মুম্বাই ইণ্ডিয়ানছত যোগ দিলে শচীন-পুত্র অর্জুন তেণ্ডুলকাৰে !

0
53

# স্পৰ্টছ ডেস্ক #

মুম্বাই ইণ্ডিয়ানছৰ জাৰ্চীত এইবাৰ বাইশ গজত দেখা যাব নেকি অর্জুন তেণ্ডুলকাৰক? ঘৰুৱা দলটাতেই আইপিএলত অভিষেক হ’বলৈ আগবাঢ়িছে নেকি শচীন-পুত্রৰ? সংযুক্ত আৰব ৰাষ্ট্ৰত উপস্থিত হৈয়েই ছ’চিয়েল মিডিয়াৰ চর্চাৰ শীর্ষত উপনীত হ’ল অর্জুন তেণ্ডুলকাৰ। গুণাগথা দুগুণ হ’ল মুম্বাই দলৰ সদস্যসকলৰ সৈতে এখন ফটো পোষ্ট কৰাৰ পিছতেই৷

সংযুক্ত আৰব ৰাষ্ট্ৰত উপস্থিত হৈ এখন ফটো পোষ্ট কৰে অৰ্জুনে। য’ত দেখা যায়, ট্রেন্ট ব’ল্ট, জেমছ পেটিনছনসহ মুম্বাই দলৰ বহু কেইজন সদস্যৰ সৈতে ছুইমিং পুলত অর্জুনো। আৰু সেই ফটো ভাইৰেল হোৱাৰ লগে লগেই গুণাগথা আৰম্ভ হৈ যায়।

উল্লেখ্য যে এইবাৰৰ আইপিএলৰ নিলামতো নাছিল অৰ্জুন তেণ্ডুলকাৰ। তাৰ পৰাই দুয়ে দুয়ে চাৰি কৰাৰ চেষ্টা কৰে ক্রিকেটপ্রেমীয়ে। নহ’লে হঠাৎ কিয় আইপিএলৰ পূৰ্বে ডুবাইলৈ গৈ মুম্বাই দলত যোগ দিব তেওঁ? কিন্তু সত্যটো পিছে আনহে। প্ৰকৃততে ৰোহিত শর্মাৰ দলত নেট বলাৰ হিচাবেহে দেশখনলৈ গৈছে অর্জুন।

নেটত বেটছমেনসকলক অনুশীলনৰ বাবে প্রতিটো ফ্ৰেন্সাইজিয়েই নির্দিষ্ট সংখ্যক বলাৰ লৈ গৈছে। ঠিক তেনেভাবেই মুম্বাই শিবিৰত আছেন অর্জুন। অৱশ্যে এয়াই প্রথম নহয়, ইয়াৰ পূৰ্বেও মুম্বাই দলৰ তাৰকাসকলৰ অনুশীলনত নেটত বল কৰা দেখা গৈছে শচীন-পুত্রক। কিন্তু আন কেইবাৰ মুম্বাইতেই ঘৰুৱা ষ্টেডিয়ামত অনুশীলন কৰিছিল ৰোহিত বাহিনীয়ে। সেই ক্ষেত্রত বাঁওহতীয়া পেচাৰ অর্জুনক মুম্বাই শিবিৰত দেখি বিশেষ বিস্মিত হোৱা নাই কোনো।

কিন্তু এইবাৰ চিধা বিদেশত উপস্থিত হওঁতেই বাঢ়ে কৌতুহল। তেনেহ’লে চলিত বৰ্ষৰ আইপিএলত মুম্বাইৰ জাৰ্চিত খেলাৰ কোনো সম্ভাৱনাই নাই নেকি অর্জুনেৰ? নহয়, সেই সম্ভাৱনাও সম্পূৰ্ণভাৱে উৰুৱাই দিয়া হোৱা নাই। জানিব পৰা মতে, যদি কোনো তাৰকা আঘাতৰ কাৰণে টুর্নামেণ্টৰ পৰা আঁতৰি যায়, তেনেহ’লে ভাগ্যৰ চকৰি ঘূৰিব পাৰে অর্জুনৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here