মদন কামদেৱ

0
64

# বিদ্যুৎ কলিতা #

গুৱাহাটী মহানগৰীৰ পৰা উত্তৰে প্ৰায় ৩২ কিঃমিঃ দূৰৈত আৰু বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ পথত প্ৰায় ৪ কিঃমিঃ দক্ষিণ-পূবত অৱস্থিত দিৱানগিৰি বা মদন কামদেৱ পৰ্বত৷ এই সেউজ দিৱানগিৰি পাহাৰতেই আছে পুৰণি তীৰ্থস্থান মদন কামদেৱ৷

প্ৰকৃতিৰ অপৰূপ দৃশ্যাৱলী আৰু বিতোপন পৰিৱেশত অৱস্থিত মদন কামদেৱ প্ৰত্নতত্বৰ ৰত্ন ভাণ্ডাৰ৷ মদন কামদেৱ উত্তৰ-পূব ভাৰতৰ খাজুৰাহো৷ অপূৰ্ব ভাস্কৰ্যৰ মূৰ্তিসমূহে পৰ্যটকসকলক সদায়ে হাতবাউলি মাতে৷ মদন কামদেৱ উত্তৰ-পূব ভাৰতৰ গৌৰৱ৷ খাজুৰাহোলৈ যোৱাৰ কোনো প্ৰয়োজন নাই৷

১৯৭৭ চনৰ আৰম্ভণিলৈকে কিছুসংখ্যক ধৰ্মপ্ৰাণ লোকৰ বাহিৰে হাবিৰ মাজত লুকাই থকা মদন কামদেৱ মন্দিৰটো সৰ্বসাধাৰণৰ বাবে আছিল ৰহস্যৰে আবৃত৷ ইয়াৰ গুৰুত্ব উপলব্ধি কৰি অসম প্ৰত্নতত্ব সঞ্চালকালয়ে খনন কাৰ্য আৰম্ভ কৰি মূলমন্দিৰ আৰু অপূৰ্ব ভাস্কৰ্যৰ মূৰ্তিসমূহ উদ্ধাৰ কৰে৷ সমগ্ৰ মদন কামদেৱ অঞ্চলত চিনাক্ত কৰা প্ৰায় ২৬টা স্থাপত্যৰ অৱশেষৰ ভিতৰত কেৱল এই পাহাৰতে বিলটোৰ প্ৰমাণ পোৱা গৈছে৷ বৰ্তমানলৈকে হোৱা খনন কাৰ্যত অসংখ্য শিলামূৰ্তি, কাৰুকাৰ্য খোদিত শিলাখণ্ডৰ উপৰি ১৫টা শিৱমন্দিৰৰ ভগ্নাৱশেষ বিদ্যমান৷ অৱশ্যে এতিয়ালৈ পাহাৰৰ এক দশমাংশমানহে খনন কৰা হৈছে৷

বাকী অংশত এনে আৰু একৈশটামান মন্দিৰৰ ভগ্নাৱশেষ থকাৰ সম্ভাৱনা আছে৷ উদ্ধাৰ হোৱা মন্দিৰসমূহত দুশৰো অধিক দেৱ-দেৱীৰ মূৰ্তি আছে৷ এইবোৰৰ ভিতৰত নটৰাজ, চতুৰ্ভূজ, শিৱ, গণেশ, বিষ্ণু, ভৈৰ, উমা, সূৰ্য, অপসৰা, বিদ্যাধাৰী অন্যতম৷ বহু মূৰ্তি এতিয়াও অপৰিচিত৷ তাৰোপৰি সিংহ, গজসিংহ, হস্তী, শিয়াল, কুকুৰ, শগুন আদিৰ চিত্ৰ খোদিত শিলাখণ্ডও আছে৷

ইয়াৰ আৱিষ্কৃত মূৰ্তি আৰু কাৰ্যকৰী স্থাপত্যাংশৰ ভাস্কৰ্যসমূহ মূলতঃ চাৰি ভাগত বিভক্ত- দেৱ-দেৱীৰ মূৰ্তি, নৰ-নাৰীৰ মূৰ্তি, প্ৰতীকধৰ্মী ভাস্কৰ্য আৰু অলংকৰণ বিষয়ৰ ভাস্কৰ্য৷ দেৱালৰ চৌপাশে সিঁচৰতি হৈ থকা প্ৰতিটো শিলতেই আছে শিল্পীৰ হাতৰ পৰশ৷

কোন শিল্পীয়ে কাৰ পৃষ্ঠপোষকতাত আৰু কোন খালত অপূৰ্ব ভাস্কৰ্যৰাজিৰ এই দেৱপুৰী নিৰ্মাণ কৰিলে সেই বিষয়ে ইতিহাস নিমাত৷ প্ৰতিটো মন্দিৰৰে গঠন পদ্ধতি সুকীয়া৷ চাৰিওফালে সিঁচৰতি হৈ থকা ভেটি, জংঘা, অংগশিখৰ আৰু শিৰপট্টীসমূহ সূক্ষ্ম কাৰুকাৰ্যৰে অলংকৃত৷

কোনো ধৰণৰ লিপি উদ্ধাৰ নোহোৱাত পুৰাতত্ব বিভাগে ইয়াক একাদশ-দ্বাদশ শতিকাৰ পাল-বংশীয় ৰজাৰ দিনৰ সৃষ্টি বুলি অনুমান কৰিছে৷ কিছুমান ভাস্কৰ্যত পৰিলক্ষিত বৌদ্ধ প্ৰভাৱ আদিলৈ চাই তাতোকৈ পুৰণিকালৰ বুলিও সন্দেহ কৰা হৈছে৷

এই মদন কামদেৱৰ ভগ্নাৱশেষৰ পশ্চিম প্ৰান্তত অৱস্থিত টিনৰ চালিৰ মদন কামদেৱ নামৰ শিল আৰু ইটাৰে সজা মন্দিৰটোত এতিয়াও পূজা-পাতল কৰা হয়৷ ইয়াৰ গৰ্ভ-গৃহত থকা প্ৰায় দুই মিটাৰ ওখ অলিংগনোপৱিষ্ট উমা মহেশ্বৰৰ যুগল মূৰ্তিয়েই হ’ল উপাস্য দেৱতা৷ উল্লেখ্য যে, মদন কামদেৱ নামৰ লগত ইয়াৰ ঐতিহাসিক সম্বন্ধ নাই৷

ইয়াত পোৱা মূৰ্তিৰ বিশেষ লক্ষণৰ বাবে অতীজৰে পৰা সম্ভৱতঃ ইয়াক প্ৰেমৰ দেৱতা ‘মদন কামদেৱ’ আৰু মদন-ৰতিৰূপে পূজা কৰিছিল৷ আচলতে ই উমা-মহেশ্বৰ বা উমালিংগন মূৰ্তিহে৷ এই মূৰ্তিটোৰ তলৰ অংশ ৰঙা কাপোৰেৰে ঢাকি থোৱা থাকে৷ দিৱানগিৰি পূৰ্বতৰ পূব দিশত মদনগুৰি বা মদনকুৰি নামৰ মৰা নৈ সম্প্ৰতি বিলৰ অৱস্থাত আছে৷

ধ্বংসপ্ৰাপ্ত মদন কামদেৱ দেৱালয় ১৮শ শতিকাত আহোম স্বৰ্গদেউ শিৱসিংহই মেৰামতি কৰে৷ অসমৰ বাহিৰৰ পৰা ব্ৰাহ্মণ আনি তামৰ ফলিৰে মাটি-বাৰী দান কৰি মন্দিৰ পৰিচালনাৰ ভাৰ দিয়ে৷ এই দেৱালয়লৈ বীৰ হৰদত্ত-বীৰদত্তই এসময়ত ৰঙিয়াৰ পৰা নিতৌ পুৱা ১৪টা ঘোঁৰাৰে আহি পূজা কৰিছিল৷ দেৱালয়ৰ নামত বৰ্তমান ১১৪ বিঘা মাটি আছে৷

মদন কামদেৱ পাহাৰৰ মদন কামদেৱ মন্দিৰ আৰু ইয়াৰ কাষতে শিৱ লিংগ থকা সৰু মন্দিৰ এটাতহে বৰ্তমান পূজা-পাতল দি আছে৷ চ’ত মাহত ইয়াত পৰম্পৰাগতভাৱে মদন ত্ৰয়োদশী উৎসৱ উদ্‌যাপন কৰা হয়৷ ইয়াত নিৰামিষ ভোগৰহে প্ৰচলন৷ মদন কামদেৱ পৰ্বতৰ পৰা বহু আপুৰুগীয়া মূৰ্তি দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজে নামঘৰ, গোঁসাইঘৰ আদিত স্থাপন কৰিছে৷

শীতকালত বনভোজ খোৱা দলসমূহৰ বাবে মদন কামদেৱ এক বিশেষ আকৰ্ষণ৷ ইয়াত এটা সৰু সংগ্ৰহালয় ইতিমধ্যে স্থাপন কৰা হৈছে৷ যাত্ৰী নিবাস নিৰ্মাণ কৰি ঠাইডোখৰ পৰ্যটনসকলৰ বাবে আকৰ্ষণীয় কৰি তুলিবলৈ পৰ্যটন বিভাগে ইতিমধ্যে আঁচনি লৈছে৷

ইয়াৰ আশেপাশে থকা হাবিত বাঘ, হৰিণ আৰু অন্যান্য জীৱ-জন্তুৰ লগতে চৰাই-চিৰিকটিৰে এখন অভয়াৰণ্য, মদনজুৰি মৰা নৈত নাও চালনা, সাঁতোৰ, দাঁতিকাষৰীয়া পাহাৰত পৰ্বতাৰোহণ, ট্ৰেকিং আদিৰ সুব্যৱস্থা কৰিলে ই এক আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে চিহ্নিত হ’ব৷

ভ্ৰমণৰ সময়

ছেপ্টেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈ উত্তম সময়৷ শীতকালত পৰ্যটকসকলে অধিক আনন্দ উপভোগ কৰিব পাৰিব৷ মন্দিৰৰ দুৱাৰ আৰু সংগ্ৰহালয় সপ্তাহৰ প্ৰতিদিনতেই খোলা থাকে৷

যাতায়াত

বাছত যাব বিচৰাসকলে মাছখোৱাৰ অসম ৰাজ্যিক পৰিবহণ নিগম আৰু গড়পাণ্ডু (আদাবাৰী) বাছ আস্থানৰ পৰা বাইহাটা চাৰিআলিলৈ যাব পাৰিব৷ তাৰ পৰা মদন কামদেৱলৈ অ’টো নাইবা ৰিক্সা ল’ব লাগিব৷ এনেদৰে গ’লে কম কৰচতে হ’ব৷ দল হিচাপে গ’লে টেক্সী ভাড়া কৰিব পাৰি৷

বিমানত অহাসকলে বিমানবন্দৰৰ পৰাই প্ৰি-পেইড টেক্সীৰে যাব পাৰিব৷ ৰে’লেৰে আহি গুৱাহাটী ষ্টেচনত নমা যাত্ৰীসকলে টেক্সী বা বাছসেৱা- ইচ্ছানুসৰি যিকোনো এটা বাছি ল’ব পাৰে৷

থকা ঠাই

মদন কামদেৱ চাবলৈ আহি নিশা কটাবৰ বাবে গুৱাহাটী মহানগৰীয়েই উত্তম স্থান৷ বাইহাটা চাৰিআলিত নিশা কটোৱাৰ ব্যৱস্থা অতি সীমিত৷ গুৱাহাটীত হোটেল বা ল’জৰ কোনো অভাৱ নাই৷ তাৰোপৰি পৰ্যটক নিবাস আৰু আৱৰ্ত ভৱনো আছে৷ অৱশ্যে চৰকাৰী আতিথ্যৰ বাবে আগতীয়াকৈ যোগাযোগ কৰাটো বাধ্যতামূলক৷

কি কৰিব, কি নকৰিব

আপোনমনে মদন কামদেৱৰ সৌন্দৰ্য উপভোগ কৰিবৰ বাবে পুৱাৰ ভাগতেই উপস্থিত হোৱা ভাল৷ মাৰ্জিত সাজপাৰ পৰিধান কৰিবলৈ নাপাহৰিব৷ অধিক সময় কটাব বিচাৰিলে লগত নিৰামিষ খাদ্য-সামগ্ৰী লৈ যাব৷

আন্ধাৰ হোৱাৰ আগে আগে মন্দিৰৰ চৌহদ ত্যাগ কৰাই ভাল৷ দুঃসাহসিকতাৰ পৰিচয় দি হাবিৰ মাজত প্ৰৱেশ নকৰিব৷ মন্দিৰৰ নীতি-নিয়ম মানি চলিব৷

প্ৰতি শুকুৰবাৰে পৰ্যটন সম্পৰ্কীয় লেখা প্ৰকাশ পাব

LEAVE A REPLY

Please enter your comment!
Please enter your name here