ভাৰতৰ পৰ্যটন খণ্ডলৈ অশনি সংকেত

0
294

নিউজ ডেস্ক: বৈদেশিক মুদ্ৰা অৰ্জুনৰ অন্যতম ‘ইঞ্জিন’ ভাৰতৰ পৰ্যটন উদ্যোগলৈ ভয়াবহ সংকট নামিছে। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আঘাত পৰাৰ লগতে লাখ লাখ লোকে সংস্হাপন হেৰুওৱাৰ আশংকা প্ৰকট হৈছে ।


দেশৰ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহা পৰ্যটন উদ্যোগ অহা এটা বছৰলৈ থিয় হোৱাৰ সম্ভাৱনা ক্ষীণ। এইটো সময় এই উদ্যোগৰ বাবে গুৰুত্বপূৰ্ণ সময়। নেচনেল ৰেষ্টুৰেণ্ট এছ’চিয়েচনৰ অধ্যক্ষৰ মতে এতিয়া শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব।


উল্লেখযোগ্য যে যোৱা ২২ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ। প্ৰতি সপ্তাহত কমেও ৭০০ খন বিমান ভাৰতলৈ আহে। ভাৰতলৈ অহা পৰ্যটকৰ ২৪ শতাংশ‌ই আহে আমেৰিকা আৰু ইংলেণ্ডৰ পৰা ।


শেহতীয়া এক সমীক্ষা অনুসৰি বিশ্বৰ পৰ্যটন উদ্যোগৰ লগত জড়িত ৭৫ নিযুত লোক আজি সংকটত পৰিছে।৫০ নিযুতে সংস্হাপন হেৰুওৱাৰ পথত।
পৰ্যটন উদ্যোগটোৰ লগত জড়িত হৈ থাকে হোটেল উদ্যোগ। দেশৰ হোটেল উদ্যোগত বছৰি কমেও ৪ লাখ কোটি টকাৰ ব্যৱসায় হয়। ৭ নিযুত লোক প্ৰত্যক্ষভাৱে জড়িত দেশৰ হোটেল উদ্যোগত। হোটেল আৰম্ভ হ’লেও ২৫ শতাংশ কৰ্মচাৰী সংকটত পৰিব।
এই জটিল প্ৰেক্ষাপটত সমান্তৰালভাৱে অসমৰ পৰ্যটন উদ্যোগটোৰ প্ৰসংগতো চিন্তা কৰাৰ প্ৰয়োজন হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here