নৱেম্বৰতেই বজাৰলৈ আহিব পাৰে কৰোনাৰ টীকা! চীনৰ দাবী

0
64

# নিউজ ডেস্ক #

আমেৰিকাৰ পিছত এইবাৰ কোভিড প্ৰতিষেধক বজাৰলৈ উলিয়াই দিয়াৰ দৌৰত নামিছে চীন৷ চীনৰ দাবী, চলিত বছৰৰ নৱেম্বৰতেই সকলোৰে ওচৰত উপলব্ধ হৈ যাব পাৰে তেওঁলোকৰ দ্বাৰা তৈয়াৰী প্রতিষেধক।

সোমবাৰে চীনৰ চেণ্টাৰ ফৰ ডিজিজ কন্ট্রোল এণ্ড প্রিভেনচন (চিডিচি)ৰ প্রধান গুইজেন য়ুৱে জনাইছে, তেওঁলোকৰ চাৰিটা টীকা ক্লিনিকেল ট্রায়েলৰ শেষ পর্যায়ত আছে। সকলো কেইটাৰ পৰীক্ষা-নিৰীক্ষাই মসৃণভাবে আগুৱাইছে। য়ুৱে লগতে জনাইছে, ইতিমধ্যে যোৱা জুলাইত এই চাৰিটা টীকাৰ ভিতৰত প্ৰায় তিনিটাৰ প্রয়োগ কৰা হৈছে দেশৰ জৰুৰী সেৱাৰ সৈতে সংযুক্ত কর্মীসকলৰ ওপৰত।

প্রয়োগৰ ফলাফলক লৈ বিস্তাৰিতভাৱে জনা নগ’লেও চীনৰ চৰকাৰী সংবাদ মাধ্যমত এক সাক্ষাৎকাৰত তেওঁৰ দাবী, সকলো ঠিকে-ঠাকে থাকিলে অহা নৱেম্বৰত বা ডিচেম্বৰৰ ভিতৰতেই বজাৰলৈ আহিব পাৰে তেওঁলোকৰ কোভিড প্রতিষেধক। চিডিচি প্রধানগৰাকীয়ে লগতে দাবী কৰে যে যোৱা এপ্রিলত তেওঁ নিজেই কৰোনাৰ টীকা লৈছে। এই পর্যন্ত কোনো পার্শ্বপ্রতিক্রিয়া হোৱা নাই। কিন্তু এই চাৰিটা টীকাৰ ভিতৰত কোনটো প্রতিষেধক তেওঁ ব্যৱহাৰ কৰিছে, সেয়া ৰাজহুৱা কৰা নাই য়ুৱে।

উল্লেখ্য যে চীনৰ ঔষধ প্রস্তুতকাৰী কোম্পানী চিনোফার্ম আৰু চিনোভেক বায়োটেকে তিনিটা ভেকচিন তৈয়াৰৰ কাম কৰিছে। চতুর্থ ভেকচিনটো তৈয়াৰ কৰিছে কেনচিনো বায়োলজিক্সে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here