কোহলিয়েই জিকিব এইবাৰৰ আইপিএল!

0
75

# স্পৰ্টছ ডেস্ক #

আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অধিনায়ক হিচাবে কোহলি সফল হ’ব পৰা নাই। এইবাৰৰ আইপিএলত প্রথমবাৰ নেতৃত্ব দিবলৈ প্ৰস্তুত হোৱা লোকেশ ৰাহুলক বাদ দিলে সকলো অধিনায়কৰ মাজত জয়ৰ হাৰত কোহলিৰ স্থান তলৰ ফালে। ২৯ মেচত নেতৃত্ব দিয়া ৰাজস্থান ৰয়েলছৰ অধিনায়ক ষ্টিভ স্মিথৰ জয়ৰ হাৰ সকলোতকৈ বেছি। ৬৫.৫ শতাংশ। ১৭৪ মেচত নেতৃত্ব দিয়া মহেন্দ্র সিং ধোনিৰ ৫৯.৮ শতাংশ। আইপিএলৰ সফলতম অধিনায়ক, মুম্বাই ইণ্ডিয়ানছৰ ৰোহিত শর্মাই নেতৃত্ব দিছে ১০৪খন মেচত। জয়ৰ হাৰ ৫৭.৭ শতাংশ। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ডেভিড ৱার্নাৰৰ ৫৫.৩ শতাংশ।

আনকি, মাত্র ২৪ আৰু ৩৬ মেচত নেতৃত্ব দিয়া যথাক্রমে দিল্লী কেপিটেলছৰ শ্রেয়াস আয়াৰ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ দীনেশ কার্তিকৰো জয়ৰ হাৰ বেছি। শ্রেয়াসৰ ৫৪.২ শতাংশ। কার্তিকৰ ৪৭.২ শতাংশ। তেনে ক্ষেত্ৰত কোহলিৰ জয়ৰ হাৰ ৪৪.৫ শতাংশ। অথচ, অধিনায়ক হিচাবে ধোনিৰ পিছতেই সকলোতকৈ বেছি ১১০খন মেচত টছ কৰিবলৈ নামিছে তেওঁ। কিন্তু তাৰ আধাতো জয়ী হোৱা নাই!

অথচ, বেটছমেন কোহলিয়েই প্ৰথম ভৰসা দলৰ। ফ্ৰেন্সাইজিৰ তৰফৰ পৰাও জনাই দিয়া হৈছে, অধিনায়ক হিচাবে তেৱেঁই যোগ্য। কিন্তু সেয়া যেন মানিবলৈ নাৰাজ আৰচিবিৰ অনুৰাগী।

অৱশ্যে এইবাৰ অধিনায়কগৰাকীৰ ওচৰত থিয় দিছে তেওঁৰ সৰুকালৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মা। আনন্দবাজাৰ ডিজিটেলক দিয়া এক সাক্ষাৎকাৰত ৰাজকুমাৰে কয়, “বিৰাটৰ বাবে এইটো গুৰুতৰ বিষয়। আৰচিবিয়ে এবাৰো চেম্পিয়ন হ’ব পৰা নাই। এইবাৰ তেওঁ জয়ী হ’বৰ বাবে বদ্ধপৰিকৰ। বিৰাটক খুব আত্মবিশ্বাসী যেনো লাগিছে। তেওঁ ভালদৰে তৈয়াৰ হৈয়ে নামিছে। আৰচিবি দলটোতো ভাৰসাম্য আছে বুলি ভাব হৈছে। মোৰতো আশা, এইবাৰ অতি ভাল খেলিব আৰচিবিয়ে আৰু ট্রফি জয়ৰ প্রবল দাবীদাৰ হৈ উঠিব।”

LEAVE A REPLY

Please enter your comment!
Please enter your name here