অনলাইন-অফলাইন উভয় পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী আছুৰ

0
80

# নিউজ ডেস্ক #

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ নেতৃত্বত আছুৰ এটি প্ৰতিনিধি দলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈক সাক্ষাৎ কৰে৷ সাক্ষাৎকালত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ পৰীক্ষাসমূহ অফলাইন পদ্ধতিৰে অনুষ্ঠিত কৰাৰ জাননী প্ৰকাস কৰাৰ ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে উপাচাৰ্যক সাক্ষাৎ কৰি কয় যে এই কৰোনা মহামাৰীৰ সংক্ৰমণৰ সময়ত অফলাইন পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰাটোত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল তীব্ৰ আশংকাত ভুগিছে৷

স্নাতক পৰ্যায়ৰ চূড়ান্ত ষান্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব বিচৰাটো আদৰণীয় যদিও বৰ্তমান সময়ত কৰোনাৰ যিটো হাৰত সংক্ৰমণ ঘটিছে তেনে ক্ষেত্ৰত অফলাইন পৰীক্ষা কোনো কাৰণতে সুৰক্ষামূলক নহয় বুলি প্ৰতিনিধি দলটোৱে উপাচাৰ্যক অৱগত কৰায়৷ ইয়াৰ সলনি অনলাইন আৰু অফলাইন উভয় পদ্ধতিতে ‘অপেন বুক এক্সামিনেচন’ পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়ায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here