ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী-ছোনিয়াৰ পৰা তেণ্ডুলকাৰ : গোপনে নজৰ ৰাখিছে চীনে!

0
48

# নিউজ ডেস্ক #

চীনা তথ্য-প্রযুক্তি সংস্থাসমূহে ভাৰতৰ বহু বিষয়ত দৃষ্টি ৰখা বুলি দাবী কৰিছে এখন সর্বভাৰতীয় ইংৰাজী দৈনিক কাকতে। কাকতখনৰ বক্তব্য, ভাৰতৰ ৰাষ্ট্রপতি, প্রধানমন্ত্রীৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্রৰ প্ৰায় ১০ হাজাৰ বিশিষ্ট ব্যক্তি আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত দৃষ্টি ৰাখিছে চেংজেনৰ এটা তথ্য-প্রযুক্তি সংস্থাই। 

উল্লেখ্য যে, এই সংস্থাটোৱে চীন চৰকাৰ, চীনা কমিউনিষ্ট পার্টি, চীনৰ সেনাসহ বিভিন্ন গুৰুত্বপূর্ণ চৰকাৰী প্রতিষ্ঠান আৰু সংস্থাকো তথ্য সৰবৰাহ কৰে। ফলত তেওঁলোকে গোপনে নিৰীক্ষণ কৰা এই তথ্য বেইজিঙৰ হাততো উপলব্ধ হয় বুলি আশঙ্কা কৰিছে তথ্য-প্রযুক্তি বিশেষজ্ঞ আৰু কূটনীতিবিদসকলে।

‘দ্য ইণ্ডিয়ান এক্সপ্রেছ’ৰ তদন্তমূলক প্রতিবেদন অনুযায়ী, ৰাজনীতিৰ পৰা বিনোদন, ক্রীড়াৰ পৰা সংবাদ মাধ্যম— আনকি, অপৰাধী আৰু সন্ত্ৰাসবাদীৰ সম্পর্কেও বিস্তাৰিত তথ্য সংগ্রহ কৰিছে দক্ষিণ-পশ্চিম চীনৰ গুয়াংডং প্রদেশৰ শেনজেন চহৰৰ ‘শেনহুৱা ডাটা ইনফৰমেচন টেকন’লজি কোম্পানি লিমিটেড’ নামৰ এই সংস্থাটোৱে। তেওঁলোকৰ অন্যতম ‘ক্লায়েন্ট’ চি চিনফিং চৰকাৰ, চীনৰ সেনাবাহিনী পিপল্‌ছ লিবাৰেচন আর্মি (পিএলএ) আৰু চীনা কমিউনিষ্ট পার্টি। অৱশ্যে সংস্থাটোৰ কোনোৱে সংবাদ-পত্রখনৰ তৰফৰ পৰা পঠোৱা কোনো প্রশ্নৰ উত্তৰ দিয়া নাই। সংস্থাটোৰ এজন বিষয়াই বিষয়টো ‘আভ্যন্তৰীণ বিষয়’ বুলি বিশদ মন্তব্য দিয়াৰ পৰা এৰাই গৈছে।

তদন্তমূলক প্রতিবেদনখনে দাবী কৰা মতে, গোপন পৰ্যবেক্ষণৰ তালিকাত আছে ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ, প্রধানমন্ত্রী নৰেন্দ্র মোদী, কংগ্রেছৰ অন্তর্বর্তীকালীন সভানেত্রী ছোনিয়া গান্ধী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল, প্রাক্তন প্রধানমন্ত্রী মনমোহন সিংসহ শীর্ষ ৰাজনৈতিক ব্যক্তিসকল। ৰাজনাথ সিং, নির্মলা সীতাৰমন, স্মৃতি ইৰানি, পীযূষ গোৱেলৰ দৰে কেন্দ্রীয় মন্ত্রীসকলো এই তালিকাত আছে। ইয়াৰ উপৰি পশ্চিমবঙ্গৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীসহ ওড়িশাৰ নবীন পাটনায়ক, ৰাজস্থানৰ অশোক গেহলট, মহাৰাষ্ট্রৰ উদ্ধৱ থাকৰে, পঞ্জাবৰ অমৰেন্দ্র সিঙৰ দৰে বহু ৰাজ্যৰ মুখ্যমন্ত্রীৰ তথ্যও সংগ্রহ কৰিছে সংস্থাটোৱে। প্রধান ন্যায়াধীশ এছ এ বোবডে, ৰতন টাটা, গৌতম আদানিৰ দৰে উদ্যোগপতি আৰু বিভিন্ন নিউজ চেনেলৰ সম্পাদক, ইউপিএ দিনৰ প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ প্রাক্তন মিডিয়া উপদেষ্টা সঞ্জয় বাৰু আৰু বিভিন্ন সাংবাদিক আৰু  সংবাদ জগতৰ লগত জড়িত ব্যক্তিও আছে সংস্থাটোৰ নজৰত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here