মাত্র ৫০ বছৰতেই বিলুপ্ত হৈছে দুই-তৃতীয়াংশ বন্যপ্রাণী!

0
48

# বিশেষ প্ৰতিবেদন #

দুই-তৃতীয়াংশ বন্যপ্রাণী বিলুপ্ত হৈছে বিগত ৫০ বছৰত। মানুহৰ নির্বিচাৰ অত্যাচাৰতে ঘটিছে এই ঘটনা। সম্প্রতি এক প্ৰতিবেদনত এই কথা জনাইছে ৱৰ্ল্ড ৱৰ্ল্ডলাইফ ফাণ্ড তথা ডব্লিউডব্লিউএফে।

প্ৰতিবেদনত কোৱা হৈছে, প্রকৃতি আৰু পৰিবেশক মানুহে নিৰ্বিচাৰে ধ্বংস কৰিছে পাঁচ দশক ধৰি। বন ধ্বংস কৰি বসতি স্থাপন কৰিছে। লগতে এইটোও জনাইছে, বৰ্তমান যিটো হাৰত মানুহে প্রকৃতি আৰু পৰিবেশক ধ্বংস কৰিছে সেয়াই অতীতৰ সকলো ৰেকৰ্ডেই ভংগ কৰিছে। অহা মঙলবাৰে এই বিষয়ত ৰাষ্ট্ৰসংঘই  এক প্ৰতিবেদন প্ৰকাশ কৰিব।

আনহাতে, এই ধ্বংস-যঞ্জ যে অনাগত ভৱিষ্যতত কমিব তাৰো কোনো ইঙ্গিত পোৱা হোৱা হোৱা নাই।

কেনেদৰে ধ্বংস ৰিছোঁ মাৰ বন্যপ্রাণী?

ডব্লিউডব্লিউএফৰ মুখ্য কাৰ্যনিৰ্বাহক তানিয়া ষ্টেলে কয়, ‘‘আমি যথেষ্ট হাবি পুৰিছোঁ, হাবি কাটি বসতিস্থল গঢ়িছোঁ, নতুন নতুন উদ্যোগৰ বাবে গছ-গছনি কাটিছোঁ, সমুদ্রৰ পৰা নিৰ্বিবাদে মাছ ধৰিছোঁ। এনেদৰেই নির্বিচাৰে ধ্বংস কৰিছোঁ প্রকৃতি আৰু পৰিবেশক। বুজি বপৰা নাই যে ইয়াৰ ফলত আমাৰেই নিৰাপত্তা বিঘ্নিত হৈছে। নিজৰ অস্তিত্বকেই বিপন্ন কৰি তুলিছোঁ।’’

বিলুপ্ত হৈছে ৬৮ শতাংশ বন্যপ্রাণী

১৯৭০ৰ পৰা ২০১৬, এই প্রায় পাঁচ দশকত বন্যপ্রাণীৰ কি অৱস্থা হৈছে তাৰ খতিয়ান দিবলৈ গৈ ডব্লিউডব্লিউএফৰ প্ৰতিবেদনে জনাইছে, স্তন্যপায়ী, চৰাই, উভচৰ, মাছ আৰু সৰিসৃপৰ ২০ হাজাৰ প্রজাতিৰ ৬৮ শতাংশই হেৰাই গৈছে। সেই বিলুপ্তি সকলোতকৈ বেছি হৈছিল ১৯৭০ৰ পৰা ১৯৯০ পর্যন্ত। তাৰ পিছত নব্বৈৰ দশকৰ পৰা ইয়াৰ গতি কিছু কমিলেও সেই ধাৰাই মোটামুটি চলি আছে।

ভাঙি ৰিব পৰিবেশতন্ত্ৰ

‘জুলজিকেল ছ’চাইটি অব লণ্ডন (জেডএছএল)’ৰ সংৰক্ষণ বিভাগৰ বিষয়া এণ্ড্ৰিউ টেৰিয়ে কয়, ‘‘পৰিস্থিতি নসলালে এই প্রজাতিবোৰ অদূৰ ভৱিষ্যতে সম্পূৰ্ণভাৱে নিশ্চিহ্ন হৈ যাব। তাৰ ফলত জীয়াই থকাৰ বাবে যাৰ ওপৰত আমি নির্ভৰ কৰিবলগা হয়, সৰ্বাত্মকভাৱে ভাঙি পৰিব সেই পৰিবেশতন্ত্র ।’’ তেওঁ লগতে কয়, বন্যপ্রাণী ধ্বংসৰ ওপৰত মানুহৰ অস্তিত্ব কিমান নির্ভৰশীল, সাম্প্রতিক অতিমাৰিৰ ঘটনাই তাৰ সকলোতকৈ ডাঙৰ প্রমাণ।

ৰিপোর্টত এয়াও জনাইছে, মানুহৰ অত্যাচাৰত ২০০০ চনৰ পৰা ১৯ লাখ মাইল ভূমি হেৰাই গৈছে। যিটো সমগ্ৰ ব্রিটেইনৰ ৮ গুণ। ১০ লাখ বন্যপ্রাণী বিলুপ্তিৰ দুৱাৰদলিত উপস্থিত হৈছে। ১৩০ কোটি টন খাদ্যশস্য নষ্ট হৈছে। যাৰ ফলত এক লাখ কোটি ডলাৰ মূল্যৰ অর্থনীতি ক্ষতিগ্রস্ত হৈছে।

আন্তর্জাতিক সংস্থা ‘ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজার্ভেচন অব নেচাৰ (আইইউচিএন)’ৰ সমীক্ষাই জনাইছে, প্রাণী আৰু উদ্ভিদৰ ১ লাখ প্রজাতিৰ ভিতৰত ৩২ হাজাৰ প্রজাতি বিলুপ্তিৰ পথত উপনীত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here