অকালতে বুঢ়া হ’ব খোজে নেকি? তেনেহ’লে এৰাই চলক এই ধৰণৰ খাদ্যাভ্যাস

0
61

# স্বাস্থ্য বাৰ্তা #

ওজন বৃদ্ধি স্বাস্থ্যহানিৰ এক প্রধান কাৰণ। অতিৰিক্ত‘জাঙ্ক ফুড’ খোৱাৰ ফলতেই ওজন বৃদ্ধিৰ সমস্যাই দেখা দিয়ে। ক্রমাগত ওজন বৃদ্ধি, দীর্ঘস্থায়ী ৰোগৰ একমাত্র প্রধান কাৰণ হ’ব পাৰে।
জাঙ্ক ফুড সম্পর্কিত অনেক গৱেষণাত কোৱা হৈছে যে, এই ধৰণৰ খাদ্য গ্রহণৰ ফলত বার্ধক্যৰ প্রক্রিয়া ত্বৰান্বিত হয়। মুখৰ স্বাদ সলনি কৰিবলৈ বহুতেই জাঙ্ক ফুড খাবলৈ আৰম্ভ কৰে। পিছ ই অভ্যাসত পৰিণত হয়। তেতিয়া এই সোৱাদ সলনি কৰাৰ নিচাৰ পৰা মুক্তি পোৱা অসম্ভৱ হৈ পৰে। অতিৰিক্ত মাত্রাত জাঙ্ক ফুড গ্রহণৰ ফলত স্বাস্থ্যৰ কিমান ক্ষতি হয় তাক প্ৰথমতে জনা দৰকাৰ।

আমেৰিকান জার্নেল অব ক্লিনিকেল নিউট্রিচনত প্রকাশিত এটি গৱেষণা অনুসৰি, চেনি আৰু অত্যধিক প্রক্রিয়াকৰণ কৰা খাদ্য গ্ৰহণৰ কাৰণে টেলোমাৰ সৰু হৈ যোৱাৰ দুগুণ সম্ভাৱনা থাকে। বিশেষজ্ঞসকলৰ বিশ্লেষণ অনুসৰি, বয়স বৃদ্ধিৰ লগে লগে ডিএনএৰ শেষত সৰু কেপটো সংকুচিত হ’বলৈ আৰম্ভ কৰে। ডিএনএৰ এই ক্ষুদ্র কেপটোকে টেলোমাৰ বোলা হয়। এটি প্লাষ্টিকৰ টেপ জোতাৰ লেচৰ লগত বান্ধি দিলে যেনেকুৱা দেখা হ’ব, ঠিক তেনেকুৱা দেখাব। এই টেলোমাৰে শৰীৰত বয়সৰ প্রভাৱ ফুটাই তোলে। যেতিয়া কোনো ব্যক্তিৰ টেলোমাৰ সংকুঞ্চিত হয় তেতিয়া তেওঁৰ শৰীৰত খুব দ্রুতভাৱে বয়সৰ চাপ পৰে। টেলোমাৰ সৰু হৈ যোৱা মানেই সেই ব্যক্তিগৰাকীক তেওঁৰ বয়সতকৈ বহু বেছি বয়স্ক যেন ভাব হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here