অসমৰ ছাত্ৰ আন্দোলন

0
73

(৬)

গ্ৰুপিং-বিৰোধী আন্দোলনত ছাত্ৰ সমাজ

# অদীপ কুমাৰ ফুকন #

দেশে স্বাধীনতা লাভ কৰাৰ আগে আগে ধৰ্মৰ ভেটিত ভাৰতবৰ্ষ বিভাজন কৰিবলৈ গৈ ব্ৰিটিছ চৰকাৰে ভাৰতৰ পশ্চিমৰ মুছলমান প্ৰধান খণ্ড আৰু পূব ভাৰতৰ মুছলমান প্ৰধান খণ্ড লৈ দেশখনক গ্ৰুপত বিভক্ত কৰাৰ আঁচনি প্ৰস্তুত হৈছিল৷ ‘গ’ গ্ৰুপত অন্তৰ্ভুক্ত কৰি অসমক পূব পাকিস্তানৰ অন্তৰ্ভু্ক্ত কৰিবলৈ কৰা আঁচনি কাৰ্যকৰী হ’বলৈ যাওঁতে অসমত গ্ৰুপিং-বিৰোধী তীব্ৰ আন্দোলন আৰম্ভ হ’ল৷ সন্মুখৰ পৰা নেতৃত্ব দিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে৷ প্ৰেৰণা যোগালে মহাত্মা গান্ধীয়ে৷ মহাত্মা গান্ধীয়ে ক’লে, গ্ৰুপিং যদি মানি  লয় তেতিয়াহ’লে ক’ব লাগিব যে অসমত কোনো মানুহ নাই, আছে মাথোঁ বাওনা পোৱালি৷

গ্ৰুপিং-বিৰোধী আন্দোলনত সেই সময়ত কলিকতাত থকা অসমীয়া ছাত্ৰ সমাজৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ আছিল৷ ছাত্ৰ সমাজে অসমৰ বাহিৰত এই অঞ্চলৰ ৰাইজে সন্মুখীন হ’বলৈ যোৱা সমস্যাৰ প্ৰসংগত অৱগত কৰোৱাৰ লগতে প্ৰৱল জনমত গঠন কৰাৰ ক্ষেত্ৰত জড়িত হৈ পৰিছিল৷ পৰাগ চলিহাই অসমত গ্ৰুপিং-বিৰোধী আন্দোলনৰ পম খেদি উল্লেখ কৰিছিল এনেদৰে- ‘কলিকতা A.S.L. Club (পূৰ্বতে Assamese Students Literary Club আৰু বৰ্তমান Assamese Socio Literary Club) ১৮৭৩ত প্ৰতিষ্ঠা হোৱা কলিকতা প্ৰবাসী অসমীয়াসকলৰ একমাত্ৰ সামূহিক সাংস্কৃতিকমূলক অনুষ্ঠান৷ সেই কালছোৱাত আটাইতকৈ সৰহ সংখ্যক অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে কলিকতাত অধ্যয়ন কৰিছিল৷

আমি তেতিয়া কলিকতা বিশ্ববিদ্যালয়ৰ স্বাতকোত্তৰ মহলাৰ ছাত্ৰ (১৯৪৪-৪৬)৷ সেই সময়তে কেৱল কলিকতা প্ৰবাসী অসমীয়া ছাত্ৰ সংখ্যাই প্ৰায় ৯০০৷ ব’টানিকেল গাৰ্ডেনত মাঘ বিহু উপলক্ষে গোট খোৱা অসমীয়া প্ৰবাসীৰ সংখ্যা ১৩০০ মানলৈকে হৈছিল৷ এএছএল ক্লাবৰ তেতিয়াৰ সভাপতি আছিল হৰেশ্বৰ গোস্বামী, প্ৰধান সম্পাদক পৰাগ চলিহা আৰু সহ-সম্পাদিকা মেহেৰ আফৰোজ৷ গ্ৰুপিং-বিৰোধী আন্দোলনত এএছএল ক্লাবৰ ভূমিকা আছিল বিশেষ গুৰুত্বপূৰ্ণ৷ অসম কংগ্ৰেছে আহ্বান কৰা গ্ৰুপিং-বিৰোধী দিৱস ১৯৪৬ চনৰ ৫ জুনৰ দিনা কলিকতা মহাবোধি ছ’চাইটি হলত বিপুল উৎসাৰ-উদ্দীপনাৰে অনুষ্ঠিত হয়৷

সভাত সৰ্বসন্মতিক্ৰমে গৃহীত হোৱা প্ৰস্তাৱো আছিল এনেধৰণৰ : “আজি কলিকতা প্ৰবাসী সদৌ অসমীয়া ৰাইজে একেবাক্যে প্ৰস্তাৱিত মন্ত্ৰী মিছনৰ আঁচনি অনুসৰি কৰা মতে অসমৰ জনগণৰ প্ৰবল বিৰোধিতা সত্ত্বেও ‘গ’ প্ৰুগত বলেৰে জাপি দিব খোজা সৰ্বনাশী ব্যৱস্থাৰ বিৰুদ্ধে আৱশ্যক হ’লে সৰ্বতোভাৱে সংগ্ৰাম কৰিবৰ বাবে ঐকান্তিক ইচ্ছা প্ৰকাশ কৰে৷ এই সংগ্ৰামৰ বাবে সদ্যহতে আৱশ্যকীয় প্ৰচাৰ কাৰ্য চলাবলৈ থিৰ কৰি এই সভাই বিবেচনা কৰে যে অসম কংগ্ৰেছে ভাৰতীয় কংগ্ৰেছক স্পষ্ট ভাষাৰে জনাই দিয়ক যে অসমীয়াৰ ভাগ্যক বলি দি তেওঁলোকে ভাৰতৰ বাবে কোনো  শাসন-তন্ত্ৰ গঢ়ি তুলিবলৈ অন্ধভাৱে যাতে আগুৱাই নাযায়৷ স্বাধীন ভাৰতীয় ৰাষ্ট্ৰত অসমীয়া এটা সুকীয়া স্বাধীন জাতিভাৱে স্থান পাবই লাগিব৷ অসমীয়া জাতিৰ অমতে এখনি অনিষ্টকাৰ শাসন-তন্ত্ৰ জাপি দিলে অসমীয়াই ব্ৰিটিছ গৱৰ্ণমেণ্ট বা আন কোনো শক্তিৰ বিৰুদ্ধে আপ্ৰাণ যুঁজ কৰিব৷ এইটোও সিদ্ধান্ত হয় যে, এই প্ৰস্তাৱৰ সমল অতি শীঘ্ৰে কংগ্ৰেছ হাইকামাণ্ড, গান্ধীজী, পণ্ডিত নেহৰু, চৰ্দাৰ পেটেল, লৰ্ডপেথিক লৰেঞ্চ, ভাইচৰয় আৰু মিঃ জিন্নালৈ পঠোৱা হওক৷”

কলিকতীয়া ছাত্ৰসকলে গ্ৰুপিং-বিৰোধ সম্পৰ্কত কৰা আটাইতকৈ উল্লেখনীয় কামটো হ’ল কলিকতাৰ বিভিন্ন বাতৰি প্ৰতিষ্ঠানৰ সম্পাদক, সম্পাদিকা আদিৰ ঘৰে ঘৰে বাৰে বাৰে গৈ অসমৰ সমস্যা সন্দৰ্ভত প্ৰবল জনমত গঠন কৰিবৰ বাবে কলিকতাৰ কাগজবিলাকত প্ৰচাৰৰ পৰিৱেশ সৃষ্টি কৰা আৰু বিভিন্ন তথ্য-পাতিৰে সমল যোগোৱা৷ এই বাতৰি কাকতসমূহৰ ভিতৰত আটাইতকৈ ব্যাপক প্ৰচাৰ দিছিল কমিউনিষ্ট পাৰ্টিৰ মুখপাত্ৰ ‘স্বাধীনতা’ কাকতে৷ কাকতৰ সম্পাদক আছিল প্ৰখ্যাত কমিউনিষ্ট নেতা সোমনাথ লাহিড়ী৷ অমৃত বজাৰ, আনন্দবাজাৰ আদি পত্ৰিকাতো গ্ৰুপিং গঠন সম্পৰ্কীয় বাতৰি নোলোৱা নহয়৷

কিন্তু সজোৰে অসমৰ ন্যায্য দাবী উপস্থাপিত কৰিছিল ‘স্বাধীনতা’ কাকতেহে৷ সেই কাকতত ‘বাংলা ও আসাম সম্পৰ্কে মতেভেদ’ আখ্যাৰে এটা নতুন শিতান খুলি তাৰ বাঁওফালৰ কলমত শ্ৰীহট্ট কাছাৰৰ বঙালীসকলৰ বঙ্গৰ লগত অন্তৰ্ভুক্ত হোৱাৰ সম্পৰ্কে আৰু আনটো শিতানত অসমীয়া নেতাৰ প্ৰৱল বিৰোধিতা দেখুৱাই মুকলি আন্দোলনৰ সুযোগ উলিয়াইছিল৷ গুৱাহাটীত হোৱা গ্ৰুপিং-বিৰোধী আন্দোলনৰ কথা কৈ কাকতত এনে শিৰোনাম প্ৰকাশ কৰা হৈছিল : “স্বাধীন ভাৰতে স্বাধীন আসাম চায়”৷’

গ্ৰুপিং-বিৰোধী আন্দোলনত ছাত্ৰ সমাজৰ হৈ জড়িত পৰাগ চলিহাই প্ৰকাশ কৰে এনেদৰে, “প্ৰবাসী ছাত্ৰসকলে হাতত ল’লে গ্ৰুপিং গঠন সম্পৰ্কীয় পুস্তিকা প্ৰকাশ কৰিবলৈ৷ এখন ইংৰাজীত নাম দিয়া হ’ল Assam rejects Compulsory grouping; তাৰে বঙালী সংস্কৰণ ‘বাধ্যতামূলক গ্ৰুপিংকে আসামেৰ বিৰোধিতা’৷ বিবিধ তথ্য-পাতিৰে প্ৰতিষ্ঠা কৰা হ’ল যে অসমৰ মুঠ জনসংখ্যাৰ মাত্ৰ এক-তৃতীয়াংশহে মুছলমান আৰু সেই অৰ্থে জিন্নাই মুছলমান গৰিষ্ঠ অঞ্চল বুলি অসমক আৰু ইপিনে গোটেই বংগকে একাকাৰ কৰি কেতিয়াও সাঙুৰি ল’ব নোৱাৰে৷”

এই পুস্তিকাসমূহৰ ইংৰাজী সংকলন ৫,০০০ আৰু বঙালী ৮,০০০ কপি ছপাই মহাত্মা গান্ধীকে প্ৰমুখ্যে কৰি ভাৰতীয় নেতৃবৰ্গৰ উপৰি গৱৰ্ণৰ জেনেৰেল, ছেক্ৰেটাৰী অব ষ্টেট ফৰ ইণ্ডিয়া, ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী, জিন্না আৰু লাহোৰৰ বাতৰিকাকত Daily, দিল্লী ভেনগাৰ্ড, বম্বেৰ বম্বে ক্ৰনিকল, ফ’ৰাম, এলাহাবাদৰ লীডাৰ, মাদ্ৰাজৰ হিন্দু আৰু বম্বেৰ টাইমছ অব ইণ্ডিয়ালৈ পঠোৱা হ’ল৷ কেইবাখনো বাতৰিকাকতত আমাৰ পুস্তিকাৰ কিয়দংশ প্ৰকাশিত হৈছিল৷ অকল সেয়ে নহয়, ভাৰতৰ বিভিন্ন ৰাজনৈতিক, সামাজিক আৰু ছাত্ৰ অনুষ্ঠানলৈও পুস্তিকা পঠাই অসমৰ সমস্যা সকলোৰে বোধগম্য কৰি তুলিবলৈ চেষ্টা কৰা হৈছিল৷ কিয়নো সেই সময়ত অসমৰ বিষয়ে ভাৰতৰ আন আন অঞ্চলৰ জ্ঞান বৰ্তমানতকৈও দুখলগা বিধৰ আছিল৷

আৰু আমাৰ প্ৰচাৰেই খুব সম্ভৱ অসমৰ জাতীয় জাগৰণৰ ক্ষেত্ৰত অসমৰ বাহিৰে অখণ্ড ভাৰতৰ পোনপ্ৰথম অভিযান আছিল৷ এই পুস্তিকা যুগুত কৰা ছাত্ৰসকলৰ ভিতৰত আছিল যোগেন শইকীয়া ভূতপূৰ্ব মন্ত্ৰী, কৃষ্ণ বৰকাকতী, প্ৰমোদ বৰ্মন, অশ্বিনী বৰুৱা আৰু বীৰেণ ভট্টাচাৰ্য, ইংৰাজী খণ্ডৰ বাবে আৰু বাংলা অনুবাদৰ বাবে সহপাঠী প্ৰবোধ কুমাৰ বসুৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ অসমীয়া ছাত্ৰসকলে ইংৰাজী আৰু বাংলা শ্লোগান ডাঙৰ ডাঙৰ হৰফেৰে লিখি কলিকতাৰ ঘাই ঘাই পথবিলাকত কেইবাদিনো শোভাযাত্ৰা কৰি লৈ ফুৰিছিল৷ শ্লোগানসমূহ আছিল-

  • Free Assam is a free India – স্বাধীন ভাৰতে স্বাধীন আসাম চায়;
  • Vindicate Democracy by supporting Assam’s self determination – আসামেৰ আত্মনিয়ন্ত্ৰণ সমৰ্থন কৰলে গণতন্ত্ৰেৰ সাৰ্থকতা হ’বে;
  • Forced grouping will be answered by blood of Assamese youth – বাধ্যতামূলক গ্ৰুপিঙেৰ উত্তৰ দেবে আসামেৰ যুৱক ৰক্ত দিয়ে;
  • Rise above petty provincialism – প্ৰাদেশিক স্বাৰ্থৰে উৰ্ধে দৃষ্টি ন্যস্ত কৰুণ;
  • Brothers of Bengal defend the honor of their neighbor – বাংলা ভাই বোনেৰা অপনাৰা কি প্ৰতিবেশী অসমীয়াৰ সন্মান ৰাখবেন না;
  • Assam has faced enough imperialist bullet, it can face more – আসাম সাম্ৰাজ্যবাদী বহুত বুলেত হজম কৰতেছি, আৰত কৰবাৰ জন্যে তাৰা প্ৰস্তুত;

ইংৰাজী শ্লোগানবোৰ ৰচনা কৰিছিল জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ ভট্টাচাৰ্যই আৰু বঙালী অনুবাদ কৰিছিল কবি প্ৰবোধ বসুৱে৷ অসমীয়াৰ ছাত্ৰ সমাজৰ লগতে অসমীয়া ৰাইজৰ ত্যাগ অথলে নগ’ল৷ মন্ত্ৰী মিছনৰ গ্ৰুপিং গঠনৰ প্ৰস্তাৱ বহু পৰিমাণে সংশোধিত হ’ল৷ অসমত কেৱল শ্ৰীহট্ট জিলাত গণভোট অনুষ্ঠিত হ’ল৷ গণভোটত সৰহ সংখ্যকে পূব পাকিস্তানত যোগ হ’বলৈ ইচ্ছা কৰিলে৷ অসমে গ্ৰুপিঙৰ গৰাহৰ পৰা উদ্ধাৰ পালে৷

ফোনঃ ৯৭০৭০-২৪৬১২

(প্ৰতি মঙলবাৰে প্ৰকাশিত)

LEAVE A REPLY

Please enter your comment!
Please enter your name here