এদিনত ৯৫ হাজাৰ ! দেশত কৰোনা সংক্ৰমণৰ নতুন ৰেকৰ্ড

0
54

# নিউজ ডেস্ক #

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৯৫ হাজাৰ ৭৩৫ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে। এই সময়ছোৱাত আমেৰিকা আৰু ব্রাজিলত নতুন আক্রান্তৰ সংখ্যা যথাক্রমে ৩২ হাজাৰ ৯২৯ আৰু ৮৯ হাজাৰ ৭০৬ জন। আমেৰিকাত দৈনিক সংক্রমণত নিয়ন্ত্রণে আহিলেও, বিগত তিনি ধৰি ব্রাজিলত পুনৰ বাঢ়িছে। ৮৯ হাজাৰ বৃদ্ধি ব্রাজিলত এই পৰ্যন্ত সর্বোচ্চ। অৱশ্যে ভাৰতৰ সংক্রমণ বৃদ্ধি এই দুয়োখন দেশতকৈ বেছি। এই ধাৰা বিগত প্রায় এটা মাহ ধৰি অব্যাহত আছে।

প্ৰায় ৯৫ হাজাৰ বৃদ্ধিৰ ফলত দেশত বৰ্তমান মুঠ আক্রান্তৰ সংখ্যা ৪৪ লাখ ৬৫ হাজাৰ ৮৬৩ জন। প্রথম স্থানত থকা আমেৰিকাত এই সংখ্যা ৬৩ লাখ ৫৯ হাজাৰ আৰু তৃতীয় স্থানত থকা ব্রাজিলত মুঠ আক্রান্ত ৪৩ লাখ ৭০ হাজাৰ।

ইফালে যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্রত ২৩ হাজাৰ, অন্ধ্রপ্রদেশত ১০ হাজাৰ আৰু কর্নাটকত ৯ হাজাৰ ৫৪০ জন নতুনকৈ সংক্ৰমিত হৈছে। উত্তৰ প্রদেশতো দৈনিক আক্রান্ত বিগত কেইবা দিনো ধৰি চাৰে ছয় হাজাৰ অতিক্ৰম কৰি গৈছে। দৈনিক সংক্রমণত নতুনকৈ চিন্তা বাঢ়িছে দেশৰ ৰাজধানী দিল্লীত। জুলাইয়ৰ শেষ আৰু আগষ্টত ৰাজ্যখনত দৈনিক সংক্রমণ কমি এক হাজাৰৰ ঘৰলৈ নামিছিল। যোৱা কেইদিনত সেয়া পুনৰ বাঢ়িছে। ২৪ ঘণ্টাত নতুন সংক্রমণ ৪ হাজাৰ অতিক্ৰম কৰিলে। পশ্চিমবঙ্গ আৰু বিহাৰত নতুন সংক্রমণ একেই হাৰত থাকিলেও তেলেঙ্গানা, অসম, ওড়িশাত দৈনিক নতুন সংক্রমণে চকু কপালত উঠাইছে। কেৰালা, হাৰিয়ানা, পঞ্জাব, ঝাড়খণ্ড ছত্তীশগড়তো আক্রান্ত উল্লেখযোগ্য হাৰত বাঢ়িছে।

দৈনিক সংক্রমণৰ উপৰি দৈনিক মৃত্যুতো অন্যান্য দেশতকৈ আগত ভাৰত। মুঠ মৃত্যুৰ হিচাবত বিশ্বৰ তৃতীয় স্থানত থাকিলেও, প্রথম আৰু দ্বিতীয় স্থানত থকা আমেৰিকা আৰু ব্রাজিলৰ তুলনাত ভাৰতত মুঠ মৃত্যু বহুখিনি কম। অৱশ্যে সেই দেশসমূহৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰো বহু কম। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত কৰোনাৰ ফলত মৃত্যু হৈছে ১ হাজাৰ ১৭২ জনৰ। ইয়াকে লৈ দেশত মুঠ ৭৫ হাজাৰ ৬২ জনৰ প্রাণ কাঢ়িলে কৰোনা ভাইৰাছে। ইয়াৰ ভিতৰত মহাৰাষ্ট্রতেই মৃত্যু হৈছে ২৭ হাজাৰ ৭৮৭ জন। দ্বিতীয় স্থানত থকা তামিলনাডুত ৮ হাজাৰ অতিক্ৰম কৰাৰ বিপৰীতে তৃতীয় স্থানত থকা কর্নাটকত মৃত্যুৰ সংখ্যা ৬ হাজাৰ ৮০৮। দেশৰ ৰাজধানীত এই সংখ্যা ৪ হাজাৰ ৬৩৮। অন্ধ্রপ্রদেশ (৪,৬৩৪), উত্তৰ প্রদেশ (৪,১১২), পশ্চিমবঙ্গ (৩,৭৩০) আৰু গুজৰাট (৩,১৪৯) মৃত্যু তালিকাত ওপৰৰ ফালে আছে। পঞ্জাবত মুঠ মৃত্যুৱে আজি ২ হাজাৰ অতিক্ৰম কৰিছে। মধ্যপ্রদেশ (১,৬৪০), ৰাজস্থানত (১,১৭৮) মুঠ মৃত্যু বৃদ্ধি পাই আছে। ইয়াৰ পিছত তালিকাত আছে তেলেঙ্গানা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, বিহাৰ, ওড়িশা, ঝাড়খণ্ড, ছত্তীশগড়, উত্তৰাখণ্ড, গোৱা, পুডুচেৰী আৰু ত্রিপুৰাৰ দৰে ৰাজ্যবোৰ।

আক্রান্ত আৰু মৃত্যুৰ সংখ্যাৰ মাজতেই আশাৰ কিৰণ কোভিড ৰোগী সুস্থ হৈ উঠাটো। এই পর্যন্ত দেশত মুঠ ৩৪ লাখ ৭১ হাজাৰ ৭৮৩ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। অর্থাৎ দেশত মুঠ আক্রান্তৰ ৭৭.৭৪ শতাংশই সুস্থ হৈছে। যোৱা ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ৭২ হাজাৰ ৯৩৯ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশৰ সংক্রমণ হাৰ ৮.৪৭ শতাংশ। এই সময়ছোৱাত দেশত পৰীক্ষা হৈছে ১১ লক্ষ ২৯ হাজাৰ ৭৫৬ জনৰ।

কোভিডত আক্রান্ত আৰু মৃত্যু দুয়োখন তালিকাতেই আৰম্ভণিৰ পৰা শীর্ষত আছে মহাৰাষ্ট্র। ৰাজ্যখনত মুঠ আক্রান্ত ৯ লাখ ৬৭ হাজাৰ। দ্বিতীয় স্থানত থকা অন্ধ্রপ্রদেশত মুঠ আক্রান্ত আজি ৫ লাখ ২৭ হাজাৰ। তামিলনাডুত ৪ লাখ ৮০ হাজাৰ। কর্নাটকত মুঠ সংক্রমিত ৪ লাখ ২১ হাজাৰ। উত্তৰ প্রদেশত ২ লাখ ৮৫ হাজাৰ। দিল্লীত ২ লাখ অতিক্ৰম কৰিছে। পশ্চিমবঙ্গত ১ লাখ ৯০ হাজাৰ, বিহাৰত ১ লাখ ৫২ হাজাৰ আৰু তেলেঙ্গানাত ১ লাখ ৫০ হাজাৰ। অসম আৰু ওড়িশাত মুঠ আক্রান্ত ১ লাখ ৩৫ হাজাৰ আৰু ১ লাখ ৩৩ হাজাৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here