প্রখ্যাত সংগীত শিল্পী এছপি বালসুব্ৰমণিয়ম আৰু নাই : শোকস্তব্ধ সংগীত জগত

0
73

# নিউজ ডেস্ক #

অৱশেষত স্তব্ধ হ’ল বাৱন্ন দিনৰ জীৱন-মুত্যুৰ যুদ্ধৰ প্রয়াত হ’ল জনপ্রিয় সঙ্গীতশিল্পী এছপি বালসুব্ৰমণিয়ম শুক্রবাৰে দুপৰীয়া এক বজাত চেন্নাইৰ এখন হস্পিটেলত তেওঁৰ মৃত্যু হয়মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ

উল্লেখ্য যে কৰোনাত আক্রান্ত হৈ যোৱা আগষ্টত চেন্নাইৰ এখন বেচৰকাৰী হস্পিটেলত ভর্তি হৈছিল এইগৰাকী বর্ষীয়ান সঙ্গীতশিল্পী। এক মাহ পিছত ছেপ্টেম্বৰত তেওঁৰ কৰোনা পৰীক্ষাৰ ৰিপোর্ট নেগেটিভ আহে। কিন্তু শ্বাসকষ্টজনিত সমস্যাৰ কাৰণে তেওঁক ভেন্টিলেটৰৰ পৰা উলিওৱা হোৱা নাছিল। পিছৰ ফালে তেওঁক ভেন্টিলেটৰৰ উপৰিএকমো ছপোর্ট’ (কৃত্রিম উপায়ে বৰ্ধিত অক্সিজেন সৰবৰাহৰ ব্যৱস্থা) দিয়াৰো ব্যৱস্থা কৰা হৈছিল। তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ উন্নতি ঘটা যেনো অনুমান কৰা হৈছিল। কিন্তু বুধবাৰে তেওঁৰ অৱস্থা পুনৰ সঙ্কটজনক হৈ উঠে। অৱশেষত আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here