নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছে পৰাজয় স্বীকাৰ কৰিলে : ৰাজ্যিক বিজেপি

0
55

# নিউজ ডেস্ক #

ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে জনোৱা প্ৰত্যাহ্বানৰ ওচৰত হাৰ মানিলে কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই। উল্লেখ্য যে ২০২১ত বিজেপিয়ে অসমত ভবামতে আসন লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰিলে সভাপতি ৰণজিৎ দাসে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল৷ আনহাতে, ৰিপুণ বৰাকো একেই পণ ল’বলৈ প্ৰত্যাহ্বান জনাইছিল। ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই নিজৰ নিৰ্বাচনত হাৰিলেও কংগ্ৰেছে ৰাইজৰ লগত থাকি কাম কৰি যাব বুলি ব্যক্ত কৰে৷ ইয়াৰ দ্বাৰা ৰিপুণ বৰাৰ দুৰ্বলতা প্ৰকাশ পোৱা বুলি ৰাজ্যিক বিজেপিয়ে উল্লেখ কৰে৷ আনহাতে, ৰণজিৎ দাসৰ তুলনাত ৰিপুণ বৰা যে তেনেই নিশকতীয়া তাকো প্ৰতিপন্ন কৰে। আজি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধি এনেদৰে কয়।

কংগ্ৰেছ দলক উভতি ধৰি ৰূপম গোস্বামীয়ে কয় যে কংগ্ৰেছৰ দিনত এমজি এনৰেগা, স্কুল প্ৰাদেশীকৰণ আদিৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি হৈছিল। আনকি বিজেপিৰ সমালোচনা সদায়েই মুখত থকা ৰিপুণ বৰা শিক্ষা মন্ত্ৰী হৈ থকা সময়তো ১৯৯১ চনৰ পৰা অসমৰ ৰাইজে দাবী কৰি থকা স্কুল প্ৰাদেশীকৰণ কৰিবলৈ সামৰ্থ্য হোৱা নাছিল, যিটো বিজেপি চৰকাৰে মাত্ৰ ৪ বছৰতে সম্ভৱ কৰি তুলিছিল। তদুপৰি, কংগ্ৰেছৰ দিনত এমজি এনৰেগা আঁচনিত ব্যাপক অনিয়ম ঘটিছিল। এই আঁচনিৰ টকা তেওঁলোকে বলেৰ’ গাড়ী কিনি জিলাই জিলাই বিলাইছিল বুলি প্ৰকাশ কৰিছিল কংগ্ৰেছৰ সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী স্বয়ং জয়ৰাম ৰমেশে। কিন্তু বিজেপি চৰকাৰৰ দিনত এমজি এনৰেগা আঁচনিৰ অধীনত ৬৫০ লাখ কৰ্মদিন ধার্য কৰি প্ৰায় ২১৮ লাখ কৰ্ম দিন সম্পূৰ্ণ কৰিছে, ১১ লাখ পৰিয়ালে কৰ্মসংস্থাপন পাবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকে বেংক একাউণ্ট যোগে ৪৬৬ কোটি টকা পাবলৈ সক্ষম হৈছে। ১৫ বছৰীয়া শাসনত কংগ্ৰেছে কেগৰ প্ৰতিবেদনৰ ৪৭ হাজাৰ কোটি টকাৰ ব্যৱহৃত প্ৰমাণ-পত্ৰ দিবলৈ অসমৰ্থ হোৱাৰ বিপৰীতে বিজেপি চৰকাৰে চাৰি বছৰতে ইয়াৰ পৰিমাণ যথেষ্ট হ্ৰাস কৰিবলৈ সমৰ্থ হৈছে। ইয়েই প্ৰতিপন্ন কৰে যে বিজেপি চৰকাৰে চাৰে চাৰি বছৰৰ ভিতৰতে সামগ্ৰিক উন্নতি ঘটাই যথেষ্ট পাৰদৰ্শিতা আৰু ফলপ্ৰসূভাৱে কাম কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছ দলে ১৫টা বছৰত অসমৰ যি উন্নতি কৰিলে, তাতকৈ চাৰি গুণ বেছি উন্নতি বিজেপি মিত্ৰজোঁট চৰকাৰে মাত্ৰ চাৰি বছৰতে কৰিলে বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ সম্পৰ্কত মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে  তেওঁলোক একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। তেওঁলোকৰ মিত্ৰতা পূৰ্বৰ পৰাই আছে৷ আগতে পৰোক্ষভাৱে আছিল বৰ্তমানে প্ৰত্যক্ষভাৱে কৰিব বিচাৰিছে। কিন্তু নিৰ্বাচনৰ পূৰ্বেই এই মিত্ৰজোঁটে অস্ত্ৰ সম্বৰণ কৰি পলাই পত্ৰং দিলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here