দেশত পুনৰ ৰেকৰ্ড সংক্ৰমণ : ২৪ ঘণ্টাত মৃত্যু ১২০০

0
46

# নিউজ ডেস্ক #

ভাৰতত কৰোনা ভাইৰাছ সংক্রমণ দৈনিক বৃদ্ধি পায়েই আছে। সেই বৃদ্ধিৰে আজি অতিক্ৰম কৰিলে ৯৬ হাজাৰ। যাৰ ফলত দেশত ৪৫ লাখ অতিক্ৰম কৰিলে মুঠ আক্রান্তৰ সংখ্যা। সংক্রমণ হাৰো ৮ শতাংশৰ ওপৰতেই আছে। দেশত দৈনিক মৃত্যু সংখ্যাইও উদ্বেগ বঢ়াইছে।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টায় দেশত ৯৬ হাজাৰ ৫৫১ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে। এটা দিনত এয়া এই পৰ্যন্ত সৰ্বাধিক সংক্ৰমণৰ ৰেকৰ্ড। এই সময়ছোৱাত আমেৰিকা আৰু ব্রাজিলত নতুন আক্রান্তৰ সংখ্যা যথাক্রমে ৩৬ হাজাৰ ৩৫৩ আৰু ২৭ হাজাৰ ৬৯০ জন। ভাৰতৰ সংক্রমণ বৃদ্ধি এই দুখন দেশৰ তুলনাত প্রায় তিনি গুণ। এই ধাৰা যোৱা প্রায় এমাহ ধৰি অব্যাহত আছে।

চাৰে ৯৬ হাজাৰ বৃদ্ধিৰ ফলত দেশত মুঠ আক্রান্ত হ’ল ৪৫ লাখ ৬২ হাজাৰ ৪১৪ জন। প্রথম স্থানত থকা আমেৰিকাত মুঠ আক্রান্ত ৬৩ লাখ ৯৬ হাজাৰ আৰু তৃতীয় স্থানত থকা ব্রাজিলত মুঠ আক্রান্ত ৪২ লাখ ৩৮ হাজাৰ।

মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ আৰু কর্নাটক— দৈনিক আক্রান্ত বৃদ্ধিত দেশৰ ভিতৰতে আগশাৰীত এই তিনিখন ৰাজ্য। বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত নতুন সংক্রমণ  ২৩ হাজাৰ, অন্ধ্রপ্রদেশত ১০ হাজাৰ আৰু কর্নাটকত ৯ হাজাৰ। উত্তৰ প্রদেশতো দৈনিক আক্রান্ত বিগত কেইবা দিন ধৰে চাৰে ছয় হাজাৰ অতিক্ৰম কৰিছে। দৈনিক সংক্রমণত নতুনকৈ চিন্তা বাঢ়িছে দেশৰ ৰাজধানীত। জুলাইৰ শেষ আৰু আগষ্টত ৰাজ্যখনত দৈনিক সংক্রমণ এক হাজাৰৰ তললৈ নামিছিল। বিগত কেইবা দিন ধৰি সেয়া পুনৰ বাঢ়িছে। বৃহস্পতিবাৰৰ পৰা দৈনিক আক্রান্ত চাৰি হাজাৰ অতিক্ৰম কৰি গৈছে। পশ্চিমবঙ্গ আৰু বিহাৰত নতুন সংক্রমণ একে হাৰত হ’লেও তেলেঙ্গানা, অসম, ওড়িশাৰ দৈনিক নতুন সংক্রমণে উদ্বেগ বঢ়াইছে। কেৰালা, হাৰিয়ানা, পঞ্জাব, ঝাৰখণ্ড, ছত্তীশগড়তো আক্রান্ত উল্লেখযোগ্য হাৰত বাঢ়িছে।

দৈনিক সংক্রমণৰ লগে লগে দৈনিক মৃত্যুতো এতিয়া অন্যান্য দেশতকৈ আগত ভাৰত। মুঠ মৃত্যুৰ হিচাবত বিশ্বৰ তৃতীয় স্থানত থাকিলেও, প্রথম আৰু দ্বিতীয় স্থানত থকা আমেৰিকা আৰু ব্রাজিলৰ তুলনাত ভাৰতত মুঠ মৃত্যু বহু কম। এই দেশসমূহৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰো বহুখিনি কম। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত কৰোনাৰ ফলত মৃত্যু হৈছে ১ হাজাৰ ২০৯ জনৰ। ইয়াকে লৈ দেশত কৰোনাত মৃত্যু হ’ল মুঠ ৭৬ হাজাৰ ২৭১ জনৰ। ইয়াৰ ভিতৰত মহাৰাষ্ট্রত ২৮ হাজাৰ ২৮২ জন, তামিলনাডুত ৮ হাজাৰতকৈ বেছি, কর্নাটকত ৬ হাজাৰ ৯৩৭ আৰু দেশৰ ৰাজধানীত এই সংখ্যা ৪ হাজাৰ ৬৬৬। অন্ধ্রপ্রদেশ (৪,৭০২), উত্তৰ প্রদেশ (৪,২০৬), পশ্চিমবঙ্গ (৩,৭৭১) আৰু গুজৰাট (৩,১৬৪) মৃত্যু তালিকাত ওপৰৰ ফালে আছে। পঞ্জাবত মুঠ মৃত্যু দুই হাজাৰ অতিক্ৰমি বাঢ়িয়ে আছে। মধ্যপ্রদেশ (১,৬৬১) আৰু ৰাজস্থানতো (১,১৯২) মুঠ মৃত্যু বৃদ্ধি পাইছে। ইয়াৰ পিছত তালিকাত আছে তেলেঙ্গানা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, বিহাৰ, ওড়িশা, ঝাৰখণ্ড, ছত্তীশগড়, উত্তৰাখণ্ড, গোৱা, পণ্ডিচেৰী আৰু ত্রিপুৰাৰ দৰে ৰাজ্যসমূহ।

আনহাতে, এই পর্যন্ত দেশত মুঠ ৩৫ লাখ ৪২ হাজাৰ ৬৬৩ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। অর্থাৎ দেশত মুঠ আক্রান্তৰ ৭৭.৬৫ শতাংশই সুস্থ হৈছে। বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ৭০ হাজাৰ ৮৮০ জন।

ইফালে যোৱা ২৪ ঘণ্টাত দেশৰ সংক্রমণ হাৰ ৮.৩ শতাংশ। বিগত ২৪ ঘণ্টাত দেশত পৰীক্ষা হৈছে ১১ লাখ ৬৩ হাজাৰ ৫৪২ জনৰ।

কোভিডত আক্রান্ত আৰু মৃত্যুত আৰম্ভণিৰ পৰা শীর্ষত মহাৰাষ্ট্র। ৰাজ্যখনত মুঠ আক্রান্ত ৯ লাখ ৯০ হাজাৰ। দ্বিতীয় স্থানত থকা অন্ধ্রপ্রদেশত ৫ লাখ ৩৭ হাজাৰ। তামিলনাডুত মুঠ ৪ লাখ ৮৬ হাজাৰ জন আক্রান্ত হৈছে। চতুর্থ স্থানত থকা কর্নাটকত ৪ লাখ ৩০ হাজাৰ। উত্তৰ প্রদেশত এই সংখ্যা ২ লাখ ৯২ হাজাৰ। দিল্লীত মুঠ আক্রান্ত ২ লাখ অতিক্ৰম কৰিছে। পশ্চিমবঙ্গত ১ লাখ ৯৩ হাজাৰ, বিহাৰত ১ লাখ ৫৩ হাজাৰ আৰু তেলেঙ্গানাত ১ লাখ ৫২ হাজাৰ। অসম আৰু ওড়িশাত মুঠ আক্রান্ত ১ লাখ ৩৫ হাজাৰ আৰু ১ লাখ ৩৯ হাজাৰ। গুজৰাটতো এক লাখ অতিক্ৰম কৰিছে আক্রান্তৰ সংখ্যাই।

কেৰালা আৰু ৰাজস্থানত মুঠ আক্রান্ত ৯৯ হাজাৰ আৰু ৯৭ হাজাৰ। হাৰিয়ানাত ৮৫ হাজাৰ, মধ্যপ্রদেশত ৮১ হাজা, পঞ্জাবত ৭২ হাজাৰ, ঝাৰখণ্ডত ৫৮ হাজাৰ, ছত্তীশগড়ত ৫৫ হাজাৰ, জম্ম-কাশ্মীৰত মুঠ আক্রান্ত ৪৯ হাজাৰ। ইয়াৰ পিছত ক্রমান্বয়ে আছে উত্তৰাখণ্ড, গোৱা, পণ্ডিচেৰী আৰু ত্রিপুৰা। মণিপুৰ, হিমাচল প্রদেশ, নাগালেণ্ড, অৰুণাচল প্রদেশৰ দৰে ৰাজ্যত মুঠ আক্রান্ত ১০ হাজাৰৰো কম।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here