কঙ্গনাৰ অফিচ ভঙাত স্থগিতাদেশ ব’ম্বে হাইকোর্টৰ

0
51

# নিউজ ডেস্ক #

অভিনেত্রী কঙ্গনা ৰানাৱটৰ অফিচ ভঙাৰ ক্ষেত্ৰত স্থগিতাদেশ দিলে ব’ম্বে হাইকোর্টে।  অর্থাৎ বুধবাৰে দুপৰীয়াৰ পৰা পালি হিলত কঙ্গনাৰ মণিকর্ণিকা ফিল্মছৰ কাৰ্যালয় ভঙাৰ যি কাম আৰম্ভ কৰিছিল বৃহত্তৰ মুম্বাই পোৰসভাই, সেই কাম বন্ধ ৰাখিব লাগিব বিএমচিয়ে। তাৰ লগতে মুম্বাই পৌৰসভাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি অভিনেত্ৰীগৰাকীয়ে আদালতে যি আবেদন জমা দিছি, বৃহন্মুম্বাই পৌৰসভা কর্তৃপক্ষক তাৰো উত্তৰ দিবলৈ নির্দেশ দিছে আদালতে।

উল্লেখ্য যে মহাৰাষ্ট্র চৰকাৰৰ সৈতে সংঘাত জীয়াই ৰাখিয়েই আজি মুম্বাইলৈ ঘূৰি আহিছে কঙ্গনা। তাৰ মাজতেই আজি দুপুযৰীয়া তেওঁৰ  অফিচ ভাঙিবলৈ আৰম্ভ কৰি দিয়ে বৃহত্তৰ মুম্বাই পৌৰসভাই (বিএমচি)। তাকে লৈ ব’ম্বে হাইকোর্টৰ দ্বাৰস্থ হয় অভিনেত্রীগৰাকী। তাৰ ভিত্তিতে আজি নির্মাণ ধ্বংসৰ ওপৰত স্থগিতাদেশ দিয়ে আদালতে। 

উল্লেখ্য যে বেআইনী নির্মাণৰ অভিযোগ তুলি কালি পালি হিলত কঙ্গনাৰ মণিকর্ণিকা ফিল্মছৰ এক কাৰ্যালয়ৰ বাহিৰত জাননী আঁৰি দিয়ে বিএমচিয়ে। ২৪ ঘণ্টাৰ ভিতৰত সেই জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছিল অভিনেত্রীগৰাকীক। বুধবাৰে পুৱা পর্যন্ত উত্তৰ আহি নোপোৱাত আজি দুপৰীয়া বুলডজাৰ লৈ অফিচ ভঙাৰ কাম আৰম্ভ কৰি দিয়ে বিএমচিয়ে। অফিচৰ বাহিৰত মোতায়েন কৰা হয় আৰক্ষী বাহিনীও।

ইফালে এই বিষয়টোক লৈ টুইটাৰত সৰৱ হয় কঙ্গনা। মুম্বাই আৰক্ষীক মোগল সাম্রাজ্যৰ প্রতিষ্ঠাতা বাবৰৰ লগত তুলনা কৰি তেওঁ লিখে, ‘‘মণিকর্ণিকা ফিল্মছৰ অধীনত প্রথমে অযোধ্যা নামৰ এখন ছবিৰ ঘোষণা হয়। আমাৰ বাবে সেইটো কেৱল মাত্র ইটা-শিলৰ কোনো ঘৰ নহয়, বৰং ৰামমন্দিৰৰ সমান। আজি তালৈ বাবৰ আহিছে। পুনৰ ইতিহাসৰ পুনৰাবৃত্তি হ’বলৈ আগবাঢ়িছে। পুনৰ ভঙা হ’ব ৰামমন্দিৰ। কিন্তু এটা কথা মনত ৰাখা বাবৰ, মন্দিৰ পুনৰ গঢ়ি উঠবই। জয় শ্রী ৰাম, জয় শ্রী ৰাম।’’

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here