ক্ৰমাৎ লাখৰ দিশে দেশত দৈনিক সংক্ৰমণ

0
78

# নিউজ ডেস্ক #

দেশত দৈনিক ৯০ হাজাৰৰ ঘৰত বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা। দৈনিক মৃত্যুও ১০০০ৰ ওপৰতেই বাঢ়ি আছে। দেশৰ মুঠ আক্রান্তই ইতিমধ্যে পাৰ কৰিছে চাৰে ৪৬ লাখ। যাৰ ভিতৰত কেৱল মহাৰাষ্ট্ৰতেই আক্ৰান্তৰ সংখ্যা ১০ লাখ৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আজি প্ৰকাশ কৰা মতে, যোৱা ২৪ ঘণ্টাত দেশত ৯৭ হাজাৰ ৫৭০ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে। এই সময়ছোৱাত আমেৰিকা আৰু ব্রাজিলত নতুন আক্রান্তৰ সংখ্যা যথাক্রমে ৪৭ হাজাৰ ১৫৪ আৰু ২৩ হাজাৰ ৮৬৪ জন। বিগত এমাহ ধৰি দুয়োখন দেশৰ তুলনাত ভাৰতৰ নতুন সংক্রমণ বহু বেছি সংখ্যাত হৈছে। বিগত কেইবাটাও দিনত সেয়া দুইৰ পৰা তিনি গুণ হৈ গৈছে।

আজিৰ পৰিসংখ্যা মতে, দেশত মুঠ আক্রান্তৰ সংখ্যা ৪৬ লাখ ৫৯ হাজাৰ ৯৪৮ জন। প্রথম স্থানত থকা আমেৰিকাত মুঠ আক্রান্ত ৬৪ লাখ ৪৪ হাজাৰ আৰু তৃতীয় স্থানত থকা ব্রাজিলত মুঠ আক্রান্ত ৪২ লাখ ৩৮ হাজাৰ।

আনহাতে, দেশত শীৰ্ষ তিনিখন ৰাজ্যৰ ভিতৰত যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্রত নতুন সংক্রমণ চাৰে ২৪ হাজাৰৰো বেছি। যাৰ ফলত এতিয়া ৰাজ্যখনত মুঠ আক্রান্ত ১০ লাখ অতিক্ৰম কৰিছে। অন্ধ্রপ্রদেশত প্রায় ১০ হাজাৰ আৰু কর্নাটকত চাৰে ৯ হাজাৰ নতুনকৈ সংক্রমিত হৈছে। উত্তৰ প্রদেশত আজি সংক্ৰমণে ৭ হাজাৰ চুইছে। দৈনিক দেশৰ ৰাজধানীৰ বৰ্ধিত সংক্ৰমণেও উদ্বেগ বঢ়াইছে। পশ্চিমবঙ্গ আৰু বিহাৰত নতুন সংক্রমণ একেই হাৰত হ’লেও তেলেঙ্গানা, অসম, ওড়িশাৰ দৈনিক নতুন সংক্রমণে আশংকা বৃদ্ধি কৰিছে। কেৰালা, হাৰিয়ানা, পঞ্জাব, ঝাৰখণ্ড, ছত্তীশগড়তো আক্রান্ত উল্লেখযোগ্য হাৰত বৃদ্ধি পাইছে।

দৈনিক মৃত্যুতো এতিয়া অন্যান্য দেশতকৈ আগত ভাৰত। মুঠ মৃত্যুৰ হিচাবত বিশ্বৰ তৃতীয় স্থানত থাকিলেও, প্রথম আৰু দ্বিতীয় স্থানত থকা আমেৰিকা আৰু ব্রাজিলৰ তুলনাত ভাৰতত মুঠ মৃত্যু বহু কম। ইয়াৰ উপৰি সেই দেশবোৰৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰো বহু কম। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত কৰোনাৰ ফলত মৃত্যু হৈছে ১ হাজাৰ ২০১ জনৰ। ইয়াকে লৈ দেশত মুঠ ৭৭ হাজাৰ ৪৭২ জনৰ প্রাণ কাঢ়িলে কৰোনা ভাইৰাছে। ইয়াৰ ভিতৰত মহাৰাষ্ট্রতেই মৃত্যু হৈছে ২৮ হাজাৰ ৭২৪ জন। দ্বিতীয় স্থানত থকা তামিলনাডুত মুঠ মৃত্যু ৮ হাজাৰ ২৩১।

তৃতীয় স্থানত থকা কর্নাটকত মৃত্যুৰ সংখ্যা ৭ হাজাৰ অতিক্ৰম কৰিছে। দেশৰ ৰাজধানীত এই সংখ্যা ৪ হাজাৰ ৬৮৭। অন্ধ্রপ্রদেশ (৪,৭৭৯), উত্তৰ প্রদেশ (৪,২৮২), পশ্চিমবঙ্গ (৩,৮২৮) আৰু গুজৰাট (৩,১৮০) মৃত্যু তালিকাত ওপৰৰ ফালে আছে। পঞ্জাবত মুঠ মৃত্যু দুই হাজাৰ অতিক্ৰম কৰিবলৈ আগবাঢ়িছে। মধ্যপ্রদেশ (১,৬৯১) আৰু ৰাজস্থানতো (১,২০৭) মুঠ মৃত্যু বাঢ়ি আছে। ইয়াৰ পিছত তালিকাত আছে তেলেঙ্গানা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, বিহাৰ, ওড়িশা, ঝাৰখণ্ড, ছত্তীশগড়, উত্তৰাখণ্ড, গোৱা, ত্রিপুৰাৰ দৰে ৰাজ্যবোৰ।

আনহাতে, এই পর্যন্ত দেশত মুঠ ৩৬ লাখ ২৪ হাজাৰ ১৯৬ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। অর্থাৎ দেশত মুঠ আক্রান্তৰ ৭৭.৭৭ শতাংশই সুস্থ হৈছে। যোৱা ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ৮১ হাজাৰ ৫৩৩ জন।

ইফালে বিগত ২৪ ঘণ্টাত দেশৰ সংক্রমণ হাৰ ৮.৯৪ শতাংশ। এই সময়ছোৱাত দেশত পৰীক্ষা হৈছে ১০ লাখ ৯১ হাজাৰ ২৫১ জনৰ।

কোভিডত আক্রান্ত আৰু মৃত্যু দুয়োখন তালিকাতেই আৰম্ভণিৰ পৰা শীর্ষত থকা মহাৰাষ্ট্রত মুঠ আক্রান্ত ১০ লাখ ১৫ হাজাৰ। দ্বিতীয় স্থানত থকা অন্ধ্রপ্রদেশত ৫ লাখ ৪৭ হাজাৰ। তামিলনাডুত মুঠ ৪ লাখ ৯১ হাজাৰজন আক্রান্ত হৈছে। চতুর্থ স্থানত থকা কর্নাটকত মুঠ সংক্রমিত ৪ লাখ ৪০ হাজাৰ। উত্তৰ প্রদেশতো সংখ্যাটো ২ লাখ ৯৯ হাজাৰত উপনীত হৈছে। দিল্লীত মুঠ আক্রান্ত ২ লাখ পাৰ কৰিছে।

পশ্চিমবঙ্গত ১ লাখ ৯৬ হাজাৰ, বিহাৰত ১ লাখ ৫৫ হাজাৰ আৰু তেলেঙ্গানাত ১ লাখ ৫৪ হাজাৰ। অসম আৰু ওড়িশাত মুঠ আক্রান্ত ১ লাখ ৩৮ হাজাৰ আৰু ১ লাখ ৪৩ হাজাৰ। গুজৰাট আৰু কেৰালাতো এক লাখ অতিক্ৰম কৰিছে আক্রান্তৰ সংখ্যাই।

ৰাজস্থানত ৯৯ হাজাৰ, হাৰিয়ানাত ৮৮ আৰু মধ্যপ্রদেশত মুঠ আক্ৰান্ত ৮৩ হাজাৰ। পঞ্জাবত ৭৪ হাজাৰ, ঝাৰখণ্ডত ৫৯ হাজাৰ, ছত্তীশগড়ত ৫৮ হাজাৰ, জম্মু-কাশ্মীৰত মুঠ আক্রান্ত ৫০ হাজাৰ। ইয়াৰ পিছত ক্রমান্বয়ে আছে উত্তৰাখণ্ড, গোৱা, পণ্ডিচেৰী আৰু ত্রিপুৰা। মণিপুৰ, হিমাচল প্রদেশ, নাগালেণ্ড, অৰিণাচল প্রদেশৰ দৰে ৰাজ্যত মুঠ আক্রান্ত ১০ হাজাৰৰো কম।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here