কৃষি বিধেয়ক কি আৰু কৃষকসকলে এই বিধেয়কৰ কিয় বিৰোধিতা কৰিছে?

0
106

# বিশেষ প্ৰতিবেদন #

দেওবাৰে ৰাজ্যসভাত গৃহীত হয় দুখন বিতর্কিত নতুন কৃষি বিধেয়ক। বিৰোধীৰ প্রবল বিৰোধিতা সত্ত্বেও সংখ্যাগৰিষ্ঠতাৰ বাবে বিধেয়ক কেইখন গৃহীত কৰাবলৈ সক্ষম হয় বিজেপি নেতৃত্বাধীন চৰকাৰ। আনহাতে, এই বিধেয়কক কেন্দ্র কৰি হাৰিয়ানা, পঞ্জাব আৰু তেলেঙ্গানাত কৃষকসকলে বিক্ষোভ কাৰ্যসূচীও ৰূপায়ণ কৰিছে। লগতে মন্ত্ৰিত্ব ত্যাগ কৰিছে এনডিএৰ অন্যতম অংসীদাৰ আকালি দলৰ কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী হৰসিমৰত কৌৰ বাদলে৷ কিন্তু কিয় এই কৃষি বিধেয়কক লৈ কৃষকসকল অসন্তুষ্ট আৰু ক্ষুব্ধ? তাৰ বাবে প্ৰথমতে জানিব লাগিব বিধেয়ক কেইখনৰ বিষয়ে৷

কেন্দ্রই ইতিমধ্যে তিনিখন কৃষি বিধেয়ক উত্থাপন কৰিছে। এই বিধেয়ক কেইখন হ’ল ‘অত্যাৱশ্যকীয় পণ্য আইন সংশোধন’, ‘কৃষি পণ্য লেনদেন আৰু বাণিজ্য উন্নয়ন’ আৰু ‘কৃষি পণ্যৰ মূল্য নিশ্চিত ৰাখিবলৈ কৃষকসকলৰ সুৰক্ষা আৰু সবলীকৰণ চুক্তি’ বিধেয়ক। তিনিওখন বিধেয়কেই লোকসভাত গৃহীত হৈছে। দেওবাৰে ৰাজ্যসভাত গৃহীত হোৱা বিধেয়ক দুখন হৈছে, ‘কৃষি পণ্য লেনদেন আৰু বাণিজ্য উন্নয়ন’ আৰু ‘কৃষি পণ্যৰ মূল্য নিশ্চিত ৰাখিলৈ কৃষকসকলৰ সুৰক্ষা আৰু সবলীকৰণ চুক্তি’ আইন।

কেন্দ্রীয় চৰকাৰৰ দাবী, এই বিধেয়ক কেইখনৰ ফলত কৃষকসকলৰ উপাৰ্জন বাঢ়িব আৰু কৃষি ক্ষেত্রৰ উন্নতি হ’ব। ইয়াৰ ফলত ২০২২ চনৰ ভিতৰতেই কৃষকসকলৰ উপার্জন দুগুণ হ’ব বুলিও দাবী চৰকাৰৰ। চৰকাৰে ইয়াকো জনাইছে, এই বিধেয়ক কেইখনে চৰকাৰ নিয়ন্ত্রিত বজাৰৰ নিয়ন্ত্রণৰ পৰা কৃষকসকলক মুক্ত কৰিব আৰু কৃষকসকলে তেওঁলোকৰ কৃষি পণ্যৰ বাবে অধিক বেছি দাম পাব। 

এই বিধেয়কৰ প্রস্তাৱ হ’ল এনে এটি ব্যৱস্থা তৈয়াৰ কৰা য’ত কৃষক আৰু ব্যৱসায়ীসকলে পণ্য কিনা-বেচা কৰিব পাৰিব দোকানৰ বাহিৰতেই। লগতে আন্তঃৰাজ্যিক বাণিজ্যৰ ওপৰতো জোৰ দিয়া হৈছে আৰু পৰিবহণ খৰচ কমোৱাৰ প্রস্তাৱো কৰা হৈছে বিধেয়কখনত। সর্বোপৰি এই বিধেয়কৰ উদ্দেশ্য কৃষকসকলক কৃষি-বাণিজ্য সংস্থা, ৰপ্তানিকাৰী আৰু খুচুৰা সেৱাৰ সৈতে সংযুক্ত কৰা। লগতে কৃষকসকলৰ ওচৰচত আধুনিক প্রযুক্তি উপলব্ধ কৰোৱা। ইয়াৰ উপৰি পাঁচ হেক্টৰৰ কম পৰিমাণৰ ভূমিৰ কৃষকসকলৰ লাভৰ পৰিমাণ বৃদ্ধিৰো উদ্দেশ্য আছে এই বিধেয়ক কেইখনত।

কৃষকসকলে তেওঁলোকৰ উৎপাদনৰ বাবে ন্যূনতম সমৰ্থন মূল্য পোৱাৰ বিষয়ত শঙ্কিত। কৃষকসকলৰ ধাৰণা, এই বিধেয়ক গৃহীত হোৱাৰ ফলত বজাৰৰ পৰা চৰকাৰী নিয়ন্ত্রণ উঠি যাব। চৰকাৰে লাহে লাহে ন্যূনতম সমর্থন মুল্যত ফচল কিনা বন্ধ কৰি দিব। ফলত কৃষকসকল পুঁজিপতিসকলৰ মুখাপেক্ষী হৈ থাকিব লাগিব। লগতে কৃষি-বাণিজ্য আৰু ডাঙৰ খুচুৰা ব্যৱসায়ীসকলে কৃষকসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে- এই বিষয়তো উদ্বেগ আছে। ইয়াৰ উপৰি কৃষকসকল আতংকিত হৈছে যে কোম্পানীবোৰে কৃষি পণ্যৰ মূল্য নির্ধাৰণ কৰা আৰম্ভ কৰি দিব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here