দুসপ্তাহৰ ভিতৰত ঋণ স্থগিতৰ সিদ্ধান্ত দিব লাগিব চৰকাৰে  : ছুপ্ৰিম কোৰ্ট

0
68

# নিউজ ডেস্ক #

ঋণ স্থগিতৰ বিষয়ত নির্দিষ্ট সিদ্ধান্ত জনোৱাৰ বাবে চৰকাৰক আৰু দুসপ্তাহৰ সময় দিলে দেশৰ শীর্ষ আদালতে। কৰোনা ভাইৰাছ সংকটৰ কাৰণে ঋণগ্রহীতাসকলৰ ইএমআইৰ বোজা শিথিল কৰাৰ উদ্দেশ্যে ঋণ পৰিশোধৰ ওপৰত যি সাময়িক স্থগিতাদেশ দিয়া হৈছিল সেই সময়সীমা আৰু সুতৰ বিষয়ত নির্দিষ্ট ঘোষণা কৰিবলৈ কেন্দ্রীয় চৰকাৰক দুসপ্তাহ সময় দি ছুপ্রিম কোর্টৰ তিনিজনীয়া বিচাৰকৰ বিচাৰপীঠে জনায়, ‘দুই সপ্তাহত কি হ’ব?… আমি কেন্দ্রীয় চৰকাৰক সময় দিলো কিন্তু তেওঁলোকে নির্দিষ্ট সিদ্ধান্ত গ্রহণ কৰিব লাগিব।’ ঋণ স্থগিতাদেশ সংক্রান্তীয় শুনানি স্থগিত ৰখাৰ আবেদন প্রত্যাখ্যান কৰি এই সময়খিনিয়েই আৰবিআই আৰু কেন্দ্রীয় চৰকাৰক দিয়া শেষ সময়সীমা বুলি জনায় ছুপ্রিম কোর্টে।

উল্লেখ্য যে কৰোনা ভাইৰাছৰ কাৰণে ঋণগ্রহীতাসকলৰ আর্থিক বোজা কমোৱাৰ উদ্দেশ্যে ৰিজার্ভ বেংকে ইএমআইৰ ওপৰত সাময়িক স্থগিতাদেশ জাৰি কৰিছিল। সেই বিলম্বিত ইএমআইৰ সুত ৰেহাইৰ একাধিক আবেদনৰ শুনানিত শীর্ষ আদালতে চৰকাৰক নির্দিষ্ট পৰিকল্পনা দাখিলৰ নির্দেশ দিয়ে। কেন্দ্রৰ তৰফৰ পৰা ছুপ্রিম কোর্টক জনোৱা হয়, বিষয়টোক লৈ চৰকাৰৰ শীর্ষ স্তৰত আলোচনা চলি আছে। ঋণগ্রহীতাসকলক কিছু পৰিত্রাণ দিয়াৰ বাবে চৰকাৰে বেঙ্ক আৰু বিষয়টোৰ সৈতে জড়িত সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে ইতিমধ্যে দুই–তিনিবাৰ বৈঠক কৰিছে বুলি ছুপ্রিম কোর্টত চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে।

ঋণৰ সাময়িক স্থগিতাদেশ বা সুতৰ বিষয়ত সিদ্ধান্ত তথ্যৰ ভিত্তিত গ্রহণ কৰাৰ কথা কয় ছুপ্রিম কোর্টে।আনহাতে যিসকল ঋণগ্রহীতাই ৰিজার্ভ বেঙ্কৰ পূর্ব ঘোষণা অনুযায়ী ঋণ স্থগিতাদেশৰ সুযোগ গ্রহণ কৰিছে তেওঁলোকৰ ঋণক এনপিএৰ অধীনত পেলোৱা নাযাব বুলিও নির্দেশ দিয়া হেছে। পৰৱর্তী আদেশ নিদিয়া পর্যন্ত আর্থিক চাপৰ মাজত থকা ঋণগ্রহীতাসকলৰ ঋণ ‘বেড ডেব্ট’ বা নষ্ট হৈ যোৱা ঋণ হিচাবে ঘোষণা কৰা নাযাব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here