৪ বলত ৪ উইকেট, চাৰিটাই ক্লিন ব’ল্ড!  কোন এই বিস্ময়কৰ প্ৰতিভা?

0
112

# স্প’র্টছ ডেস্ক #
চাৰিটা বলত চাৰিটা উইকেট। চাৰিটাই ক্লিন ব’ল্ড। টি-২০ ক্রিকেটত এনে এক চমক দেখালে পাকিস্তানৰ ২০ বছৰীয়া পেছাৰ শ্বাহিন আফ্রিদিয়ে।

ইংলেণ্ডৰ টি-২০ টুৰ্ণামেণ্ট ভাইটেলিটি ব্লাষ্টত মিডলছেক্সৰ বিৰুদ্ধে হেম্পশায়াৰৰ হৈ এই বিধ্বংসী ব’লিং কৰে তৰুণ পাক পেছাৰ আফ্রিদিয়ে। কার্যত অকলেই মিডলছেক্সৰ জয়ৰ আশাত চেঁচাপানী ঢালে চাহিনে। ১৯ ৰানত তেওঁ দখল কৰে ৬টা উইকেট।

প্রথমে বেট ধৰি ১৪১ ৰান কৰে হেম্পশায়াৰে। ১৪২ ৰানৰ লক্ষ্য সন্মুখত ৰাখি ক্ৰিজত নামি মিডলছেক্সে ১৮ অভাৰত ৬ উইকেট হেৰুৱাই ১২১ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতে ১৯ সংখ্যক অভাৰত চমৎকাৰ কৰে শ্বাহিন আফ্রিদিয়ে। আফ্রিদিৰ চিকাৰ হয় জন ছিম্পছন, ষ্টিভেন ফিন, থিলেন ৱালাল্লাৱাটাইটা আৰু টিম মুর্তাঘ।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here