আজি ২.৩০ বজাত সম্পন্ন হ’ব প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য : ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধা জ্ঞাপন

0
44

# নিউজ ডেস্ক #

আজি দিনৰ ২.৩০ বজাত সম্পূর্ণ ৰাষ্ট্রীয় মর্যাদাৰে দিল্লীৰ লোডী ৰোডৰ মহাশ্মশানত  শেষকৃত্য সম্পন্ন কৰা হ’ব প্রয়াত প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখাৰ্জীৰ। বৰ্তমান দিল্লীৰ ৰাজাজি মার্গত থকা বাসভৱনত ৰখা হৈছে তেওঁৰ মৃতদেহ। তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ বাসভৱনলৈ আহে ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ আৰু প্রধানমন্ত্রী নৰেন্দ্র মোডী। লগতে শাসক-বিৰোধী সকলো দলৰ ৰাজনৈতিক ব্যক্তিসকলৰ লগতে বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তিসকলেও তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয়৷

উল্লেখ্য প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত সাত দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্রই। এই কেইদিনত সকলো চৰকাৰী কাৰ্যালয় তথা অনুষ্ঠান-প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত ৰখা হ’ব।

আনহাতে, চিকিৎসাধীন অৱস্থাত প্রণৱ মুখাৰ্জী কোভিড পজিটিভ হোৱা বাবে তেওঁৰ শেষকৃত্য হ’ব কোভিডৰ সকলো প্রট’কল মানি। বিশেষভাৱে সজ্জিত সামৰিক বাহিনীৰ গাড়ীৰ পৰিৱৰ্তে মৃতদেহ শ্মশানলৈ নিয়া হ’ব বিশেষ গাড়ীত।

উল্লেখ্য, মৃত্যুৰ সময়ত কোভিড আক্ৰান্ত হোৱা বাবে তেওঁৰ বাসভৱনত শ্রদ্ধা জনাবৰ বাবে মৃতদেহৰ পৰিৱৰ্তে ৰখা হৈছে প্ৰণৱ মুখাৰ্জীৰ এখন ছবি। সেই ছবিতেই ফুল তথা মাল্যাৰ্পণ কৰি শেষ শ্রদ্ধা জনায় সকলোৱে। আজি প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীৰ উপৰি শ্রদ্ধা জনায় উপ-ৰাষ্ট্রপতি ভেঙ্কায়া নাইডু, প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী বিপিন ৰাৱাত, প্রাক্তন প্রধানমন্ত্রী মনমোহন সিং আৰু তেওঁৰ পত্নী, লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ চৌধুৰী, কংগ্রেছ সাংসদ ৰাহুল গান্ধী, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালসহ বহু নেতা-মন্ত্রী আৰু বিশিষ্ট ব্যক্তিসকল তথা সাধাৰণ জনতাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here