খোল খালে তাজমহলৰ দুৱাৰ : প্ৰতিদিনে দৰ্শন কৰিব পাৰিব মাত্র ৫ হাজাৰ পর্যটকে

0
106

# নিউজ ডেস্ক #

সুদীর্ঘ ছয় মাহ বন্ধ থকাৰ পিছত সোমবাৰে পর্যটকৰ বাবে খুলি দিয়া হয় তাজমহলৰ দুৱাৰ। খুলি দিয়া হৈছে আগ্রা ফোর্ট। কৰোনা ভাইৰাছ সংক্রমণ বিয়পি পৰাতো ৰুধিবলৈ যোৱা ১৭ মার্চৰ পৰা বন্ধ আছিল তাজমহলৰ দুৱাৰ।

অৱশ্যে বহুখিনি বাধা-নিষেধ মানিয়েই তাজমহল দর্শন কৰিব লাগিব পর্যটকসকলে। দূৰত্ববিধি বজায় ৰখাৰ উপৰি আগমন ঘটা পর্যটকসকলৰ হাত ছেনিটাইজ কৰাৰ দিশতো জোৰ দিয়া হ’ব বুলি জনাইছে আর্কিঅলজিকেল ছার্ভে অব ইণ্ডিয়া (আগ্রা মণ্ডল)ৰ ছুপাৰিন্টেডেন্ট প্রত্নতত্ত্ববিদ বসন্ত কুমাৰ স্বর্ণকাৰে। তেওঁ কয়, ‘‘তাজমহলত মাস্ক পিন্ধাটো বাধ্যতামূলক। পর্যটকসকলে অনলাইনত টিকট কাটিব লাগিব।’’

অৱশ্যে প্রতিদিনে  মাত্র পাঁচ হাজাৰ পর্যটককহে সোমাবলৈ দিয়া হ’ব। দুপৰীয়া ২টাৰ আগতে যাব আঢ়ৈ হাজাৰ আৰু ২টাৰ পিছৰ পৰা বাকী সময়ত আৰু আঢ়ৈ হাজাৰ পর্যটকক যোৱাৰ অনুমতি দিয়া হ’ব।

উল্লেখ্য যে দেশী-বিদেশী পর্যটকৰ আকর্ষণৰ অন্যতম কেন্দ্র এই আগ্রাৰ তাজমহল। প্রতি বছৰে ইয়ালৈ প্রায় ৭০ লাখ পর্যটক ফুৰিবলৈ আহে। আগ্রা ফোর্টলৈ বছৰি প্রায় ৩০ লাখ পর্যটক আহে। এই দুটি পর্যটন কেন্দ্রৰ পৰা বিপুল আয় হয় উত্তৰ প্রদেশ চৰকাৰৰ।

তাজমহল আৰু আগ্রা ফোর্টৰ উপৰি লক্ষ্ণৌৰ ইমামবাড়াৰ দৰে ঐতিহাসিক কেন্দ্রও জনসাধাৰণৰ বাবে আজিৰ পৰা খুলি দিয়া হয়। ইয়াৰ উপৰি এতমাদউল্লাহৰ সমাধি, ফতেহপুৰ ছিক্রি পহিলা ছেপ্টেম্বৰৰ পৰা খুলি দিয়া হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here