত প্ৰচলিত মাইক্রোনিড্‌লতকৈ ৩৬৩ গুণ বেছি এই বেজীৰ। এই বেজীৰ মাধ্যমেৰে প্রতি ছেকেন্ডত ০.০১২ মাইক্রোলিটাৰ তৰল শৰীৰত সুমুৱাব পৰা যাব।

কোভিডৰ টীকা যেতিয়া আৰু কেইমাহমানৰ ভিতৰতেই বজাৰলৈ আহিবলৈ আগবাঢ়িছে, আৰু সেই টীকা যেতিয়া আমি সকলোৱেই কোনোবা নহয় কোনোবা এদিন ল’ব লাগিব, তেতিয়া কোনো যন্ত্রণা নোহোৱাকৈ তাক লোৱাৰ আশা সঞ্চাৰ কৰিলে খড়গপুৰ আইআইটিৰ গৱেষকসকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here