সমন্বয়ৰ পীঠস্থান হাজো

0
57

# বিদ্যুত কলিতা #

বৈচিত্ৰ্যময় অসমৰ পুণ্যভূমি হাজো৷ পঞ্চতীৰ্থ নামেৰে খ্যাত হাজোৰ মহত্ব বৈষ্ণৱ গুৰু অনন্ত কন্দলিৰ এটা পদৰ মাজেৰে উদ্ভাসিত হয় :

হাজো হেন নাম পৱিত্ৰ উত্তম

যান কামৰূপ মাজে

মণিকূট গিৰি শিখৰত আছে

হয়গ্ৰীৱ দেৱৰাজে৷৷

(ৰামায়ণৰ অযোধ্যাকাণ্ড)

হাজোৰ ঐতিহাসিক বিস্তৃতি আৰু সাংস্কৃতিক বৈশিষ্ট্যই এই অঞ্চলক ঐতিহ্যমণ্ডিত কৰি তুলিছে৷ ই হ’ল সমন্বয়ৰ পীঠস্থান৷ হিন্দু আৰু মুছলমানৰ উপৰি বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বাবেও পুণ্যভূমি৷ ধৰ্মৰ ত্ৰিবেণী সংগম হাজো সমন্বয়ৰ এক বিৰল দৃষ্টান্ত৷ হিন্দুসকলৰ আকৰ্ষণ হ’ল হয়গ্ৰীৱ মাধৱ মন্দিৰ৷ এই মন্দিৰ বৌদ্ধসকলৰ বাবেও আকৰ্ষণীয় থলী৷ ভালেমান বৌদ্ধ ধৰ্মাৱলম্বী লোক আৰু এচাম পণ্ডিতে হাজোতেই বুদ্ধদেৱে মহাপৰিনিৰ্বাণ লাভ কৰিছিল বুলি দাবী কৰে৷ হিন্দু আৰু বৌদ্ধসকলৰ এই পীঠস্থানৰ উপৰি হাজোৰ পোৱামক্কা মুছলমানসকলৰ বাবে অতি পৱিত্ৰ স্থান৷

গৰুড়াচল পাহাৰস্থিত পোৱামক্কাৰ ধৰ্মীয় গুৰুত্ব আৰবৰ মক্কা-মদিনাৰ পিছতেই৷ যিসকলে মক্কালৈ হজ যাত্ৰা কৰিব পৰা নাই তেওঁলোকে নিজৰ আত্মিক শান্তিৰ বাবে পোৱামক্কা দৰগাহ দৰ্শন কৰিলেও সমপৰ্যায়ৰ পুণ্য অৰ্জন কৰিব পাৰে বুলি এক গভীৰ বিশ্বাস৷ হিন্দুসকলৰ হয়গ্ৰীৱ মাধৱৰ উপৰি আছে কেদাৰেশ্বৰ, কামেশ্বৰ, কমলেশ্বৰ আৰু গণেশ মন্দিৰ৷ এই পাঁচটা মন্দিৰৰ বাবে হাজোক কোৱা হয় পঞ্চতীৰ্থ৷ হাজোতেই হয় পৱিত্ৰ হজ- হাজোতেই হয় পুণ্য তীৰ্থ ভ্ৰমণ৷ সেয়ে ধৰ্মানুৰাগীসকলৰ বাবে হাজো সদায়ে এক গুৰুত্বপূৰ্ণ স্থান৷

হাজো নামৰ উৎপত্তি সম্বন্ধে জনশ্ৰুতি পোৱা যায়৷ এই জনশ্ৰুতিমতে, কলি আৰু দ্বাপৰৰ সন্দিক্ষণত হাজোত একজোটি মুনিয়ে যোগ কৰিছিল৷ মুনিসকলৰ সাধনা সম্পূর্ণ নৌহওঁতেই তেওঁলোক যোগভ্ৰষ্ট হয়৷ তেনে হোৱাত মুনিসকলে ‘হত যোগ, হত যোগ’ বুলি চিঞৰিছিল আৰু তাৰ পৰাই হাজো নামৰ সৃষ্টি৷ আন এক জনশ্ৰুতিমতে, বুদ্ধদেৱে হাজোতে পৰিনিৰ্বাণ লাভ কৰিছিল৷ বুদ্ধদেৱৰ মৃত্যুৰ সময়ত তেওঁৰ শিষ্যবৰ্গই লোকতে ‘হ অ জু অ’ বা হাজু (সূৰ্য ডুব গ’ল) বুলি কান্দিছিল৷ তাৰ পৰা হাজো নামৰ উৎপত্তি বুলি বৌদ্ধসকলৰ বিশ্বাস৷ আনহাতে, মুছলমানসকলে ভাবে হজৰ পৰা সৃষ্টি হাজো৷

জনশ্ৰুতিৰ বাহিৰেও হাজো নামৰ উৎপত্তি সম্বন্ধে ঐতিহাসিক আৰু ভাষাতাত্বিক ব্যাখ্যাও আছে৷ ঐতিহাসিক ব্যাখ্যা মতে, এসময়ত ঠাইখন মেচ ৰজা হজ বা হাজুৰ ৰাজধানী আছিল৷ হাজুৰ নামেৰেই ঠাইখন হাজো বুলি জনাজাত হ’ল৷ ডঃ বাণীকান্ত কাকতি প্ৰভৃতি ভাষাতাত্বিকৰ মতে, হাজো এটা বড়োমূলীয়া শব্দ৷ বড়ো ভাষাৰ দুটা শব্দ ‘হা’ আৰু ‘গৰ্জো’ শব্দৰ অৰ্থ ওখ৷ গতিকে হাজো নামটোৱে ওখ ঠাই বা পৰ্বত-পাহাৰৰ ঠাইখনকে বুজাইছে৷ হাজো নাম সম্বন্ধে পোৱা জনশ্ৰুতি আৰু তাত্ত্বিক বিশ্লেষণবোৰৰ ভিতৰত ঐতিহাসিক বিশ্লেষণ অৰ্থাৎ মেচ ৰজা বৃজ বা হাজুৰ নামেৰে ঠাইখনৰ নাম হাজো হোৱাটো গ্ৰহণযোগ্য যেন লাগে৷ কালিকা পুৰাণত উল্লেখ কৰা মতে, ঠাইখন লৌহিত্য সাগৰৰ পূবত আছিল৷ হাজোৰ পূব আৰু দক্ষিণ দিশত লৌহিত্য নদ, উত্তৰে বর্ণশা নদী আৰু পশ্চিমে লৌহিত্য সাগৰ আছিল৷ ইয়াৰ সীমা পশ্চিমে সোণকোষ নদীৰ পৰা পূবে বৰনদীলৈকে আছিল৷ হাজোৱে আজিৰ পূৰ্বৰ ৰাজ্যৰ মৰ্যাদা হেৰুৱাই এক সৰু চহৰত পৰিণত হৈছে৷

হয়গ্ৰীৱ মাধৱ

হয়গ্ৰীৱ মাধৱ হাজোৰ প্ৰধান তীৰ্থ৷ এই তীৰ্থখনক কেন্দ্ৰ কৰিয়েই অঞ্চলটোৰ সামাজিক-সাংস্কৃতিক জীৱন গঢ়ি উঠিছে৷ হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকূট নামৰ পাহাৰৰ ওপৰত অৱস্থিত৷ ভাৰতবৰ্ষত হয়গ্ৰীৱৰূপী বিষ্ণুৰ উপাসনাৰ ই অন্যতম প্ৰাচীন কেন্দ্ৰ৷ ১৫৮৩ খ্ৰীষ্টাব্দত কোচ ৰজা ৰঘুদেৱ নাৰায়ণে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল৷ পূৰ্বৰ মন্দিৰটো ধ্বংসপ্ৰাপ্ত হোৱাত ৰঘুদেৱে মূল মন্দিৰৰ ভেটিৰ ওপৰতে বৰ্তমানৰ মন্দিৰটো নিৰ্মাণ কৰে৷ এতিয়াও মন্দিৰৰ ছয় ফুটমান উচ্চতালৈ মূল মন্দিৰৰ ভাস্কৰ্য দেখা যায়৷ এই অংশলৈ চাই মূল মন্দিৰটো বৌদ্ধ মন্দিৰ বুলি কোৱা হয়৷ মন্দিৰৰ কাষতে এটা দৌলগৃহ আছে৷

এই দৌলগৃহটো ১৭৫০ খ্ৰীষ্টাব্দত ৰজা প্ৰমত্ত সিংহই সজাইছিল৷ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চৌপাশে ভালেমান শিলৰ টুকুৰা আৰু মূৰ্তি সিঁচৰতি হৈ আছে৷ এইবোৰৰ ভিতৰত সিংহৰ মূৰ্তি খোদিত দুটা ডাঙৰ শিলৰ টুকুৰা উল্লেখযোগ্য৷ এই টুকুৰা দুটা ধ্বংসপ্ৰাপ্ত অশোক স্তম্ভ এটাৰ অংশ বুলি কোৱা হয়৷ তাহানি যুগৰ পৰা আজিলৈকে মন্দিৰৰ ভিতৰত পাঁচটা বিগ্ৰহ দেখিবলৈ পোৱা যায়৷ সেইবোৰ হ’ল- হয়গ্ৰীৱ মাধৱ, দ্বিতীয় মাধৱ, চলন্ত মাধৱ, বাসুদেৱ আৰু গৰুড় পক্ষী৷ সোঁমাজৰ বিগ্ৰহটোৱেই হ’ল শ্ৰীশ্ৰীহয়গ্ৰীৱ মন্দিৰ৷ মন্দিৰৰ ওপৰলৈ উঠি যোৱা খট্‌খটিত মুঠ ৯৩টা ঠাক শিল আছে৷ যোগিনীতন্দ্ৰত উল্লেখ থকা মতে, প্ৰত্যেক ঠাক খট্‌খটি পাৰ হোৱাৰ লগে লগে পাপ মোচন হয় বুলি মানুহৰ বিশ্বাস৷

মাধৱ মন্দিৰৰ নামনিত চাৰিওদিশে লোহাৰ বেৰেৰে আগুৰা ‘বিষ্ণুপুস্কৰ’ নামৰ পুখুৰীটোৰ মাছ-কাছ আদি চাবলৈ বহু লোকৰ সমাগম হয়৷ এই মন্দিৰত তুলসীৰ পাত আৰু তুলসীৰ দ্বাৰা বনোৱা বিভিন্ন মালা পিন্ধোৱা হয়৷ এধাৰি তুলসীৰ মালা পিন্ধালে অচিন ৰোগ নিৰ্মূল হয় বুলিয়েই মানুহৰ ধাৰণা৷ পকী চৌহদেৰে আগুৰা মাধৱ মন্দিৰৰ গড়ৰ বাহিৰফালে থকা প্ৰচণ্ড চম্পাফুলৰ গছ দুজোপাৰ বয়স ৫০০ বছৰৰো অধিক৷ বৌদ্ধসকলে ঘিউ আৰু মিঠাতেলৰ চাকি জ্বলাই মাধৱ মন্দিৰত ভজন গায়৷ মাঘ বিহুত ইয়াত বহু লোকৰ সমাগম হয়৷ মাঘ বিহুৰ প্ৰথম দুদিন মন্দিৰ চৌহদত বুলবুলি চৰাইৰ যুঁজ সঁচাকৈয়ে আকৰ্ষণীয়৷

কেদাৰ মন্দিৰ

মণিকূট পাহাৰৰ অলপ আঁতৰত মদন পাহাৰ৷ ইয়াতে কেদাৰ শিৱৰ মন্দিৰ বিৰাজ কৰিছে৷ এই মন্দিৰৰ উপাস্য দেৱতা শিৱ৷ বিগ্ৰহ এটি অব্যয় লিংগ৷ এওঁ অৰ্ধনাৰীশ্বৰ শিৱ৷ কেদাৰ মন্দিৰ কোনে সাজিছিল তাক জনা নাযায়৷ ১৭৫৩ খ্ৰীষ্টাব্দত ৰাজেশ্বৰ সিংহই মন্দিৰৰ গাত লগাকৈ দুখন পকী বেৰ সজাই দিছিল৷ মন্দিৰৰ প্ৰৱেশদ্বাৰত এইগৰাকী ৰজাৰ নাম খোদিত কৰা শিলৰ ফলি আছে৷ শিৱ আৰু পাৰ্বতী একেলগে থকা কাৰণে ৰূপৰ টোপ এটাৰে ঢাকি থোৱা হয়৷ বেলপাত আৰু টোপমালা এই মন্দিৰৰ পূজা-অৰ্চনাত ব্যৱহৃত হয়৷ সতীৰ মৃতদেহ কান্ধত লৈ মহাদেৱে পৃথিৱী ভ্ৰমণ কৰিছিল বাবে ইয়াক কেদাৰ বুলি কোৱা হয়৷ শিৱৰাত্ৰিৰ দিনা এই মন্দিৰত হেজাৰ হেজাৰ লোকৰ সমাগম হয়৷

গণেশ মন্দিৰ

মাধৱ মন্দিৰৰ পৰা ৭০০ মিটাৰ পূবত গণেশ মন্দিৰ৷ আহোম ৰজা প্ৰমত্ত সিংহই এই মন্দিৰ নিৰ্মাণ কৰিছিল৷ এই মন্দিৰ পঞ্চতীৰ্থৰ দেৱতাসকলৰ মিলনথলী৷ প্ৰতি সংক্ৰান্তিত পঞ্চতীৰ্থ দেৱতাসকল ইয়াত সমাবেত হৈছিল৷ সেন্দুৰ, তেল, বেলপাতৰ মালা আৰু মঙলবাৰে ৰঙা পাৰিজাত ফুল অর্পণ কৰিলে সকলো কামতে সিদ্ধি লাভ হয় বুলি প্ৰবাদ আছে৷ পঞ্চতীৰ্থৰ উপৰি জয়দুৰ্গা আন এটি প্ৰসিদ্ধ হিন্দু মন্দিৰ৷ এই মন্দিৰ কেদাৰ মন্দিৰৰ গাতে লাগি আছে৷ ১৭৭৪ খ্ৰীষ্টাব্দত ৰজা লক্ষ্মী সিংহই জয়দুৰ্গা মন্দিৰ স্থাপন কৰিছিল৷ ই শক্তি উপাসনাৰ কেন্দ্ৰ৷ মন্দিৰত বিগ্ৰহৰূপে শিলৰ দলভুজা মূৰ্তি আছে৷ মূৰ্তিটোৰ শিল্পকৰ্ম অপূৰ্ব৷

কামেশ্বৰ মন্দিৰ

গণেশ মন্দিৰৰ পৰা মাত্ৰ এশ মিটাৰ নিলগত মদন পাহাৰত অৱস্থিত কামেশ্বৰ মন্দিৰ৷ মদন কামদেৱৰ উপাসনাৰ কেন্দ্ৰ৷ পিছলৈ ই শিৱ উপাসনাৰ কেন্দ্ৰৰূপে খ্যাতি লাভ কৰে৷ কামেশ্বৰৰ মূল মন্দিৰ একাধিকবাৰ ধ্বংসপ্ৰাপ্ত হৈছিল৷ বৰ্তমানৰ মন্দিৰটোৰ মূল মন্দিৰৰ পৰা কিছু আঁতৰত যোৱা শতিকাৰ তৃতীয় দশকত নিৰ্মাণ কৰা হৈছে৷ মন্দিৰত নিত্য পূজা-অৰ্চনা আৰু ভোগ অৰ্পণ কৰা হয়৷ প্ৰবাদ আছে যে শিৱক বগা চন্দন লগাই এটা তুলসী পাত দিলে ভোগ আৰু মোক্ষ লাভ হয়৷

কমলেশ্বৰ মন্দিৰ

কামেশ্বৰৰ পৰা প্ৰায় এক কিঃমিঃ নিলগত মহাপ্ৰভু কমলেশ্বৰ৷ কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰৰ মতে, কমল শিৱৰ ঠাইখিনিক পুষ্পক নগৰ বুলি কোৱা হৈছিল৷ ইয়াৰ সৰোবৰত শতপুষ্প নীলোৎপলৰ উপৰি জনক, ধতুৰা, কৰবী, বকফুল, জবা কুসুম, কুজ, দ্ৰোণ আদি ফুলেৰে জাতিষ্কাৰ হৈ আছিল৷

পোৱামক্কা

গৰুড়াচল পাহাৰৰ ওপৰত থকা হাজো পোৱামক্কা দৰগাহ মুছলমানসকলৰ পৱিত্ৰ তীৰ্থস্থান৷ মহান সাধু পুৰুষ ধৰ্মীয় নেতা শ্বাহ চুলতান গিয়াছুদ্দিন আউলিয়াই বিভিন্ন দেশত ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি চীন দেশ হৈ অসমত প্ৰৱেশ কৰে৷ তেওঁ হাজোৰ গৰুড়াচল পাহাৰত উঠি চাৰিওফালৰ ঠাইবোৰ চাইছিল৷ তেওঁৰ লগত বহু সাধু পুৰুষো আহিছিল৷ এই আটাইবোৰৰে ইয়াতেই মৃত্যু হৈছিল৷ গিয়াছুদ্দিন আউলিয়াৰ কবৰটো ছাহজাহানৰ পুত্ৰ গাজী ছুজাউদ্দিনে নিৰ্মাণ কৰি দিছিল৷ এসময়ত এই ঠাইখন মোগল শাসনৰ অধীনত আছিল যদিও পিছত আহোম ৰজাৰ হাতলৈ যায়৷ এসময়ত হাজো কোচ ৰজাৰ অধীনলৈ আহিছিল৷

এনেদৰে হাজোত মোগল, আহোম আৰু কোচসকলৰ সমন্বয় স্থাপন হৈছিল৷ গিয়াছুদ্দিন আৰু আন সাধুসকলৰ যি ঠাইত মৃত্যু হৈছিল সেয়া পোৱামক্কা নামেৰে জনাজাত৷ ভাৰতবৰ্ষৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ উপৰি হিন্দু, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মৰ লোকসকলেও পোৱামক্কা দর্শনৰ বাবে আহে৷ পোৱামক্কাৰ দৰগাহ মছজিদটো দেখিবলৈ অতি সুন্দৰ৷ শ্ৰীকৃষ্ণই ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মীণীদেৱীক হৰণ কৰি উভতি আহোঁতে জেঠ মাহৰ শুক্লা পূৰ্ণিমাৰ দিনা গৰুড়পক্ষী এই পাহাৰৰ ওপৰতে অচল হৈ পৰিছিল৷ কিছুসময় জিৰণি লৈ পুনৰ দ্বাৰকালৈ ৰাওনা হৈছিল৷ সেইবাবেই পাহাৰখনৰ নাম গৰুড়াচল৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলে জেঠ মাহৰ শুক্লা পূৰ্ণিমাৰ দিনা এই তীৰ্থ দৰ্শন কৰিবলৈ আহে৷

হাজোৰ পিতল শিল্প অসমীয়া সমাজৰ ঐতিহ্যৰ প্ৰতীক৷ পিতলৰ কলহ, চৰিয়া, কাহী-বাতি আদি বিভিন্ন বাচন-বৰ্তন হাজোতেই তৈয়াৰ কৰা হয়৷ ই এক বৃহৎ উদ্যোগ৷ কিন্তু দুখৰ বিষয় যে চৰকাৰৰ অৱহেলাৰ বাবে এই উদ্যোগ আজি মৃতপ্ৰায় অৱস্থাত৷

মন্দিৰ বিগ্ৰহৰ বাবেই হাজো বিখ্যাত নহয়৷ সাহিত্য-সংস্কৃতিয়ে হাজোক ঐতিহ্যময় কৰি তুলিছে৷ হাজো হ’ল অনন্ত কন্দলি, ৰাম সৰস্বতী, কালিৰাম মেধি, ৰঘুনাথ চৌধাৰী, অনন্ত দেৱশৰ্মা, বিষয় চন্দ্ৰ বিশ্বাসীৰ দৰে কবি-সাহিত্যিকৰ জন্মভূমি৷ শংকৰ-মাধৱৰ নামধৰ্ম প্ৰচাৰৰ স্থল৷ মূল মঠ-মন্দিৰৰ উপৰি হাজোৰ চুকে-কোণে অসংখ্য পুণ্যস্থান বিস্তৃত হৈ আছে৷ সেইবোৰৰ ভিতৰত গোকৰ্ণ, বিৰূন, স্বৰ্গদ্বাৰ, কাবলি মণিৰ আশ্ৰম আদি উল্লেখযোগ্য৷

ভ্ৰমণৰ সময়

গুৱাহাটী মহানগৰীৰ পৰা ৩২ কিঃমিঃ নিলগত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত হাজোলৈ বছৰৰ প্ৰতিটো মাহেই উত্তম সময়৷ শীতকালত পৰ্যটকসকলে অধিক আনন্দ উপভোগ কৰিব পাৰিব৷ মাঘ বিহু আৰু শিৱৰাত্ৰিৰ দিনা ইয়াত বহু লোকৰ সমাগম হয়৷ মন্দিৰৰ দুৱাৰ প্ৰতিবাৰেই খোলা থাকে৷

যাতায়াত

হাজোলৈ যাতায়াতৰ সকলো সুবিধাই আছে৷ গুৱাহাটীৰ চাৰ্চফিল্ডৰ পৰা হাজোলৈ নিয়মীয়াকৈ চিটিবাছ চলাচল কৰে৷ গড়পাণ্ডু (আদাবাৰী)ৰ পৰাও যাব পাৰি৷ বাছত খৰচো কম৷ দল হিচাপে গ’লে টেক্সী ভাৰা কৰাই শ্ৰেয়৷

থকা ঠাই

নিশাটো কটাবৰ বাবে গুৱাহাটী মহানগৰীয়েই উত্তম স্থান৷ গুৱাহাটীত হোটেল বা ল’জৰ কোনো অভাৱ নাই৷ তাৰোপৰি আছে পৰ্যটন নিবাস৷

কি কৰিব, কি নকিৰব

পঞ্চতীৰ্থ হাজোৰ মথ-মন্দিৰসমূহ সম্পূর্ণকৈ চাবৰ বাবে সম্পূৰ্ণ দিনটোৰ প্ৰয়োজন৷ ধৰ্মপ্ৰাণ ব্যক্তিসকলৰ বাবে এটা দিনো যথেষ্ট নহয়৷ পুৱাৰ ভাগতেই ইয়াত উপস্থিত হোৱা ভাল৷ মাৰ্জিত সাজ-পোছাক পৰিধান কৰিব৷ মন্দিৰৰ নীতি-নিয়ম মানি চলিব৷ অযথা হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি আনক আমনি নকৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here