এইবাৰৰ আইপিএলত এংকৰৰ ভূমিকাত বিশ্বখ্যাত নেৰ’লি মেড’জ

0
62
Notun Somoy

# স্পৰ্টছ ডেস্ক #

অপেক্ষা মাথোঁ আৰু কেইটামান ঘণ্টাৰ। তাৰ পিছতেই অৰ্থাৎ শনিবাৰৰ পৰা আৰম্ভ হ’ব বহু প্রতীক্ষিত আইপিএল। উত্তেজনাপূৰ্ণ ক্রিকেট যুদ্ধ উপভোগৰ অপেক্ষাত সমগ্ৰ ক্রিকেট বিশ্ব।

আইপিএল মানেই ক্রিকেটৰ সৈতে গ্লেমাৰ আৰু বিনোদনৰ সংমিশ্ৰণ। কিন্তু এই বছৰ কৰোনাৰ কাৰণে তাত কিছু চেঁচাপানী পৰিছে। সেই ঘাটি কিছুহ’লেও পূৰণ কৰিবলৈ আইপিএলৰ এংকৰৰ ভূমিকাত আহিছে বিশ্ব বিখ্যাত স্প’র্টছ এংকৰ অষ্ট্ৰেলিয়াৰ নেৰ’লি মেড’জ। মায়ান্তি লেঙ্গাৰৰ সৈতে নেৰ’লি মেড’জ সংযুক্ত হোৱাত আইপিএল চোৱাৰ আনন্দ আৰু বিনোদন বহু গুণে বাঢ়িব তাক নক’লেও হ’ব।

Notun Somoy

ভাৰতীয় ক্রীড়াপ্রেমীয়ে মায়ান্তি লেঙ্গাৰক চিনি নাপায়, সেয়া হ’বই নোৱাৰে। ক্রিকেটাৰ ষ্টুৱার্ট বিন্নীৰ পত্নী মায়ান্তি স্প’র্ট এংকৰিঙৰ বাবে খুবেই বিখ্যাত। এইবাৰ আইপিএলত তেওঁৰ সৈতে যোগ দিব নেৰ’লি মেড’জে। দুই শ্ৰেষ্ঠ এংকৰ আৰু তেওঁলোকৰ ৰূপৰ মাধুর্যত এইবাৰৰ আইপিএলে এক অন্য মাত্রা পাবলৈ আগবাঢঢ়িছে।

IPL
NOTUN SOMOY

স্প’র্টছ এংকৰ হিচাবে বিশ্ব বিখ্যাত অষ্ট্ৰেলিয়াৰ নেৰ’লি মেড’জ। দীর্ঘদিন ধৰি তেওঁ এংকৰৰ কাম কৰি আহিছে।

Notun Somoy

ক্ৰীড়া বিশ্বত নেৰ’লিক সকলোৱে চিনি পায় এটা নামৰ বাবে। যোৱা বছৰ পর্যন্ত তেওঁ ফক্স স্প’র্টছৰ সৈতে চুক্তিবদ্ধ আছিল।

Notun Somoy

নেৰ’লিৰ ৰূপ আৰু গুণ দুয়োটাই সমান। তেওঁৰ মিঠা হাঁহি আৰু কথাৰ অনুৰাগী বিশ্বৰ বিভিন্ন কোণৰ ক্রীড়াপ্রেমী।

Notun Somoy

সুদীর্ঘ বছৰ ধৰি বিভিন্ন ধৰণৰ ক্রিকেট টুর্নামেন্টৰ এংকৰিং কৰি আহিছে অষ্ট্ৰেলিয়াৰ এইগৰাকী তাৰকা এঙ্কৰে।

IPL
Notun Somoy

অৱশ্যে কেৱল ক্রিকেট নহয়, ফুটবল, টেনিছ, ৰাগবি সকলো ধৰণৰ খেলকেই সাফল্যৰে সঞ্চালনা কৰে তেওঁ।

Notun Somoy

সকলো ধৰণৰ খেলেই সাৱলীলভাৱে সঞ্চালনা কৰাৰ দক্ষতাৰ পৰাই প্রমাণিত হয় সকলো খেলৰ ওপৰত তেওঁৰ কিমান জ্ঞান।

Notun Somoy

২০১৯ চনত ক্রিকেট বিশ্বকাপতো এংকৰৰ দায়িত্বভাৰ চম্ভালিছিল নেৰ’লিয়ে। বিৰাট কোহলিৰ সৈতে তেওঁৰ কথাবার্তা পছন্দ হৈছিল সকলোৰে।

Notun Somoy

কেৱল জ্ঞান নহয়, এংকৰিঙৰ দক্ষতা আৰু বুদ্ধিমত্তাৰ কাৰণে তেওঁ অন্যান্য এংকৰসকলকো প্ৰত্যাহ্বান জনোৱাৰ ক্ষমতা আছে।

Notun Somoy

ভাৰতীয় ক্রিকেট বোর্ডে নিজৰ এই বৰ্ষৰ আইপিএলৰ এংকৰসকলৰ তালিকা প্ৰকাশ কৰিছে৷ তাতে অনুৰাগীসকলক চমক দি নাম আহিছে অষ্ট্ৰেলিয়াৰ তাৰকা এংকৰ নেৰ’লি মেড’জাৰ।

IPL
Notun Somoy

আইপিএলৰ দৰে বিশ্ব বিখ্যাত ক্রিকেট টুর্নামেন্টত এংকৰিং কৰাৰ সুযোগ পোৱাত অত্যন্ত আনন্দিত অষ্ট্ৰেলিয়াৰ এঙ্কৰগৰাকী।       

Notun Somoy

আইপিএলৰ অভিজ্ঞতা প্রথম হ’লেও, নিজকে উজাৰি দিবলৈ আৰু নিজৰ ব্ৰেণ্ড ভেলু বজায় ৰখাৰ বিষয়ত আত্মবিশ্বাসী নেৰ’লি।

IPL
Notun Somoy

আইপিএললৈ নেৰ’লি অহাৰ খবৰত কেৱল বিশ্বজুৰি তেওঁৰ ভক্তসকল নহয়, আনন্দিত ভাৰতীয় ক্রিকেটপ্রেমীসকলো।  

Notun Somoy

ছ’চিয়েল মিডিয়াত খুবেই সক্রিয় নেৰ’লি। সঘনাই নিজৰ ছবি পোষ্ট কৰি থাকে তেওঁ। তাত লাইক আৰু কমেণ্টৰ বন্যা বৈ যায়। 

Notun Somoy

নিজৰ ‘হট লুকছ’ আৰু ফিটনেছৰ উপৰত খুব জোৰ দিয়ে নেৰ’লিয়ে। যিটো খুব পছন্দ কৰে তেওঁৰ অনুৰাগীসকলে।

IPL
Notun Somoy

এইবাৰ আইপিএলত মায়ান্তিৰ সৈতে তেওঁৰ যুগলবন্দী চোৱাৰ অপেক্ষাত ক্রিকেট বিশ্ব। একে সময়তে দুই শ্ৰেষ্ঠ এংকৰৰ মাজত যি শীতল যুদ্ধ চলিব সেয়াও উপভোগ কৰিব বিচাৰে ক্রিকেটপ্রেমীসকলে।  

LEAVE A REPLY

Please enter your comment!
Please enter your name here