হাজাৰোধিক চীনা ছাত্রৰ ভিছা বাতিল কৰিলে আমেৰিকাই

0
55

# নিউজ ডেস্ক #

দেশৰ নিৰাপত্তাৰ দোহাই দি এক হাজাৰৰো অধিক চীনা ছাত্র আৰু গৱেষককে আমেৰিকালৈ যোৱাৰ বাবে ভিছা প্ৰদান নকৰিলে ডোনাল্ড ট্রাম্প প্রশাসনে। বুধবাৰে মার্কিন বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে এই চীনা ছাত্র আৰু গৱেষকসকলৰ ভিছাৰ আবেদনবোৰ বাতিল কৰা হৈছে। উল্লেখ্য যে এই মুহূর্তত আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ত চীনা শিক্ষাৰ্থীৰ সংখ্যা চাৰে তিনি লাখৰো বেছি।

মার্কিন বিদেশ মন্ত্রালয়ৰ এগৰাকী মুখপাত্রই কালি কয়, ‘‘যোৱা ২৯ মে’ত ট্রাম্পে যি ঘোষণা কৰিছিল, সেই মতেই এই সিদ্ধান্ত লোৱা হৈছে। হংকঙৰ মানুহৰ গণতান্ত্রিক অধিকাৰ খর্ব কৰাৰ ক্ষেত্ৰত বেইজিঙৰ পদক্ষেপৰ পৰিপ্রেক্ষিপ্ততেই মে’ মাহত এই ঘোষণা কৰিছিল ৰাষ্ট্ৰপতি ট্রাম্পে। ইয়াৰ ফলত, চলিত বছৰৰ ৮ ছেপ্টেম্বৰ পর্যন্ত এক হাজাৰৰো অধিক চীনা ছাত্র, গৱেষকৰ ভিছাৰ আবেদন বাতিল কৰা হৈছে। দেশৰ নিৰাপত্তাৰ পক্ষত এই ছাত্র, গৱেষকসকল বিপজ্জনক হ’ব পাৰে বুলি বিবেচনা কৰিয়েই এই পদক্ষেপ।’’

LEAVE A REPLY

Please enter your comment!
Please enter your name here