কোভিড-কালতো ধন কুবেৰৰ জয়যাত্ৰা ! ভাৰতত ৬ মাহত ১৫ বিলিঅনিয়াৰ

0
60

# নিউজ ডেস্ক #

৪০ বছৰৰ ইতিহাসত দেশৰ জিডিপি সর্বনিম্ন। আনহাতে, কৰ্মসংস্থাপন হেৰুৱাইছে ৪১ লাখ লোকে। কিন্তু তাৰ মাজতো এচামৰ সম্পত্তিৰ পাহাৰ বাঢ়িয়েই গৈ আছে৷ এই কৰোনা সঙ্কটৰ মাজতো যোৱা ছয় মাহত দেশত ১৫জন নতুন বিলিঅনিয়াৰ (১০০ কোটিৰ সম্পত্তিৰ গৰাকী) সৃষ্টি হৈছে। ‘ফোর্বছ’ৰ ‘ৰিয়েল টাইম বিলিঅনিয়াৰ’তালিকাত মুঠ ১১৭জন ভাৰতীয়ৰ নাম আছে। মার্চ মাহত এই সংখ্যাটো আছিল ১০২। অর্থাৎ ১৫জন এই তালিকাত বৃদ্ধি পালে। এই ১১৭জন ভাৰতীয়ৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩০ হাজাৰ কোটি ডলাৰ। যিটোক ধনী-দুখীয়াৰ মাজত পার্থক্য আৰু বৃদ্ধি পোৱাৰ লক্ষণ হিচাবেই বিবেচনা কৰিছে অর্থনীতিবিদসকলে। 

বিশ্বৰ এশ কোটিৰ তালিকাত ভাৰতৰ মুকেশ আম্বানী ৬ নম্বৰত। ভাৰততো বাদেই, এছিয়াৰ ভিতৰতে সবাতোকৈ ধনী ৰিলায়েন্সৰ কর্ণধাৰগৰাকী। ১৮ ছেপ্টেম্বৰৰ হিচাব মতে, তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮,৮২০ কোটি। ভাৰতত দ্বিতীয় স্থানত আছে এইচচিএল টেকন’লজিছৰ প্রতিষ্ঠাতা শিৱ নাডাৰ। ২,০৬০ কোটি ডলাৰৰ মালিক নাডাৰ বিশ্বৰ ৬৪ নম্বৰত। ইয়াৰ পিছত ভাৰতীয়সকলৰ তালিকাত আছে ক্রমে আদানি গ্রুপৰ কর্ণধাৰ গৌতম আদানি, কোটাক মহিন্দ্রা গ্রুপৰ কর্ণধাৰ উদয় কোটাক, ডিমার্টৰ কর্ণধাৰ ৰাধাকৃষ্ণ ডামানি আৰু তেওঁৰ পৰিয়াল, চিৰাম ইনষ্টিটিউটৰ কর্ণধাৰ ছাইপ্রাছ পুণাৱালাৰ দৰে ব্যৱসায়ীসকল।

এশ কোটিৰ তালিকাত সকলোতকৈ তলত থকা ভাৰতীয়জন হ’ল ৱেলস্পান গ্রুপৰ অধ্যক্ষ বালকৃষ্ণ গোৱেঙ্কা। ১৮ ছেপ্টেম্বৰত তেওঁৰ সম্পত্তিৰ পৰিমাণে ১০০ কোটি ডলাৰ চুইছে। তেওঁৰ ওপৰত ক্রমান্বয়ে আছে ৰাধেশ্যাম আগৰৱালা, ৰাধেশ্যাম গোৱেংকা, বিনি বানাছল, মূৰলীধৰ বিমল কুমাৰ জ্ঞানচন্দানি। তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ ১০১ কোটি ডলাৰৰ আশেপাশে।

কোভিড পৰিস্থিতিত দেশৰ অর্থনীতি যে ভয়ঙ্কৰ মন্দাৱস্থাৰ মুখত, তাৰ প্রমাণ কেইদিনমান পূৰ্বেই লাভ কৰা গৈছিল। ২০২০-২০২১ বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিকৰ জিডিপি সঙ্কুচিত হৈছে ২৩.৯ শতাংশ। বিগত ৪০ বছৰৰ ইতিহাসত জিডিপি পতনৰ এনে নজিৰ নাই। লকডাউনৰ ফলত বহু মানুহে কৰ্মসংস্থাপন হেৰুৱাইছে। আন্তর্জাতিক শ্রম সংগঠন (আইএলঅ’) আৰু এছিয়ান ডেভেলপমেন্ট বেঙ্কৰ যৌথ সমীক্ষাৰ ৰিপোর্টে কৈছে, লকডাউনৰ বাবে আগষ্টৰ মাজ পর্যন্ত ভাৰতত মুঠ ৪১ লাখ মানুহে কৰ্মসংস্থাপন হেৰুৱাইছে। কিন্তু আর্থিক সঙ্কটৰ এনে ভয়াৱহ ছবিৰ মাজতো গুগল, ফেচবুক, ছিলভাৰ লে’কৰ দৰে প্ৰায় ১২টা কোম্পানীয়ে বিপুল বিনিয়োগ কৰিছে মুকেশ আম্বানীৰ কোম্পানী ‘ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড’ (ৰিল)ত। ৰিলৰ দৰে নহ’লেও অন্য বহু কোম্পানীয়ে সৰু-সুৰা বিনিয়োগ পাইছে। অনলাইন ব্যৱসায়ৰ সৈতে যুক্ত কোম্পানীসমূহৰ মূলধন বাঢ়িছে। বহু কোম্পানীয়ে আকৌ অনলাইনৰ পথ লৈ সময়োপযোগী নতুন শাখা খুলিছে। শ্বেয়াৰ বজাৰতো পুনৰ উত্থান ঘটি কৰোনাৰ পূৰ্বৰ সময়ৰ প্রায় ওচৰা-ওচৰিলৈ ঘূৰি আহিছে।

বিশেষজ্ঞসকলৰ মতে, লকডাউনৰ ফলত সকলোতকৈ ভয়ঙ্কৰ ক্ষতিৰ সম্মুখীন হৈছে নিম্নবিত্ত আৰু মধ্যবিত্ত শ্রেণী। সকলোতকৈ বেছি মাৰ খাইছে এমএছএমই খণ্ড অর্থাৎ ক্ষুদ্র, অতিক্ষুদ্র আৰু মজলীয়া উদ্যোগে। অর্থনীতিবিদ অভিৰূপ সৰকাৰৰ মতে, ‘‘বৃহৎ উদ্যোগৰ ক্ষেত্রত কার্যত তেনে ক্ষতি হোৱা নাই। বৰং ক’ব পৰা যায়, ধনীসকল আৰু ধনী হৈছে। দুখীয়া আৰু দুখীয়া হৈ গৈছে। অর্থনীতিৰ বিতৰণ বৈষম্য আৰু বাঢ়িছে।’’

উল্লেখ্য যে লকডাউনৰ ফলত অর্থনৈতিক সঙ্কটৰ মোকাবিলাত এইসকল ‘ছুপাৰ ৰিচ্চ’ৰ ওপৰত কৰ বঢ়োৱা বা অতিৰিক্ত কৰ আৰোপৰ দাবী উঠিছে। অভিৰূপ সৰকাৰেও কয়, ‘‘আমি অর্থনীতিবিদসকলেও বিভিন্ন সময়ত সৰকাৰক একেই পৰামর্শ দিছো। কিন্তু চৰকাৰে সেয়া মানিবলৈ ৰাজী নহয়।

কিন্তু যিয়েই নহওক, অর্থনীতিৰ টনাটনি বা ব্যাখ্যাৰ বাহিৰলৈ গৈও ক’ব পৰা যায়— কৰোনাকালতো ভাৰতত জন্ম হৈছে ১৫জন নতুন বিলিঅনিয়াৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here