আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাবলৈ জন্ম হ’ল ‘অসম জাতীয় পৰিষদ’

0
58

# নিউজ ডেস্ক #

অৱশেষত দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই আজি আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিলে আছু আৰু এজেৱাইচিপিৰ ৰাজনৈতিক দলটোৱে৷ অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিত নতুন সংযোজন ঘটিল সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বাধীন ‘অসম জাতীয় পৰিষদ’ৰ। ইতিমধ্যে দলটোৰ মুখ্য আহ্বায়কৰ দায়িত্ব প্ৰদান কৰা ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাই গুৱাহাটীত এক সংবাদমেলযোগে নতুন দলটোৰ নাম ঘোষণা কৰে।

উল্লেখ্য যে ২০২১ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি এই নৱগঠিত দলটোৰ সাংগঠনিক কাম-কাজৰো আজিৰে পৰা পূৰ্ণ পৰ্যায়ত আৰম্ভ হৈছে। সংবাদমেলত মুখ্য আহ্বায়ক বসন্ত ডেকাই কয়, “ৰাজ্যৰ ২৫ খন জিলাত দলৰ সাংগঠনিক কাম আৰম্ভ হোৱা আৰম্ভ হৈছে আৰু বাকী জিলা কেইখনৰ সাংগঠনিক কাম দুই-এদিনৰ ভিতৰতে সম্পূৰ্ণ হ’ব। দলটোত সকলো জনগোষ্ঠীৰে প্ৰতিনিধি থাকিব।”

নৱ প্ৰজন্মক দলটোত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি উল্লেখ কৰি আহ্বায়কদ্বয়ে কয় যে দলটো ৰাজ্যিক, জিলা, সমষ্টি, আঞ্চলিক আৰু বুথ পৰ্যায়ত সংগঠন কৰা হ’ব। গতানুগতিক ৰাজনৈতিক দলৰ ঊৰ্দ্বত দলটোৱে ৰাইজৰ প্ৰকৃত বন্ধু হিচাপে কাম কৰিব বুলিও উল্লেখ কৰে।

আজি দলটোৱে ইয়াৰ মূল শ্লোগানো ঘোষণা কৰে৷ ‘ঘৰে ঘৰে আমি’ শীৰ্ষক দৰ্শনেৰে আগবাঢ়িব দলটো। কেৱল নিৰ্বাচনকেন্দ্ৰিক নীতি পৰিহাৰ কৰি প্ৰতিখন ঘৰৰ লগত সদায় যোগাযোগ ৰক্ষা কৰিব বুলি দলটোৰ আনজন মুখ্য আহ্বায়ক ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্যই কয়।

উল্লেখ্য যে আছু-যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ অধিবেশনৰ পিছত অৰ্থাৎ নৱেম্বৰৰ প্ৰথম ভাগত দলটোৰ পূৰ্ণাংগ ৰাজ্যিক কমিটি গঠন হ’ব। আনহাতে, ৩০ অক্টোবৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন জিলাত দলটোৱে জিলাৰ পৰা বুথলৈ সংগঠনৰ কাম সম্পূৰ্ণ কৰিব।

এই সময়ছোৱাত সাংগঠনিক কাম-কাজ আগবঢ়াই নিবৰ বাবে প্ৰতিখন জিলাৰ পৰা দুই-তিনিজনকৈ প্ৰতিনিধিৰে আহ্বায়ক সমিতি গঠন কৰা হ’ব। আনহাতে, ৰাজ্যিক সমন্বয়কৰ দায়িত্বত থাকিব প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা। ইতিমধ্যে আছু ত্যাগ কৰা দুই শীৰ্ষ নেতাৰ চিত্ৰৰঞ্জন বসুমতাৰীক লখিমপুৰ, ধেমাজি, জোনাই আৰু ডিব্ৰুগড় জিলাৰ সমন্বয়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আনহাতে, ৰাজু ফুকনক গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ জিলাৰ দায়িত্ব দিয়া হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা এম এইচ বৰভূঞাক দিয়া হৈছে বৰাক উপত্যকাৰ দায়িত্ব।

একেদৰে চুতীয়া ছাত্ৰ সন্মিলনীৰ হৰেন চুতীয়াক লখিমপুৰৰ, অগপৰ জ্যেষ্ঠ নেতা বীৰেশ্বৰ মেধিক মৰিগাঁও জিলাৰ দায়িত্ব দিয়া হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here