সাধাৰণ ৰোগীক চিকিৎসা কৰিবলৈ অস্বীকাৰ : হাইকোৰ্টত বিৰোধী দলপতিৰ পিআইএল

0
67

# নিউজ ডেস্ক #

কোভিড আক্ৰান্ত নোহোৱা অৰ্থাৎ সাধাৰণ ৰোগীক চিকিৎসা কৰিবলৈ অস্বীকাৰ ৰাজ্যৰ হস্পিটেলসমূহৰ৷ বিভিন্ন ৰোগত আক্ৰান্ত তথা দুৰ্ঘটনাগ্ৰস্ত অতি সংকটজনক ৰোগীকো কোভিডৰ দোহাই দি ৰাজ্যৰ হস্পিটেলসমূহে চিকিৎসা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি আহিছে৷ কোভিডত আক্ৰান্ত নোহোৱাৰ প্ৰমাণ-পত্ৰ তৎকালীনভাৱে দিব নোৱাৰাৰ অজুহাতত চিকিৎসা আগবঢ়াবলৈ অস্বীকাৰ কৰিছে ৰাজ্যৰ বহুসংখ্যক হস্পিটেলে৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰি অসম বিধানসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ জ্যেষ্ঠ ৰাজনীতিক দেৱব্ৰত শইকীয়াই শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে৷ অধিবক্তা চৈয়দ বুৰহানুৰ ৰহমানৰ জৰিয়তে এই আবেদন হাইকোৰ্টত দাখিল কৰা হয়৷ উল্লেখ্য যে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যম বিশেষকৈ বাতৰিকাকতত ৰাজ্যৰ কেইবাখনো আগশাৰীৰ চিকিৎসালয়ে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত আক্ৰান্ত ৰোগীক কোভিড নেগেটিভ প্ৰমাণ-পত্ৰ দিব নোৱাৰাৰ অজুহাতত জৰুৰীকালীন চিকিৎসা প্ৰদানত অস্বীকাৰ কৰাৰ কথা প্ৰকাশ পাইছে৷ এই ৰোগীসকলৰ ভিতৰত বহু কেইজনে সংকটকালত চিকিৎসা সেৱা লাভ নকৰাৰ বাবে প্ৰাণ হেৰুওৱাৰো অভিযোগ উত্থাপন হৈছে আৰু বাতৰিকাকতত প্ৰতিবেদন প্ৰকাশ পাইছে৷ হাৰ্ট এটেক, উচ্চ ৰক্তচাপজনিত, দুৰ্ঘটনাজনিত তথা অন্যান্য আনুষংগিক জৰুৰী চিকিৎসা সাহায্য লাভ কৰিবলগা লোক ইয়াৰ ভিতৰত আছে৷ আনহাতে বহু ক্ষেত্ৰত গৰ্ভৱতী মহিলাকো চিকিৎসা প্ৰদানত অৱহেলা কৰাৰ বাবে সমস্যাৰ সন্মুখীন হ’বলগা হোৱা বুলি আবেদনখনত সংবাদ মাধ্যমৰ উদ্ধৃতি দিয়া হৈছে৷

এই ক্ষেত্ৰত ন্যায়ালয়ৰ হস্তক্ষেপ দাবী কৰাৰ লগতে উচিত তদন্তৰ দাবী কৰা হয় ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখনত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here