উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪৯৯টা পদত নিযুক্তি

0
81

নিউজ ডেস্ক :
ৰাজ্যৰ নিবনুৱাৰ বাবে সুখবৰ৷ কৰোনাৰ বাবে দেশৰ নিযুক্তিৰ ক্ষেত্ৰখন সংকুচিত হোৱাৰ সময়তে এই সুখবৰ আনিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত সাতটা সংমণ্ডলত নতুন নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে৷ এপ্ৰেণ্টিছ হিচাপে উপযুক্ত অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলক নিৰ্বাচন কৰা হ’ব৷ এই সাতটা সংমণ্ডলৰ ভিতৰত অসমত থকা ৫টা সংমণ্ডলত মুঠ ৩০,০৩৬টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে৷ যোৱা ১৩ আগষ্টত প্ৰকাশ পোৱা বিজ্ঞাপন মতে ৰঙিয়া সংমণ্ডলত ৪৩৫টা, লামডিঙত ১,৩০২টা, তিনিচুকীয়াত ৪৮৪টা, নিউ বঙাইগাঁৱত ৫৩৯টা আৰু ডিব্ৰুগড়ত ২৭৬টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে৷ কাটিহাৰ আৰু আলিপুৰদুৱাৰক ধৰি সৰ্বমুঠ পদ ৪,৪৯৯টা৷ প্ৰশিক্ষাৰ্থী হিচাপে নিৰ্বাচিত হ’বলগীয়া অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে RRC/NFRৰ ৱেবছাইট www.nfr.indianrailways.gov.inত আবেদন কৰিব পাৰিব৷ আবেদনৰ শেষ তাৰিখ ১৫ ছেপ্টেম্বৰৰ পুৱা ১০ বজা পৰ্যন্ত৷ বিতং তথ্যৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৱেবছাইট চাব পাৰে৷

বিতং তথ্যৰ বাবে তলৰ লিংকত ক্লিক কৰক :

Act App Notification Final (1)

LEAVE A REPLY

Please enter your comment!
Please enter your name here