কেন্দ্রীয় চৰকাৰৰ এআৰআইআইএ ২০২০ তালিকাত প্রথম স্থান কেআইআইটি ভুবনেশ্বৰৰ

0
70

# নিউজ ডেস্ক #

কেন্দ্রীয় চৰকাৰৰ অটল ৰেংকিং অব ইনষ্টিটিউচন অন ইন’ভেচন এচিভমেন্টছ (এআৰআইআইএ) ২০২০ৰ তালিকাত আর্থিকভাবে স্বনির্ভৰ প্রতিষ্ঠান হিচাবে প্রথম স্থান লাভ কৰিছে কেআইআইটি, ভুবনেশ্বৰে৷ উল্লেখ্য যে এই প্ৰতিষ্ঠানখনে শীঘ্ৰেই বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰিব।

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় কর্তৃপক্ষই প্রস্তুত কৰা এই তালিকাত এছআৰএম ইনষ্টিটিউট, চেন্নাই আৰু ভেলোৰ ইনষ্টিটিউট অব টেকন’লজী, ভেলোৰে যথাক্রমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে।

উল্লেখ্য যে এআৰআইআইএ এনে এক পদক্ষেপ যিয়ে আন্তঃগাঁথনিবদ্ধ আৰু নিয়মানুগতভাবে দেশৰ প্রধান প্রধান উচ্চশিক্ষা প্রতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহক, তেওঁলোকৰ ছাত্র আৰু শিক্ষকসকলৰ উদ্ভাৱনী ক্ষমতা আৰু স্বনির্ভৰ বাণিজ্যিক পদক্ষেপৰ মাপকাঠিত নিৰ্বাচন কৰে।

উচ্চশিক্ষা মন্ত্ৰালয়ৰ আশা, এআৰআইআইএ মেধা-তালিকাই “ভাৰতীয় প্রতিষ্ঠানবোৰক নিজক নতুনকৈ সজাই লোৱাৰ সুযোগ দিয়াৰ লগতে তেওঁলোকৰ মানসিকতা পৰিৱর্তন কৰিবলৈ সহায় কৰিব। কেৱল সেয়াই নহয়, উচ্চমানৰ গৱেষণা, নতুন উদ্ভাবন আৰু উদ্যমিতাত উৎসাহিত কৰিব।”

উল্লেখ্য যে ২০১৯ চনৰ এআৰআইআইএ তালিকাত কেআইআইটিয়ে দ্বিতীয় স্থান অধিকাৰ কৰিছিল। এই বছৰ এই প্রতিষ্ঠানখনে তেওঁলোকৰ নতুন উদ্ভাৱন আৰু উদ্যমিতা কেন্দ্ৰ, এডভান্সড লেবৰেটৰি, চেণাটৰ অব এক্সেলেন্স, ইণ্ডাষ্ট্ৰী আৰু আন্তর্জাতিক প্রতিষ্ঠানবোৰৰ সৈতে যোগাযোগৰ ওপৰত বিশেষভাবে লক্ষ্য ৰখাৰ বাবে মেধা তালিকাত প্রথম স্থান অধিকাৰ কৰিছে।

 এই বছৰ কেন্দ্রীয় উচ্চশিক্ষা মন্ত্রী ৰমেশ পোখৰিয়াল নিশাঙ্ক আৰু ৰাজ্যৰ শিক্ষামন্ত্রী সঞ্জয় শ্যামৰাও ধৰতেৰ উপস্থিতিত এই মেধা তালিকা প্রকাশ কৰে উপ-ৰাষ্ট্রপতি এম ভেঙ্কায়া নাইডুৱে। এই অনুষ্ঠানত উপস্থিত আছিল এআইচিটিইৰ চেয়াৰমেন অনিল ডি সহস্রবুদ্ধে আৰু উচ্চশিক্ষা সচিব অমিত খাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here