৩০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিব ষ্টেট বেংকে

0
60

নিউজ ডেস্ক :

চলিত বছৰ আৰম্ভ হৈছিল বিএছএনএলৰ কৰ্মচাৰীক স্বেচ্ছামূলক (ভিআৰএছ) অৱসৰ প্ৰদানেৰে। আৰু শেষ হ’বলৈ আগবাঢ়িছে ষ্টেট বেঙ্কৰ স্বেচ্ছাসমূলক অৱসৰেৰে। লক্ষ্য এটাই, খৰচ কমোৱা। 

সূত্রৰ খবৰ মতে, অহা ১ ডিচেম্বৰৰ পৰা প্রায় ৩০,০০০ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ পৰিকল্পনা কৰিছে চৰকাৰী বেঙ্কটোৱে। ইতিমধ্যে প্ৰস্তুত হৈ গৈছে এই সংক্রান্ত প্রকল্পৰ (ছেকেণ্ড ইনিংছ টেপ ভিআৰএছ-২০২০) খচৰা। এই মুহূর্তত এইটো বেঙ্কৰ পৰিচালন পৰিষদৰ অনুমোদনৰ অপেক্ষাত আছে। 

কিন্তু এনেদৰে ভিআৰএছ দি মানুহ কমোৱাৰ এই পৰিকল্পনাৰ তীব্র বিৰোধিতা কৰিছে বিভিন্ন কৰ্মচাৰী সংগঠনে। বহুতৰেই মন্তব্য, কৰোনাৰ ফলত অনিশ্চয়তাই যেতিয়া জীৱন- যাপনক অধিক কঠিন কৰি তুলিছে, তেতিয়া ভিআৰএছ প্রকল্পৰ ঘোষণাই কৰ্মচাৰীসকলক অধিক চাপত পেলাব। কৰোনাৰ চাপত কৰ্মচাৰী ছাটাই কৰিছে এটাৰ পিছত আন এটা সংস্থাই। নিবনুৱাৰ সংখ্যা বৃদ্ধিত নিশাৰ টোপনি হেৰাইছে তৰুণ প্রজন্মৰ। খোদ মোডী চৰকাৰে খৰচ কমাবলৈ য’ত একেবাৰে নিয়োগ নকৰিলেই নহয়, সেইবোৰক বাদ দি সকলো মন্ত্ৰালয়, দপ্তৰ, ৰাষ্ট্ৰীয় বেঙ্ক আৰু সংস্থাক নতুন পদ সৃষ্টিৰ বন্ধৰ নির্দেশ দিছে। বেঙ্ক কৰ্মচাৰী সংগঠন নেচনেল অৰ্গেনাইজেচন অব বেঙ্ক ৱৰকাৰ্ছৰ উপ সভাপতি অশ্বিনী ৰাণাৰ দাবী, বর্তমান পৰিস্থিতিত এনেই মানুহৰ জীৱন-জীৱিকাক লৈ আশঙ্কা বাঢ়িছে। তাৰ মাজতে স্বেচ্ছাৱসৰৰ সিদ্ধান্তই ষ্টেট বেঙ্ক কর্তৃপক্ষৰ কৰ্মচাৰী বিৰোধী মনোভাবৰেই পৰিচয় দিয়ে।

উল্লেখযোগ্য যে ষ্টেট বেঙ্কত যোৱা বছৰ ২.৫৭ লাখ কৰ্মচাৰী আছিল। এই বছৰ মার্চত সেয়া কমি হয় ২.৪৯ লাখ। পৰিকল্পনা অনুসৰি, যিসকল কৰ্মচাৰী-বিষয়াই ২৫ বছৰৰ বেছি কাম কৰিছে অথবা যিসকলৰ বয়স ৫৫ বছৰৰ বেছি, চর্তসাপেক্ষে তেওঁলোক এই প্রকল্পৰ যোগ্য বুলি বিবেচিত হ’ব। সকলো মিলাই সেই সংখ্যা ৩০,১৯০। যিসকলৰ যিমান বছৰ চাকৰি আছে, তেওঁলোকে এক্স-গ্ৰেচীয়া হিচাপে সিমান দিনৰ ৫০% বেতন পাব। কিন্তু মুঠ হিচাব ভিআৰএছৰ সময়ৰ বেতনৰ ১৮ মাহৰ বেছি নহ’ব। সেয়ে কৰ্মচাৰী-বিষয়াসকলৰ এক তৃতীয়াংশই ভিআৰএছ ল’লে প্রায় ১,৬৬৩ কোটি টকা বচাব পাৰিব বেঙ্কটোৱে। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১৭ চনত ষ্টেট বেংকে তেওঁলোকৰ পাঁচটা শাখাৰ কৰ্মচাৰীসকলক স্বেচ্ছাৱসৰ দিছিল। তাৰ পূৰ্বে ২০০১ চনতো একেই পথ লৈছিল বেঙ্কটোৱে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here