প্ৰণৱ মুখাৰ্জীৰ জীৱনৰ চমু আলোকপাত

0
57

ভাৰতৰ ৰাজনীতিত এটা যুগৰ অৱসান ঘটাই সোমবাৰে স্বৰ্গগামী হয় প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী৷ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে কালি গধূলি ৫.৪৬ত টুইট যোগে এই দুঃখবৰটো ৰাষ্ট্ৰক জনায়৷ দিল্লীৰ সেনা হস্পিটেলত ২২ দিনৰ জীৱন-মৃত্যুৰ যুদ্ধত অৱশেষত তেওঁ পৰাজয় স্বীকাৰ কৰিবলগা হয়৷ তেওঁৰ চমু জীৱনপঞ্জী ইয়াত উল্লেখ কৰা হ’ল৷

# নিউজ ডেস্ক #

  • ১১ ডিচেম্বৰ ১৯৩৫ত বীৰভূম জিলাৰ কীর্ণাহাৰৰ ওচৰৰ মিৰিটি গাঁৱত তেওঁৰ জন্ম। পিতৃ স্বাধীনতা সংগ্রামী কামদাকিঙ্কৰ মুখাৰ্জী। মাতৃৰ নাম ৰাজলক্ষ্মী মুখাৰ্জী।

 

  • শিক্ষা শিউড়িৰ বিদ্যাসাগৰ কলেজত। কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ৰাষ্ট্রবিজ্ঞান আৰু ইতিহাসত স্নাতকোত্তৰ। পিছত এলএলবি।

 

  • উচ্চ বৰ্গৰ সহায়ক হিচাবে কৰ্মজীৱন আৰম্ভ পোষ্ট এণ্ড টেলিগ্রাফত। শিক্ষকতা কৰে হাওৰা জিলাৰ বাঁকৰা ইছলামিয়া হাইস্কুলত আৰু পিছত বিদ্যানগৰ কলেজত।

 

  • ১৯৫৭ চনৰ ১৩ জুলাইত শুভ্রাদেৱীৰ সৈতে বিবিহ পাশত আবদ্ধ হয়।

 

  • ১৯৬০ চনৰ ২ জানুৱাৰীত প্রথম সন্তান অভিজিতৰ জন্ম।

 

  • ১৯৬৫ৰ ৩০ অক্টোবৰত জীয়ৰী শর্মিষ্ঠাৰ জন্ম। শর্মিষ্ঠাৰ উপৰি আৰু এহৰাকী পুত্ৰ আছে ইন্দ্রজিৎ।

 

  • ১৯৬৬ত অজয় মুখাৰ্জীৰ নেতৃত্বাধীন বংগ কংগ্রেছত যোগ দি ৰাজনীতিত প্ৰৱেশ।

 

  • জুলাই, ১৯৬৬ত পশ্চিমবঙ্গৰ পৰা কংগ্রেছৰ টিকটত ৰাজ্যসভাৰ সাংসদ। পিছত ১৯৭৫, ১৯৮১, ১৯৯৩ আৰু ১৯৯৯ চনতো ৰাজ্যসভালৈ নির্বাচিত হয়।

 

  • ১৯৭৩ চনত কেন্দ্রীয় উদ্যোগ উন্নয়ন ৰাজ্যিক মন্ত্রী হয়।

 

  • ১৯৮০ত কংগ্রেছৰ ৰাজ্যসভাৰ নেতা।

 

  • ১৯৮২ত একাধিক মন্ত্রালয়ৰ দায়িত্ব চম্ভালি প্রথমবাৰ কেন্দ্রীয় বিত্তমন্ত্রী।

 

  • ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত ৰাজীৱ গান্ধী মন্ত্ৰীসভাত স্থান নাপাই কংগ্রেছ ত্যাগ কৰি গঢ়ে ৰাষ্ট্রীয় সমাজবাদী কংগ্রেছ।

 

  • ১৯৮৯ চনত কংগ্রেছৰ লগত একত্ৰিত হয় তেওঁৰ দল।

 

  • ১৯৯১ চনত ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত পুনৰ ৰাজনীতিৰ জগতত উত্থান। প্রধানমন্ত্রী নৰসিংহ ৰাওে বহুৱায় পৰিকল্পনা আয়োগৰ ডেপুটি চেয়াৰপাৰ্ছন পদত।

 

  • ১৯৯৫ চনত ৰাও চৰকাৰৰ বিত্তমন্ত্রী।

 

  • ১৯৯৮ চনত সীতাৰাম কেশৰীক আঁতৰাই ছোনিয়া গান্ধীক কংগ্রেছ সভানেত্রী পতা মুখ্য ব্যক্তি।

 

  • ২০০৪ চনত জঙ্গিপুৰৰ পৰা জয়ী হৈ প্রথমবাৰ লোকসভাৰ সাংসদ। প্রতিৰক্ষামন্ত্রী হয় কংগ্রেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ।

 

  • ২০০৬ চনত মনমোহন সিং চৰকাৰৰ বিদেশমন্ত্রী।

 

  • ২০০৮ চনত পদ্মবিভূষণ।

 

  • ২০০৯ চনত পুনৰ বিত্তমন্ত্রী।

 

  • ২০১২ৰ পৰা সুদীর্ঘ ২৩ বছৰ কংগ্রেছ ৱৰ্কিং কমিটীৰ সদস্য আৰু ৯৫টাৰোঅধিক মন্ত্রীসভাৰ সদস্য থকাৰ পিছত দলীয় ৰাজনীতিৰ পৰা অৱসৰ। ইউপিএৰ প্রার্থী হিচাবে ত্রয়োদশ ৰাষ্ট্রপতি।

 

  • ১৮ আগষ্ট, ২০১৫ত পত্নী বিয়োগ।

 

  • ২৫ জুলাই, ২০১৭ত ৰাষ্ট্রপতি পদৰ পৰা অৱসৰ।

 

  • ৭ জুন, ২০১৮ত প্রথমবাৰ প্রাক্তন কোনো ৰাষ্ট্রপতি হিচাবে আৰএছএছৰ অনুষ্ঠানত বক্তৃতা প্ৰদান।

 

  • ২০১৯ চনত ভাৰতৰত্ন।

 

  • ২০২০ৰ ৩১ আগষ্টত জীৱনাৱসান।

LEAVE A REPLY

Please enter your comment!
Please enter your name here