চাৰি বছৰত ৩৮ জন বেংক প্ৰৱঞ্চকে দেশ এৰিছে ! কেন্দ্ৰৰ স্বীকাৰোক্তি

0
69

# নিউজ ডেস্ক #

নিজকে ‘চকীদাৰ’ বুলি দাবী কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজত্বতেই এজনৰ পিছত আনজন বেংক প্ৰৱঞ্চকে হাজাৰ হাজাৰ কোটিৰ দুর্নীতি কৰি দেশ এৰি পলাইছে। ৰ’ব, এই অভিযোগ বিৰোধীৰ নহয়। সংসদত উপস্থিত থাকি এই অকপট স্বীকাৰোক্তি আগবঢ়াইছে খোদ কেন্দ্রীয় বিত্ত ৰাজ্যমন্ত্রী অনুৰাগ ঠাকুৰে। এগৰাকী সাংসদৰ প্রশ্নৰ উত্তৰত সংসদক তেওঁ জনায় যে এজন দুজন নহয়, ২০১৫ চনৰ পৰা ২০১৯ চনৰ ডিচেম্বৰ পর্যন্ত দেশ এৰিছে মুঠ ৩৮ জন বেংক প্ৰৱঞ্চকে।

সাংসদৰ প্রশ্নৰ উত্তৰত অনুৰাগ ঠাকুৰে জনায় যে ২০১৫ চনৰ জানুৱাৰীৰ পিছত এনে ৩৮জন উদ্যোগপতিয়ে ভাৰত এৰি পলায়ন কৰিছে যিসকলৰ বিৰুদ্ধে বেংক জালিয়াতিৰ তদন্ত কৰিছে চিবিআই-এ। অৱশ্যে এই ৩৮জনে ঠিক কিমান টকাৰ দুর্নীতি কৰিছে সেই তথ্য ৰাজহুৱা কৰা নাই কেন্দ্রই। কিন্তু সংখ্যাটো যে বিপুল পৰিমাণৰ হ’ব তাত কোনো সন্দেহ নাই। কাৰণ ২০১৫ চনৰ পিছত যিসকলে ভাৰত এৰিছে তেওঁলোকৰ ভিতৰত বিজয় মালিয়া, মেহুল চক্সি, নীৰৱ মোদীহঁতৰো নাম আছে। যিসকল হাজাৰ হাজাৰ কোটি টকাৰ জালিয়াতিত অভিযুক্ত।

চিন্তাৰ বিষয় হ’ল, যোৱা বছৰো সংসদত একেই প্রশ্ন কৰা হৈছিল চৰকাৰক। সেই সময়ত তদনান্তীন বিত্ত ৰাজ্যমন্ত্রীয়ে জনাইছিল, ২০১৮ চন পর্যন্ত মুঠ ২৭জন ঋণখিলাপীয়ে দেশ এৰি পলায়ন কৰিছে। অর্থাৎ ২০১৮ৰ পৰা ২০১৯- এই এটা বছৰতে ভাৰত এৰি পলায়ন কৰিছে আৰু ১১জন প্ৰৱঞ্চকে।

অৱশ্যে কেন্দ্রৰ দাবী, তেওঁলোক মনে মনে বহি থকা নাই। অনুৰাগ ঠাকুৰে লগতে জনায়, এই পলাতক উদ্যোগপতিসকলৰ বিৰুদ্ধে সকলোধৰণৰ আইনী পদক্ষেপ গ্ৰহণ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। ইয়াৰ ভিতৰত ইতিমধ্যে ২০জনক প্রত্যর্পণৰ প্রক্রিয়া আৰম্ভ হৈছে। এওঁলোক যিবোৰ দেশত আছে সেই দেশবোৰক তেওঁলোকক প্রত্যর্পণৰ বাবে অনুৰোধ জনাইছে মোডী চৰকাৰে।

ইণ্টাৰপুলৰ ওচৰত মুঠ ১৪জনৰ বিৰুদ্ধে ৰেড কর্নাৰ নোটিচ জাৰি কৰাৰো অনুৰোধ জনাইছে ভাৰতে। ১১জনৰ বিৰুদ্ধে প্রিভেনচন অব মানী লণ্ডাৰিং এক্টৰ অধীনত তদন্ত আৰম্ভ হৈছে। কিন্তু ইমানৰ পিছতো তেওঁলোকক কিয় দেশলৈ উভতাই আনিব পৰা নাই চৰকাৰে, এই কটাক্ষ কৰিবলৈও এৰা নাই বিৰোধীয়ে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here