চর্ত পূৰণ কৰা নাই ৰাফেল নির্মাতাই : কেগৰ প্ৰতিবেদনে আনিলে অভিযোগ

0
163

# নিউজ ডেস্ক #

ৰাফেল যুদ্ধ বিমান চুক্তিক লৈ কেগ (কম্পট্রোলাৰ এণ্ড অডিটৰ জেনেৰেল, চিএজি))ৰ লক্ষ্যত এইবাৰ কেন্দ্ৰ। ফৰাচী বিমান নির্মাতা কোম্পানী ডাছো এভিয়েচনৰ সৈতে নৰেন্দ্র মোডী চৰকাৰৰ ‘অফছেট চুক্তি’ (দেশীয় কোম্পানীক প্রযুক্তি হস্তান্তৰ কৰি যন্ত্রাংশ নির্মাণ) সংক্রান্তীয়া প্রক্রিয়া কিয় এতিয়াও সম্পন্ন হোৱা নাই তাক লৈ প্রশ্ন উত্থাপন কৰিছে কেগৰ ৰিপোর্টত। সংসদত বৰ্ষাকালীন অধিবেশনৰ অন্তিম পৰ্যায়ত এই ৰিপোর্ট দাখিল কৰা হৈছে। ফলত ইয়াক লৈ সংসদৰ ভিতৰত বিতর্কৰ কোনো সুবিধা এতিয়া নাই।

ৰাষ্ট্রীয় সংস্থা ‘ডিফেন্স ৰিছার্চ এণ্ড ডেভেলপমেন্ট অর্গানাইজেচন’ (ডিআৰডিঅ’)ৰ সৈতে সম্পাদিত ‘অফছেট চুক্তি’ৰ চর্ত এতিয়াও ডাছো এভিয়েচনে পূৰণ কৰা নাই বুলি ৰিপোর্টত কোৱা হৈছে। ৰাফেল ক্ৰয়ৰ চর্ত অনুযায়ী চুক্তিৰ মুঠ ধনৰ একাংশ প্রত্যক্ষ বিদেশী বিনিয়োগ হিচাবে ভাৰতলৈ অহাৰ কথা। কিন্তু এতিয়াও ফৰাচী কোম্পানীটোৱে ‌সেই প্রতিশ্রুতি পালনৰ উদ্যোগ লোৱা দেখা যোৱা নাই।

উল্লেখ্য যে ২০১৫ চনৰ ছেপ্টেম্বৰত প্রায় ৫৮,০০০ কোটি টকাৰ বিনিময়ত ৩৬খন ৰাফেল যুদ্ধ বিমান আৰু তাত ব্যৱহৃত অস্ত্র ক্ৰয়ৰ বাবে ডাছো এভিয়েচন আৰু ইউৰোপীয় ক্ষেপণাস্ত্র নির্মাতা কোম্পানী এমবিডিএৰ সৈতে কেন্দ্রৰ আলোচনা চূড়ান্ত হৈছিল। ইয়াৰ পিছতেই স্বাক্ষৰিত হয় চুক্তি। কেগৰ ৰিপোর্টত কোৱা হৈছে, ডাছো আৰু এমবিডিএ কোম্পানীয়ে প্রাথমিকভাবে প্রস্তাৱ দিছিলযে  চুক্তিৰ চর্তৰ ৩০ শতাংশ পূৰণ কৰিবলৈ তেওঁলোকে ডিআৰডিঅ’ক উন্নত মানৰ প্রযুক্তি দিব।

ডিআৰডিঅ’ই লঘু ওজনৰ যুদ্ধ বিমানৰ বাবে ‘কাবেৰী’ নামৰ ইঞ্জিন তৈয়াৰ কৰিবলৈ এই প্রযুক্তিগত সাহায্য বিচাৰিছিল। সংসদত দাখিল কৰা ৰিপোর্টত কেগ-এ জনাইছে, এই পর্যন্ত ডাছোই এই প্রযুক্তিগত সহায় কৰা নাই। আনকি, এই বিষয়ত নিশ্চিত কৰি একো কোৱাও নাই।

উল্লেখ্য যে এই চুক্তিক লৈ ইতিমধ্যে যথেষ্ট বিতৰ্ক হৈ গৈছে৷ আনকি ৰাহুল গান্ধীয়ে এই সংক্ৰান্তত ছুপ্ৰিম কোৰ্টৰো দ্বাৰস্থ হৈছিল৷ এই পৰিস্থিতিত কেগৰ ৰিপোর্ট পোহৰলৈ অহাত বিষয়টোক লৈ পুনৰ ৰাজনৈতিক বিতর্ক হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

কেগৰ অভিযোগ, বহু ক্ষেত্রতেই বিদেশী কোম্পানীয়ে চুক্তি স্বাক্ষৰৰ সময়ত দেশীয় কোম্পানীক আবণ্টন দিয়াৰ প্রতিশ্রুতি দিলেও সেই বিষয়ত দায়বদ্ধতা নেদেখায়। এনে পৰিস্থিতিত প্রতিৰক্ষা মন্ত্রালয়ক চুক্তিৰ সময়ত তাৰ বাস্তৱায়নৰ সম্ভাৱনা ভালদৰে পর্যালোচনাৰ পৰামর্শ দিয়া হৈছে ৰিপোর্টত।

অৱশ্যে প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্র মতে, ডাছোৰ তৰফৰ পৰা ইতিমধ্যে বার্তা প্ৰেৰণ কৰিছে যে কৰোনা পৰিস্থিতিৰ কাৰণে অফছেট বাধ্যবাধকতা পূৰণত কিছু পলম হৈছে যদিও কৰোনা পৰিস্থিতিৰ মাজতেই ফ্রান্সৰ পৰা উৰি আহি ভাৰতীয় বায়ুসেনাত যোগ দিছে পাঁচখন ৰাফেলে।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here