অসমৰ ছাত্ৰ আন্দোলন

0
55

(৭)

We have heard about the Jungles of Assam.

Today we saw its lion in Delhi

# অদীপ কুমাৰ ফুকন #

অসমৰ ছাত্ৰ সমাজে সক্ৰিয়ভাৱে জড়িত হৈ পৰা স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ বিষয় আছিল গ্ৰুপিং ব্যৱস্থা৷ স্বাধীনতাৰ মাজেৰে পুনৰ সংকটৰ সম্ভাৱনা স্পষ্ট হৈ পৰা অসমৰ ভৱিষ্যতক লৈ ছাত্ৰসকল চিন্তিত হৈ পৰিছিল৷ সেই পৰিস্থিতি আৰু অসমৰ কেইজনমান নেতাৰ বিলষ্ঠ পদক্ষেপে অসমৰ ছাত্ৰ সমাজক অসমৰ প্ৰতি থকা দায়িত্ববোধ জাগ্ৰত কৰিছিল৷ স্বাধীনতাৰ পিছত ছাত্ৰ আন্দোলনৰ প্ৰতিটো খোজতে এই গ্ৰুপিং ব্যৱস্থাক স্মৰণ কৰি আন্দোলনৰ গতি তীব্ৰ কৰা পৰিলক্ষিত হয়৷ ৰাষ্ট্ৰৰ চৰিত্ৰ, ৰাষ্ট্ৰৰ বঞ্চনা, ৰাষ্ট্ৰীয় সন্ত্ৰাস, ৰাষ্ট্ৰীয় লুণ্ঠনৰ প্ৰসংগত প্ৰতিবাদ প্ৰতিৰোধ কৰা প্ৰতিটো আন্দোলনৰ কাৰ্যসূচীতে গ্ৰুপিং ব্যৱস্থাৰ কথা সোঁৱৰণ কৰা হয়৷ স্বাধীনতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰিবলৈ গৈ জাতীয় সংগ্ৰামৰ আপোচহীন মহানায়ক নিবাৰণ বৰাই সেই সময়ৰ ৰাজনৈতিক পৰিস্থিতিক অতি সুন্দৰভাৱে ব্যাখ্যা কৰি গৈছে নিবাৰণ বৰাৰ ভাষাৰে-

ক্ষমতা হস্তান্তৰৰ প্ৰস্তাৱসমূহ লৈ ইংলেণ্ডৰ পৰা কেবিনেট মিছন আহিছিল ১৯৪৬ চনৰ মাৰ্চ মাহত আৰু ২৬/৫/৪৬ তাৰিখে প্ৰস্তাৱসমূহ সদৰী কৰি জাননী দিছিল৷ প্ৰস্তাৱসমূহত কোৱা হৈছিল ভাৰতবৰ্ষক তিনিভাগে ভাগ কৰা হ’ব৷ ‘ক’ গোট (বৰ্তমান পাকিস্তান), ‘খ’ গোট (উত্তৰ-পূৰ্বাঞ্চলক বাদ দি বৰ্তমানৰ ভাৰতবৰ্ষ), ‘গ’ গোট (বৰ্তমান বাংলাদেশ, পূৰ্বৰ পূব পাকিস্তান, আজিৰ উত্তৰ-পূৰ্বাঞ্চল)৷ প্ৰস্তাৱত কোৱা হৈছিল যে ‘ক’, ‘খ’, ‘গ’ গোটৰ বাবে সংবিধান সভা এখন অনুষ্ঠিত হ’ব৷ কিন্তু ‘ক’ গোট আৰু ‘গ’ গোটৰ বাবে একোখন পৃথক সংবিধান সভা থাকিব৷

বহু আলোচনাৰ শেহত ৬/১২/৪৬ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছে ইংৰাজ চৰকাৰৰ এই প্ৰস্তাৱসমূহ গ্ৰহণ কৰিছিল, কিন্তু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গ্ৰুপিং প্ৰথা তথা ‘গ’ গোটৰ স্থিতি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু গ্ৰুপিং-বিৰোধী আন্দোলন অনুষ্ঠিত কৰিছিল তেতিয়াৰ অসমৰ প্ৰধান মন্ত্ৰী গোপীনাথ বৰদলৈৰ নেতৃত্বত৷ সেই আন্দোলনক প্ৰত্যক্ষভাৱে সমৰ্থন কৰিছিল মহাত্মা গান্ধীয়ে৷ ‘ক’ গোটত অন্তর্ভুক্ত পঞ্জাবৰ শিখ আৰু হিন্দু সম্প্ৰদায়েও আপত্তি দৰ্শাইছিল৷ আপত্তি দৰ্শাইছিল উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ কংগ্ৰেছী চৰকাৰে৷ ইতিমধ্যে অসম, পঞ্জাব আৰু উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশক ‘গ্ৰুপ কাউন্সিল’ত যোগ দিবৰ বাবে বাধ্য কৰিবলৈ গণ পৰিষদৰ নিৰ্বাচনৰ বাবে ১৬ জুলাই ১৯৪৬ নিৰ্ধাৰণ কৰা হ’ল৷

সকলোৰে ধাৰণা হ’ল যে ‘গ্ৰুপিং-বিৰোধী’ আন্দোলন বিফল হ’ল, বৰদলৈৰ সকলো কলা-কৌশল নিঃস্ফল হ’ল৷ ২৬ জুলাই তাৰিখে অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ল৷ দহ জন সদস্য নিৰ্বাচিত হ’ল৷ তিনিজন মুছলিম লীগৰ আৰু সাতজন কংগ্ৰেছৰ৷ এতিয়া আৰু ‘গ’ গোটৰ ‘গ্ৰুপিং কাউন্সিল’ অনুষ্ঠিত হোৱাত বাধা নাই, কংগ্ৰেছৰ সাতজনে যোগ নিদিলেও মুছলিম লীগৰ তিনিজনে যোগ দিব৷ ‘গ্ৰুপিং কাউন্সিল’ অনুষ্ঠিত হ’ব৷ অসম পূব পাকিস্তানত অন্তৰ্ভুক্ত হ’ব৷ কিন্তু নিৰ্বাচন শেষ হোৱাৰ লগে লগে গোপীনাথ বৰদলৈয়ে এটা প্ৰস্তাৱ দাঙি ধৰিলে৷ প্ৰস্তাৱটোত কোৱা হ’ল যে,

‘আজিৰ এই বিধানসভাই কেবিনেট মিছনৰ প্ৰস্তাৱসমূহ নামঞ্জুৰ কৰে৷ বিশেষকৈ প্ৰস্তাৱৰ ১৫ ধাৰাটো (যিটোত ‘গ্ৰুপিং’ সম্পৰ্কে উল্লেখ আছিল)’৷

‘আজিৰ এই বিধানসভাই ভাবে যে আন কোনো ৰাজ্যৰ সহযোগত অসমৰ বাবে এখন সংবিধান ৰচনা হ’ব নোৱাৰে৷’

‘আজিৰ এই বিধানসভাই বিশ্বাস কৰে যে অসমৰ বাবে এখন আছুতীয়া সংবিধান অসমৰ ৰাইজ আৰু অসম চৰকাৰেহে ৰচনা কৰিব পাৰে৷’

‘আজিৰ এই বিধানসভাই সেয়েহে আজ্ঞা জাৰি কৰে যে গণ পৰিষদলৈ নিৰ্বাচিত সদস্যসকলে যাতে গণ পৰিষদৰ লগত বিশষকৈ গ্ৰুপ কাউন্সিলৰ লগত সহযোগিতা নকৰে৷’

ফলত মুছলিম লীগৰ তিনিজন সদস্যায়ো ‘গ্ৰুপ কাউন্সিল’ত যোগ দিয়াৰ মুদা মৰিল৷ ১৭ জুলাই তাৰিখে তেতিয়াৰ অসমৰ লাট চাহেব হিউ এন্দ্ৰো ক্লাউ চাহেবে ইংৰাজ চৰকাৰৰ Secreatary of states-লৈ এখন পত্ৰ প্ৰেৰণ কৰিলে৷ পত্ৰখনত ১৬ জুলাইৰ অসম বিধানসভাৰ বিৱৰণীসহ এই মন্তব্য প্ৰকাশ কৰিলে যে গোপীনাথ বৰদলৈয়ে গ্ৰুপিং আঁচনি কনছাল কৰিবলৈ সক্ষম হ’ল৷ সেই চিঠিৰ উত্তৰত ১৯৪৬ৰ ৮ আগষ্টত Secreatary of states-এ জনালে যে কেবিনেট মিছনৰ প্ৰস্তাৱসমূহৰ মূল আধাৰ আছিল ‘গ্ৰুপিং প্ৰথা’৷ বৰদলৈয়ে সেই আঁচনি কনছাল কৰিবলৈ সক্ষম হ’ল৷

উল্লেখ্য যে, ১৯৪৬ৰ ৩ আগষ্টত পণ্ডিত জৱাহৰলাল নেহৰুৱে বৰদলৈলৈ এখন চিঠি প্ৰেৰণ কৰিছিল ৷ যিখনত ‘গ্ৰুপিং কাউন্সিল’ত যোগ দিয়াৰ পৰামর্শ আছিল৷ শেষৰ বাক্য শাৰীত লিখিছিলে এনে ধৰণে,  যাৰ খাচ অসমীয়াত অর্থ হ’ব ‘কেলেই ভয় কৰিছা, আমি আছোঁ নহয়৷’ মুছলিম লীগৰ তৰফৰ পৰা মঃ আলি জিন্নাই সঘনে দাবী কৰিছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছে কেবিনেট মিছনৰ প্ৰস্তাৱসমূহ আখৰে আখৰে গ্ৰহণ নকৰালৈকে মুছলিম লীগে কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকিব৷ চৰকাৰৰ তৰফৰ পৰা কংগ্ৰেছৰ ওপৰত প্ৰচণ্ড হেঁচা প্ৰয়োগ কৰা হৈছিল৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইতিমধ্যে এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছে কেবিনেট মিছনৰ প্ৰস্তাৱসমূহ আখৰে আখৰে গ্ৰহণ কৰিলে অৰ্থাৎ ‘গ্ৰুপিং প্ৰথা’ গ্ৰহণ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্তৰ্ভুক্ত হৈ নাথাকিব৷

১৯৪৬ চনৰ ৬ ডিচেম্বৰ তাৰিখে ভাৰতীয় কংগ্ৰেছ কমিটিয়ে কেবিনেট মিছনৰ প্ৰস্তাৱসমূহ আখৰে আখৰে গ্ৰহণ কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৩৪২টা ভোটত৷ অসমৰ ১২ জন প্ৰতিনিধিৰ প্ৰতিবাদ অগ্ৰাহ্য কৰা হ’ল৷ অসম কংগ্ৰেছৰ মুখপাত্ৰ আছিল পুষ্পলতা দাস, তেখেতৰ বক্তৃতাৰ সময়ত তেখেতক যথেষ্ট তুচ্ছ তাচ্ছিল্য কৰাৰ উপৰি অশ্লীল ব্যঙ্গ কৰা হৈছিল হেনো৷ প্ৰস্তাৱ গৃহীত হ’লত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ লগত সম্বন্ধ ছেদ কৰি গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমৰ বাৰজন প্ৰতিনিধিয়ে সভাকক্ষ ত্যাগ কৰে৷

ফখৰুদ্দিন আলি আহমেদ আৰু তৈয়বুল্লা চাহাব কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বিশষভাৱে আমন্ত্ৰিত সদস্য আছিল বাবে সভাকক্ষ ত্যাগ কৰিব নোৱাৰিলে৷ তাকে লৈ কিছু বাক-বিতণ্ডা হৈছিল যদিও পিছত সংবাদসেৱীসকলে বৰদলৈক সুধিছিল, এয়া আপুনি কি কৰিলে? গান্ধীজীৰ লগত কথা নাপাতে কিয়? Of course I will take to Gandhi but I have not yet talked to god – বৰদলৈয়ে উত্তৰ দিছিল৷ পিছদিনা দিল্লীৰ বাতৰি কাকতত বৰ বৰ হৰফেৰে লিখিছিল- We have heard about the Jungles of Assam. Today we saw its lion in Delhi.

বিজয় চন্দ্ৰ ভাগৱতী আৰু মহেন্দ্ৰ মোহন চৌধুৰীক এখন গোপন পত্ৰসহ প্ৰেৰণ কৰিছিল গান্ধীজীৰ ওচৰলৈ৷ তেখেত তেতিয়া বিহাৰৰ মধুবনীত৷ গান্ধীজীয়ে সেইখন চিঠিৰ উত্তৰ দি পঠিয়াইছিল৷ তেখেতসকল দুয়োজন গুৱাহাটী আহি পোৱাৰ সময়ত জজ ফিল্ডত বিৰাট জনসভাত সভাপতিত্ব কৰিছিল জগদীশ মেধি ডাঙৰীয়াই৷ ভাগৱতী আৰু চৌধুৰী দুয়োজনকে সভালৈ মাতি অনা হ’ল৷ তেখেতসকলে গান্ধীজীয়ে বৰদলৈ লৈ লিখা চিঠিৰ কথা ক’লে আৰু ক’লে যে গান্ধীজীয়ে অসমীয়া ৰাইজলৈ আশীৰ্বাদ দিছে৷ চাৰিওফালৰ পৰা চিঞৰৰ ৰোল উঠিল চিঠিখন পঢ়ি দিয়ক, নেতা আৰু জনতাৰ মাজত এই চীনৰ প্ৰাচীৰ কিয়?

চিঠি খুলি দিয়া হ’ল, পঢ়ি দিয়া হ’ল৷ বৰদলৈয়ে চিঠিখন পোৱাৰ পূৰ্বেই বাতৰি কাকতত প্ৰকাশ হ’ল৷ বৰদলৈয়ে চিঠিখন পোৱাৰ পিছত প্ৰতিবাদ টোকা পঠিয়ালে যে তেখেতে পোৱা চিঠিখনৰ ভাষা বেলেগ৷ What a great statesman lived in our midst. চিঠিখনত গান্ধীজীয়ে লিখিছিল ‘মই পোহৰ দেখিছোঁ কংগ্ৰেছৰ আলিদোমোজাত, আপুনি কংগ্ৰেছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ কথা কৈছোঁ৷ মই যেন পোহৰ দেখিছোঁ৷’ তেতিয়া কংগ্ৰেছৰ সভাপতি আব্দুল কালাম আজাদে কেবিনেট মিছনলৈ লিখিছল –Our objection is now highest on the point of Assam. মাউণ্ট বেটেণ্ডৰ প্লেন অনুসাৰে চিলেট জিলাত গণভোট হ’ল৷ গণভোট হ’ল উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশত৷ অধিক ভোটত এইবোৰ অঞ্চল পাকিস্তানৰ অন্তৰ্ভুক্ত হ’ল৷ বহু কষ্টৰ ফলত আমি ভাৰতবৰ্ষত ৰৈ গ’লোঁ৷

স্বাধীনতা প্ৰাপ্তি আমাৰ কাৰণে বেদনাদায়ক৷ মহাত্মা গান্ধীয়ে ১৯৪৬ চনৰ ১৬ মে’ৰ নিশা কেবিনেট মিছনৰ প্ৰস্তাৱসমূহ পঢ়ি- ১৫ দফাটো পঢ়ি অনুভৱ কৰিছিল যে অসম, পঞ্জাব, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ আৰু সিন্ধু প্ৰদেশৰ লোকসমাজৰ ওপৰত যি বাধ্যবাধকতা আৰোপ কৰা হৈছে সি যথাৰ্থ নহয়৷ ১৭ মে’, ১৯ মে’, ২০ মে’ তাৰিখে গান্ধীজীয়ে চাৰিখন চিঠি লিখিছিল- কেবিনেট মিছনলৈ যে- তোমালোকৰ প্ৰস্তাৱ অনুসৰি ভাৰত স্বাধীন হয়তো হ’ব, কিন্তু the people of Assam, Punjab, Sind and NWRP will have lost their right of self determination. Four proposals bear compulsion on certain states which is unfair. কেবিনেট মিছনৰ প্ৰস্তাৱসমূহৰ ওপৰত দুজন ভাৰতীয়ৰ প্ৰতিক্ৰিয়া আছিল quick and immediate৷ তেওঁলোক আছিল গান্ধীজী আৰু গোপীনাথ বৰদলৈ৷

নিবাৰণ বৰাৰ ভাষাত- “এই কথাক লৈ আজি অসমীয়াই গৰ্বও নকৰে যে, মাত্ৰ দুজন ভাৰতীয়ৰ বাবেই আমি পাকিস্তানত অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰেহাই পাই গ’লোঁ৷ ১৫/৮/৪৭ত স্বাধীনতা আহিল৷ ১৫/১২/৪৭ তাৰিখে পণ্ডিত জৱাহৰলাল নেহৰু আহিল অসম পৰিভ্ৰমণত৷ বৰদলৈ ডাঙৰীয়া শ্বিলঙৰ পৰা নামি আহিবলৈ ৰাজী নহ’ল৷ অসমৰ বাবে তেতিয়া একমাত্ৰ প্ৰশ্ন- আমি কেনেকৈ পাকিস্তানত অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা পাওঁ৷ তাৰবাবে কি ক’ত হৈছে, সেই কথাৰ ভূ-ভা ৰখাৰ আমাৰ সময় নাই৷ কাৰণ আমি পৰিত্যক্ত৷ জৱাহৰলাল নেহৰুৰ version, Indian Independence can not wait for Assam. সেইটো পৰিস্থিতিত আমি স্বাধীন হ’লো৷”

জাতীয় সংগ্ৰামৰ আপোচহীন মহানায়কজনে সেই সময়ৰ সেই পৰিস্থিতি দেখিছিল, উপলব্ধি কৰিছিল৷ আজি ছাত্ৰ সমাজে স্বাধীনতাৰ সেই তিক্ততাসমূহ সন্মুখত লৈ গণ সংগ্ৰামৰ পাতনি মেলে৷ ৰাষ্ট্ৰৰ চৰিত্ৰক সমালোচনা কৰিব বিচাৰে৷ ছাত্ৰ সমাজে কৰি অহা এই উপলব্ধিৰ প্ৰকৃত ছবিখন উত্থাপন কৰাৰ বাবে নিবাৰণ বৰাৰ ৰাজহুৱা বক্তব্যখিনি বিশেষকৈ গ্ৰুপিঙৰ প্ৰসংগত আলোচনালৈ অনা হ’ল৷

ফোনঃ ৯৭০৭০-২৪৬১২

প্ৰতি মঙলবাৰে প্ৰকাশ পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here