এতিয়াৰে পৰা ইচ্ছামতে কর্মচাৰী নিয়োগ-চাটাই কৰিব পাৰিব উদ্যোগ প্ৰতিষ্ঠানবোৰে!

0
93

নিউজ ডেস্কঃ

সম্প্রতি লোকসভাত উদ্যোগ প্ৰতিষ্ঠান সম্পৰ্কীয় এখন বিধেয়ক গৃহীতে কৰিলে কেন্দ্রীয় চৰকাৰে। এই বিধেয়ক অনুযায়ী উদ্যোগ প্রতিষ্ঠানৰ মালিকসকলে এতিয়াৰে পৰা নিজৰ ইচ্ছামতে কর্মচাৰী নিয়োগ কিম্বা চাটাই কৰিব পাৰিব। ইয়াৰ বাবে এতিয়াৰে পৰা আৰু চৰকাৰৰ অনুমোদনৰ প্রয়োজন নাই। উল্লেখ্য, ইমান দিনে যিবোৰ উদ্যোগ প্ৰতিষ্ঠানত ৩০০ৰ বেছি কর্মচাৰী আছে, সেই উদ্যোগ প্রতিষ্ঠানবোৰত নতুন কর্মচাৰী নিয়োগ কৰাৰ পূর্বে আৰু চাটাই কৰাৰ পূর্বে আগতীয়াকৈ টৰকাৰী অনুমতি লোৱাৰ প্রয়োজন আছিল।

কিন্তু নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা আৰু ডাঙৰ উদ্যোগ প্রতিষ্ঠানবোৰে কর্মচাৰী নিয়োগ আৰু চাটাইৰ ক্ষেত্রত চৰকাৰৰ অনুমোদনৰ বাবে মুখলৈ চাই থাকিব নালাগিব। কিন্তু ইয়াৰ ফলত সমস্যাৰ মুখত পৰিব পাৰে উদ্যোগ প্ৰতিষ্ঠানত কর্মৰত কর্মচাৰীসকল। কাৰণ এই আইন কার্যকৰী হ’লে এতিয়াৰে পৰা যিকোনো মুহূর্তত কর্মচাৰী চাটাই কৰিব পাৰিব বেচৰকাৰী কোম্পানীবোৰে। ফলত কর্মচাৰীসকলৰ কাম হেৰোৱাৰ সম্ভাৱনা বাঢ়িব।

শনিবাৰে সংসদৰ বৰ্ষাকালীন অধিবেশনত লোকসভাত কেন্দ্রীয় শ্রমমন্ত্রী সন্তোষ গাঙ্গোৱাৰে ইণ্ডাষ্ট্ৰিয়েল ৰিলেচন কোড বিল ২০২০ উত্থাপন কৰে। নতুন বিধেয়কখনৰ ৭৭ (১) নম্বৰ ধাৰা অনুযায়ী, যিসকল উদ্যোগ প্রতিষ্ঠানত সর্বনিম্ন ৩০০ বা তাৰ অধিক কর্মচাৰীয়ে পূর্বৱর্তী ১২ মাহত দৈনিক গড় কর্মদিনৰ ভিত্তিত কাম কৰিছে, সেই কোম্পানীবোৰ কেন্দ্রৰ প্রস্তাৱিত এই নতুন বিধেয়কৰ অধীনলৈ আহিব।

উল্লেখ্য, এই বিধেয়কখন যোৱা বছৰৰ লোকসভা অধিবেশনত উত্থাপন কৰা হৈছিল। কিন্তু সেইবাৰ লোকসভাৰ পৰা বিধেয়কখন শ্রম বিষয়ক সংসদীয় স্থায়ী কমিটিৰ ওচৰলৈ পঠোৱা হয়। এই বিধেয়কখনক লৈ প্রথমৰ পৰাই শ্রমিক সংগঠনৰ সদস্যসকলে বিৰোধিতা কৰি আহিছে। চলিত বছৰৰ আৰম্ভণিতে উদ্যোগ প্ৰতিষ্ঠানসমূহৰ খৰচ কমাবলৈ নিজৰ ইচ্ছামতে কর্মচাৰী চাটাই বা কোম্পানী বন্ধ ৰখাৰ অনুমতি দিয়ে সংসদীয় কমিটিয়ে। কিন্তু কেন্দ্রৰ প্রস্তাৱিত এই বিধেয়কৰ বিৰোধিতা কৰিছে বিৰোধী দলবোৰে। ইয়াৰ ফলত দেশত নিবনুৱাৰ হাৰ আৰু বাঢ়িব পাৰে বুলি অভিযোগ উত্থাপিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here