সাৰ্বজনীন কৰোনা টীকা ২০২৪ৰ পূৰ্বে নহয় : দাবী চিৰাম ইনষ্টিটিউটৰ

0
58

# নিউজ ডেস্ক #

এই মুহূৰ্তত সকলোৰে বাবে বহুমূলীয়া প্ৰশ্ন- সাৰ্বজনীন স্তৰত কেতিয়া উপলব্ধ হ’ব কৰোনা টীকা? ইতিমধ্যে বিভিন্ন স্তৰত বিভিন্ন পক্ষই এই বিষয়ত আগবঢ়াইছে মতামত৷ কোনোৱে যদি কৈছে চলিত বছৰৰ শেষৰ ফালেই সৰ্বাসাধাৰণে কোভিড প্ৰতিষেধক লাভ কৰিব, কোনোৱে আকৌ ইয়াৰ বাবে ২০২২ পৰ্যন্ত অপেক্ষা কৰাৰ কথা উল্লেখ কৰিছে৷ কিন্তু জানিব পৰা মতে, কোভিডৰ প্রতিষেধক তৈয়াৰ হ’লেও সেয়া এতিয়াই বিশ্ববাসীৰ হাতত পৰাৰ সম্ভাৱনা নাই। তাৰ বাবে অপেক্ষা কৰিব লাগিব আৰু ৪-৫ বছৰ। কোভিডত ককবকাই থকা জনতাৰ বাবে এনে নিৰাশাজনক কথাই শুনালে চিৰাম ইনষ্টিটিউটে৷ চিৰামৰ শীৰ্ষ বিষয়া আদৰ পুণাৱালাৰ দাবী, সমগ্ৰ বিশ্বৰ বাবে পর্যাপ্ত পৰিমাণত কোভিড প্ৰতিষেধক তৈয়াৰ কৰিবলৈ ২০২৪ৰ শেষ পর্যন্ত অপেক্ষা কৰিব লাগিব।

পুণৰ ঔষধ উৎপাদনকাৰী কোম্পানীটোৰ মুখ্য কাৰ্যবাহী আদৰ পুণাৱালাৰ দাবী, সমগ্ৰ বিশ্বৰ কোভিড ৰোগীক প্রতিষেধক উপলব্ধ কৰোৱাৰ সামর্থ্য নাই ঔষধ প্রস্তুতকাৰী কোম্পানীসমূহৰ। তেওঁ লগতে কয়, কোম্পানীসমূহে উৎপাদন ক্ষমতা সিমান দ্রুততাৰে বঢ়াব পৰা নাই, যাতে বিশ্বৰ সকলো কোভিড ৰোগীক এই প্রতিষেধক কম সময়তে উপলব্ধ কৰাব পাৰে। বিশ্বৰ সকলোৰে বাবে টীকা উপলব্ধ কৰাবলৈ প্ৰায় চাৰি-পাঁচ বছৰ সময় লাগিব।

এখন সর্বভাৰতীয় দৈনিক কাকতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই দাবী কৰে আদৰ পুণাৱালাই। তেওঁৰ হিচাব অনুযায়ী, হাম বা ৰোটাভাইৰাছৰ দৰে কোভিড-১৯ৰ সংক্রমণৰ পৰা মুক্তি পাবলৈ অন্তত দুটা ড’জৰ প্রয়োজন হ’ব। তেনে ক্ষেত্রত সমগ্ৰ বিশ্বৰ কোভিড ৰোগীসকলৰ বাবে প্ৰায় ১,৫০০ কোটি প্রতিষেধক প্রয়োজন। কিন্তু সকলোৰে বাবে সেয়া বোধহয় চলিত বছৰৰ শেষত বা আগন্তুক বছৰৰ আৰম্ভণিতে পোৱা সম্ভৱ নহয়।

উল্লেখ্য যে অক্সফোর্ড বিশ্ববিদ্যালয় আৰু ছুইডিচ কোম্পানী এষ্ট্ৰাজেনেকাৰ দ্বাৰা তৈয়াৰী কৰোনা প্রতিষেধক কোভিশিল্ডৰ উপৰি নোভাভেক্সসহ পাঁচটা আন্তর্জাতিক কোম্পানীৰ সৈতে ইতিমধ্যে চুক্তি আছে চিৰাম ইনষ্টিটিউটৰ। ৰাছিয়াৰ তৈয়াৰী প্রতিষেধক ‘স্পুটনিক-ভি’ প্ৰস্তুতৰ বাবেও চিৰামৰ নাম শুনা গৈছে। কিন্তু সেই চুক্তি এতিয়াও সম্পন্ন নহ’লেও ১ কোটি প্রতিষেধক উৎপাদনৰ লক্ষ্যও আছে তেওঁলোকৰ। ইয়াৰ ভিতৰত ৫০ শতাংশই ভাৰতৰ বজাৰত মুকলি কৰা হ’ব বুলি পূৰ্বতেই জনাইছে চিৰামে। অৱশ্যে কোভিড ভেকচিনক লৈ বিশ্বজুৰি ৰাষ্ট্রনেতাসকলৰ প্রতিশ্রুতি পূৰণ কৰা যে অসম্ভৱ হৈ উছিঠে, তাকো মনত পেলাই দিছে আদৰ পুণাৱালাই। তেওঁ ভাবে, প্রতিশ্রুতিৰ সৈতে সমান্তৰালভাবে চলা নাই ঔষধ প্রস্তুতকাৰী কোম্পানীবোৰৰ উৎপাদন ক্ষমতা। তেওঁৰ মতে, “আমি জানো, সমগ্ৰ বিশ্বই প্রতিষেধকক লৈ আশাবাদী… কিন্তু এনেকুৱা ক’তো এতিয়াও শুনা নাই যে কোনোৱে ইয়াক উৎপাদন কৰাৰ দৰে অৱস্থাৰো ওচৰ চাপিব পাৰিছে।”

কোভিড প্রতিষেধকক লৈ প্রায় একেই নিৰাশাজনক কথা শুনাইছে আদৰৰ পিতৃ ছাইৰাছ পুণাৱালাইও। আনকি ভাৰতত এই সম্পৰ্কত সুনির্দিষ্ট পৰিকল্পনা নাই বুলিয়ে ভাৱে তেওঁ। তেওঁৰ মতে, “ভাৰতত ৪০ কোটি ড’জতকৈ বেছি প্রতিষেধক উৎপাদনৰ দৰে কোনো সুনির্দিষ্ট পৰিকল্পনা নাই। আনকি কাগজে-কলমেও নাই।”

LEAVE A REPLY

Please enter your comment!
Please enter your name here