অৱশেষত ভাৰতীয় বায়ুসেনাত অন্তর্ভুক্ত ৰাফেল যুদ্ধ বিমান

0
48

# নিউজ ডেস্ক #

লাডাখ সংঘাতৰ পৰিপ্ৰেক্ষিপ্ততে ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ’ল ফৰাচী যুদ্ধ বিমান ৰাফেল। দীর্ঘ প্রতীক্ষাৰ অন্তত যোৱা ২৯ জুলাইত ভাৰতৰ মাটি চুইছিল ফ্রান্সৰ পৰা অহা পাঁচখন মাল্টিৰোল ফাইটাৰ জেট।। অত্যাধুনিক অস্ত্রসম্ভাৰেৰে সম্পূৰ্ণ সুসজ্জিত হৈ বৃহস্পতিবাৰে পুৱা হাৰিয়ানাৰ আম্বালা বিমানঘাটিত আনুষ্ঠানিকভাবে বিমানকেইখনে ভাৰতীয় বায়ুসেনাৰ কামত যোগ দিলে। বায়ুসেনাৰ মুখপাত্র উইং কমাণ্ডাৰ ইন্দ্রনীল নন্দীয়ে কয়, ‘‘ফৰাচী যুদ্ধ বিমান কেইখন হাৰিয়ানাৰ আম্বালাৰ ১৭ নম্বৰ গল্ডেন এয়াৰো স্কোৱাড্রনৰ অন্তর্ভুক্ত হ’ব।’’

ভাৰতীয় বায়ুসেনাৰ নীতি মতেই সর্বধর্মীয় প্ৰাৰ্থনা আৰু ছাৰাং এৰ’বেটিক টিমৰ ‘এয়াৰ শ্ব’ অনুষ্ঠিত হয় ‘ৰাফেল অন্তর্ভুক্তি অনুষ্ঠান’ত৷ ‘এয়াত শ্ব’ত অংশ লয় ৰাফেল, জাগুৱাৰ, সুখই-৩০, তেজস যুদ্ধবিমান আৰু এমআই-১৭ আৰু ধ্ৰুৱ কপ্টাৰ।

আম্বালাৰ বায়ুসেনা ঘাটিত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং, ফৰাচী প্রতিৰক্ষামন্ত্রী ফ্লোৰেন্স পার্লে, চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাত, ভাৰতীয় বায়ুসেনাৰ প্রধান এয়াৰ চীফ মার্শাল আৰ কে এছ ভদৌৰিয়া আৰু প্রতিৰক্ষা সচিব অজয় কুমাৰ, ফৰাচী বিমানবাহিনীৰ উপ-প্রধান এৰিক এটলে আৰু ৰাফেল নির্মাতা কোম্পানী ডাছো এভিয়েচনৰ প্রতিনিধিসকল।

উল্লেখ্য যে যোৱা ২৯ জুলাইত হাৰিয়ানাৰ আম্বালাত ভাৰতীয় বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰে পাঁচখন ৰাফেল। বিমান কেইখন ফ্রান্সৰ পৰা উৰাই আনিছিল ভাৰতীয় বায়ুসেনাৰ পাইলটসকলে। আম্বালা ঘাটিত তেওঁলোকক স্বাগতম জনাইছিল স্বয়ং এয়াৰ চীফ মার্শালে। যোৱা বছৰৰ অক্টোবৰত ফ্রান্স ভ্ৰমণলৈ গৈ ৰাজনাথ সিঙে বোর্দোৰ ৰাফেল উৎপাদন কেন্দ্র পৰিদর্শন কৰে। তাতেই আনুষ্ঠানিকভাবে প্রথম ৰাফেল বিমানৰ ‘ছাবি’ লাভ কৰে ৰাজনাথ সিঙে। দশেৰাত নীতি-নিয়ম পালন কৰি অস্ত্র পূজা কৰি তেওঁ সেই যুদ্ধ বিমানত উঠে।

২০১৬ চনত হোৱা ৫৯ হাজাৰ কোটি টকাৰ চুক্তি অনুযায়ী ফান্সৰ পৰা মুঠ ৩৬খন ৰাফেল বিমান কিনিব ভাৰতে। বাকী ৩১খন ২০২২ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ভাৰতত উপস্থিত হ’ব। ভাৰতীয় বায়ুসেনাৰ দুখন ৰাফেল স্কোয়াড্রনৰ ভিতৰত প্রথমটো ঠিকনা হাৰিয়ানাৰ আম্বালা। দ্বিতীয়টো হ’ব উত্তৰবঙ্গৰ হাছিমাৰা বায়ুসেনা ঘাটিত। অহা নৱেম্বৰত দ্বিতীয় পৰ্যায়ত আৰুও পাঁচখন ৰাফেল ভাৰতত উপস্থিত হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here