চান্দ সদাগৰৰ ছয়গাঁও

0
76

# বিদ্যুত কলিতা #

গুৱাহাটী মহানগৰীৰ পৰা ৪০ কিঃমিঃ পশ্চিমত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ঐতিহ্যমণ্ডিত চান্দ সদাগৰৰ ৰাজ্য ছয়গাঁও৷ এই ছয়গাঁৱতেই আছে বেউলা-লক্ষীন্দৰৰ মেৰঘৰ আৰু চণ্ডিকা দেৱালয়৷ চান্দ সদাগৰৰ চম্পক ৰাজ্যৰ ৰাজধানী আছিল চম্পক নগৰ৷ কালৰ বুকুত এই ৰাজ্য ধ্বংসপ্ৰাপ্ত হয়৷ আহোম ৰাজত্বকালত এই অঞ্চলটো গুৱাহাটীৰ বৰফুকনৰ অধীনত আছিল৷ চান্দ সদাগৰে ছয় পুত্ৰক ভগাই দিয়া ছয়খন গাঁও বা ৰাজ্যৰ নামেৰেই ছয়গাঁও নামৰ উৎপত্তি হয়৷ অৱশ্যে মেৰঘৰ থকা অঞ্চলটোৰ নাম আজিও চম্পক নগৰ৷

চান্দ সদাগৰ প্ৰকৃততে ক’ৰ বাসিন্দা আছিল সেয়া আজিও এক বিতৰ্কিত বিষয়৷ ছয়গাঁৱৰ উপৰি পশ্চিমবংগ আৰু বাংলাদেশেও চান্দ সদাগৰ সেই ঠাইৰ বাসিন্দা আছিল বুলি দাবী কৰে৷ কিন্তু ছয়গাঁৱৰ চম্পক নগৰত আজিও বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা শিলৰ মেৰঘৰৰ ভগ্নাৱশেষ, শিৱ মন্দিৰ আৰু শিলত খোদিত কৰা চান্দৰ ছয় পুত্ৰৰ মূৰ্তি, হেমতাল লৈ বহি থকা ভংগীমাত চান্দৰ মূৰ্তি, বেউলা-লক্ষীন্দৰৰ নিদ্ৰাৰত অৱস্থাত থকা মূৰ্তি আদিয়ে অতীতৰ শিল্প ভাস্কৰ্যৰ এটি সুন্দৰ নিদৰ্শন দাঙি ধৰাৰ লগতে চান্দ সদাগৰ আৰু বেউলা-লক্ষীন্দৰৰ কাহিনীক জীৱন্ত কৰি ৰাখিছে৷ আনহাতে, চান্দৰ আদি বসস্থান জুললী পাহাৰৰ দক্ষিণে থকা চান্দৰ বাগান, চান্দৰ জান, চান্দৰ বান্ধ, চান্দৰ চেপা আৰু বাসস্থানৰ উত্তৰে থকা চান্দৰ খেৱা আদি নামবোৰে চান্দ সদাগৰ যে এসময়ত এই অঞ্চলৰ বাসিন্দা আছিল তাৰ প্ৰমাণ কৰে৷

চান্দ সদাগৰে নিৰ্মাণ কৰা মেৰঘৰৰ অস্তিত্ব আজিকালি দেখিবলৈ পোৱা নাযায় যদিও তাৰ ভগ্নাৱশেষসমূহ সিঁচৰতি হৈ আছে৷ চন্দ্ৰধৰে সজোৱা শিলৰ শিৱ মন্দিৰ আজি নাই, কিন্তু শিৱ লিংগৰ সৈতে মূল বেদীখন আজিও আছে৷ ৰাইজে তাৰ ওপৰতে বৰ্তমানৰ মন্দিৰটো নিৰ্মাণ কৰিছে৷ এই মন্দিৰৰ পুননিৰ্মাণৰ সময়ত খননকাৰ্য চলাওঁতে মাটিৰ পাত্ৰৰ বহুতো ফুল, বেউলাৰ এডাল হাৰ আৰু খাড়ু প্ৰপাত পোৱা যায়৷ মন্দিৰৰ কাষতে আছে এটা পুখুৰী৷ বিশ্বাসমতে এই পুখুৰীত গা ধুই চান্দই মন্দিৰত প্ৰৱেশ কৰিছিল৷ এই পুখুৰীৰ লগতে হীৰা মাটিৰে নিৰ্মাণ কৰা দ-কুঁৱা এটিও মন্দিৰৰ কাষতে আছে৷

চণ্ডিকা দেৱালয়

১৬৪৭ খ্ৰীষ্টাব্দত আহোম ৰজা শিৱ সিংহই এই মন্দিৰ নিৰ্মাণ কৰিছিল৷ ১৮৯৭ খ্ৰীষ্টাব্দত ভূমিকম্পত এই মন্দিৰটো ভাঙি পৰে৷ পৰৱৰ্তীকালত ৰাইজে বৰ্তমানৰ মন্দিৰটো নিৰ্মাণ কৰিছিল৷ ই শক্তিপীঠ৷ শিৱ সিংহৰ দিনৰে পৰা চণ্ডিকাত ব্ৰাহ্মণৰ জৰিয়তে নিত্য পূজাৰ ষষ্ঠীৰ পৰা দশমীলৈ প্ৰতিটো দিনৰ এক নিজা বৈশিষ্ট্য আছে৷ অষ্টমীৰ দিনা ম’হ বলি দিয়া হয়৷ দশমীৰ দিনা প্ৰতিমা বিসৰ্জনৰ বাবে ছয়গাঁৱৰ কুকুৰমাৰাত বহু লোকৰ সমাগম হয়৷ দশমীৰ দিনা কুকুৰমাৰাৰ বিশেষ আকৰ্ষণ হ’ল নাও খেল৷

চণ্ডিকা দেৱালয় মন্দিৰটো সম্প্ৰতি নতুনকৈ সজোৱা হৈছে৷ অৱশ্যে ঐতিহ্যত কোনো আঁচোৰ পৰা নাই৷ বন বিভাগে মন্দিৰৰ চৌহদত পৰিকল্পিতভাৱে গছপুলি ৰুই পৰ্যটকৰ আকৰ্ষণৰ থলী কৰি তুলিছে৷ চৌহদত বন বিভাগৰ এটা অতিথিশালাও আছে৷ পৰ্যটকসকলে ইয়াত বিশ্ৰাম ল’ব পাৰে৷ অম্বুবাচীৰ বাহিৰে মন্দিৰৰ দুৱাৰ পুৱাৰে পৰা খোলা থাকে৷ দুৰ্গা পূজাৰ উপৰি জেঠ মাহত ভক্তসকলৰ ভিৰ হয়৷

যাতায়াত : গুৱাহাটী মহানগৰীৰ চাৰ্চ ফিল্ডৰ পৰা ছয়গাঁৱলৈ নিয়মীয়াভাৱে চিটিবাছ চলাচল কৰে৷ তাৰোপৰি মাছখোৱাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থান আৰু আদাবাৰীৰ পৰাও বাছ চলাচল কৰে৷

থকা ঠাই : ছয়গাঁৱত থকাৰ বাবে হোটেল নাই যদিও বন বিভাগৰ অতিথিশালা আৰু আৱৰ্ত ভৱন আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here