অহা বছৰতেই আহিব কৰোনা টীকা : আশাবাদী বিল গেটছ

0
50

# নিউজ ডেস্ক #

চলিত বছৰৰ শেষতেই কৰোনা টীকাৰ গৱেষণা আৰু উৎপাদনৰ ক্ষেত্রত সাফল্যৰ আশা কৰিছে বিল গেটছে। মঙলবাৰে এক সাক্ষাৎকাৰত তেওঁ কয়, ‘‘কৰোনা টীকা সংক্রান্তীয় গৱেষণাত ছয়টা কোম্পানী অগ্রণী ভূমিকাত আছে। অহা বছৰৰ আৰম্ভণিতেই তিনিটাৰ উৎপাদন আৰু বিতৰণৰ কাম আৰম্ভ হৈ যাব।’’

আগন্তুক বছৰত কৰোনা টীকা ব্যৱহাৰ পূৰ্ণোদ্যমে আৰম্ভ হ’ব আৰু কোভিড-১৯ সংক্রমণ এৰাই তাৰ সুফল পাবলৈ আৰম্ভ কৰিব বুলিও জনায় গেটছে। লগতে মাইক্রোছফ্‌টৰ সহ-প্রতিষ্ঠাতাগৰাকীৰ দাবী, কৰোনা টীকাৰ উৎপাদনৰ ক্ষেত্রত ভাৰতৰ অংশীদাৰিত্ব অপৰিহার্য হৈ উঠিব। তেওঁৰ মত, ‘‘কৰোনা টীকা তৈয়াৰ হোৱাৰ পিছতেই মই দ্রুতগতিত তাৰ উৎপাদন আৰম্ভ হোৱাটো বিচাৰো। মোৰ ভাব হয়, বিশ্ববাসীয়ে এনে এটি টীকাৰ প্রতি ভৰসা ৰাখিব, যি আমেৰিকা, ইউৰোপ বা ব্রিটেইনৰ মানদণ্ডত পৰীক্ষিত।’’

তেওঁ আৰু কয়, ‘‘দ্রুতগতিত আৰু বিপুল পৰিমাণে কৰোনা টীকা উৎপাদনৰ ক্ষেত্রত ভাৰতৰ দক্ষতা প্রশ্নাতীত।’’ অৱশ্যে পুণেৰ ঔষধ উৎপাদনকাৰী কোম্পানী চিৰামৰ চিইঅ’ আদৰ পুণাৱালাই কেইদিনমান পূৰ্বে কৈছিল, ২০২৪ চনৰ আগতে সকলোৰে ওচৰত কৰোনা টীকা উপলব্ধ কৰোৱাটো সম্ভৱ বুলি তেওঁ নাভাবে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here