৪ বছৰ কৰ্মহীন ! অৱসাদ-সুৰাৰ নিচা আঁতৰাই পুনৰ জীৱনৰ ছন্দত ববী দেউল

0
79

# বিশেষ প্ৰতিবেদন #

ভাল সময়ৰ লগতে তাৰকাসকলৰ জীৱনলৈ দুঃসময়ো আহে। কিন্তু সেই দুঃসময় যদি দীঘলীয়া হয়, হতাশগ্ৰস্ততাই কোনোবা পৰ্যায়লৈকেও লৈ যায়৷ তেনে এক পর্বৰ মাজেদিয়ে জীৱন পাৰ কৰিবলগা হৈছিল ববী দেউলে।

এক সাক্ষাৎকাৰত ববী দেউলে নিজেই স্বীকাৰ কৰিছিল, তেওঁ এসময়ত সুৰাসক্ত হৈ পৰিছিল। নিজৰ ওপৰতেই তেওঁৰ দয়া উপজিছিল।

সম্প্রতি ৱেব ছিৰিজ, চিনেমাত কাম কৰিলেও এনে সময়ো গৈছে যেতিয়া ববী দেউল দীর্ঘ দিন কর্মহীন হৈ বহি থাকিবলগা হৈছিল।

পিতৃ ধর্মেন্দ্র আৰু ভাতৃ ছানি দেউলৰ তুলনাত সাফল্যৰ হিচাপত বহুখিনিয়েই পিছত ববী দেউল। কেৰিয়াৰৰ মাজপথত বহু কেইখন ছবি ফ্লপ হোৱাত সমসাময়িক নায়কসকলৰ তুলনাত পিছ পৰি ৰয় ববী।

তেওঁৰ অভিনয়ত অভিষেক অৱশ্যে শৈশৱতেই। ১৯৭৭ত ববী দেউলে শিশুশিল্পী হিচাবে অভিনয় কৰিছিল ‘ধৰমবীৰ’ ছবিত। ইয়াৰ পিছত নায়ক হিচাবে আত্মপ্রকাশ, ১৯৯৫ চনত ‘বৰসাত’ ছবিত।

ধর্মেন্দ্রৰ প্রযোজনাত ৰাজ কুমাৰ সন্তোষীৰ পৰিচালনাত ছুপাৰহিট হৈছিল ‘বৰসাত’। কিন্তু পিতৃৰ ছত্রছায়াত ব্লকবাষ্টাৰৰ সূত্রপাত হ’লেও পিছত পিছ পৰে ধর্মেন্দ্রৰ কনিষ্ঠ পুত্ৰ।

বক্স অফিচত ছবিৰ ব্যর্থতা সহ্য কৰিব নোৱাৰি এসময়ত অৱসাদগ্রস্ত হৈ পৰে ববী। ঘৰৰ চাৰিবেৰৰ মাজত সুৰাৰ নিচাই হৈ উঠে তেওঁৰ একমাত্র আশ্রয়।

ববীয়ে নিজেই জনায়, তেওঁ সেই সময়ত নিজকে বাহিৰৰ জগতখনৰ পৰা আঁতৰাই ৰাখিছিল। হয়তো আৰু অৱনতি হ’লহেঁতেন, যদি নিজেই নিজক সংযম নকৰিলেহেঁতেন।

পত্নী তন্যা আৰু দুই সন্তানৰ কথা ভাবি ববীয়ে নিজকে বুজাবলৈ আৰম্ভ কৰে। নিজৰ প্ৰচেষ্টাত ঘূৰি আহে জীৱন ছন্দলৈ।

জিমলৈ গৈ শৰীৰচর্চাৰ পিছত তেওঁ আলোচনা কৰে ইণ্ডাষ্ট্ৰীৰ মানুহবোৰৰ সৈতে। কামৰ সুযোগৰ বিষয়ে আলোচনা কৰে।

এটা সময়ত কাম আহিবলৈ আৰম্ভ কৰে। ববীয়ে ঠিক কৰে, সৰু-ডাঙৰ বিচাৰ নকৰি তেওঁ যিকোনো কামত ৰাজী হ’ব।

২০১০ৰ পিছৰ পৰাই ববী দেউলৰ কেৰিয়াৰ প্ৰায় থমকি গৈছিল। বছৰত এখনৰ বেছি ছবিত তেওঁ সুযোগ পোৱা নাছিল।

২০১৩ৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ চাৰি বছৰ তেওঁৰ হাতত কোনো কামেই নাছিল। ২০১৮ত অভিনয় কৰে ‘ৰেচ থ্রি’ত। যোৱা বছৰ ‘হাউছফুল ফ’ৰ’তো তেওঁক দেখা গৈছে।

কাম কৰিছে ‘ক্লাছ অব ’৮৩’ আৰু ‘আশ্রম’ ৱেব ছিৰিজতো। দর্শকৰ মতে, ববী দেউলে যেনেদৰে কামবেক কৰিছে, সেয়া প্রশংসনীয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here