27 C
Guwahati
Sunday, June 20, 2021
27 C
Guwahati

পোষ্টমৰ্টেমৰ ৰিপোর্ট দাখিল হ’লেও ১৮ হাতীৰ ‘বজ্রপাত’ত মৃত্যুৰ সন্দেহ এতিয়াও আঁতৰা নাই

সন্দেহ আঁতৰা নাই অসমৰ বন্যপ্রেমী আৰু বন্যপ্রাণী বিশেষজ্ঞসকলৰ

- Advertisement -spot_imgspot_img
- Advertisement -spot_imgspot_img

# বিশেষ প্ৰতিবেদন #

বন্যপ্রাণীপ্রেমী সংগঠনবোৰৰ দাবী মানি নগাঁৱৰ বামুণী পাহাৰত একেলগে মৃত্যু হোৱা ১৮টা হাতীৰ পোষ্টমৰ্টেমৰ ৰিপোর্ট দাখিল কৰিছে বন বিভাগে। পিছে তাতো সন্তুষ্ট নহয় বন্যপ্রাণী বিশেষজ্ঞ আৰু বন্যপ্রেমীসকলৰ বহুতেই। শনিবাৰে বিশ্ব পৰিবেশ দিৱসৰ দিনা পুনৰ বিষয়টি সন্দৰ্ভত সৰৱ হৈছে তেওঁলোক।

‘নেচাৰ্ছ বেকন’ৰ কর্ণধাৰ সৌম্যদীপ দত্তই শনিবাৰে কয়, ‘‘প্রাথমিকভাবে আমি দেখিছো যে পোষ্টমৰ্টেমৰ ৰিপোর্টত কিছু বিসঙ্গতি আছে। বিশেষজ্ঞসকলৰ সৈতে আলোচনাৰ ভিত্তিত সোমবাৰে এই বিষয়ত আমি আমাৰ পর্যবেক্ষণ জনাম।’’

আ্‌হাতে, অসম চৰকাৰৰ দাবী, বিগত ১২ মে’ত বামুণী পাহাৰত প্রবল প্রাকৃতিক দুর্যোগৰ মাজত বজ্রপাতৰ কাৰণেই হাতীকেইটাৰ মৃত্যু হৈছিল। মৃতদেহকেইটাৰ পোষ্টমৰ্টেমৰ পিছত নগাঁৱৰ বিভাগীয় বন বিষয়াৰ তৰফৰ পৰা প্রাথমিকভাবে এটা ‘হিষ্টো পেথোলজিকেল ৰিপোর্ট’ প্রকাশ কৰা হৈছিল। কিন্তু তাত বহু তথ্যৰ অমিল বুলি ‘নেচাৰ্ছ বেকন’সহ অসমৰ কেইবাটাও বন্যপ্রাণী সংৰক্ষণ সংগঠনে অভিযোগ তোলে। তেওঁলোকে ৰাজ্যৰ বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ ওচৰত ৫ জুনৰ ভিতৰত পূর্ণাঙ্গ ৰিপোর্ট প্রকাশৰ দাবী জনায়। লগতে সৌম্যদ্বীপসহ একাধিক বন্যপ্রাণী বিশেষজ্ঞই সন্দেহ প্রকাশ কৰিছে যে হাতীকেইটাক বিষ প্রয়োগ বা বিদ্যুতৰ তাঁৰৰ ফান্দত পেলাই হত্যা কৰা হ’ব পাৰে।

উল্লেখ্য, যোৱা বৃহস্পতিবাৰে বন বিভাগে পোষ্টমৰ্টেমৰ ৰিপোর্ট প্রকাশ কৰে। ৰাজ্যৰ উপ-মুখ্য বন সংৰক্ষক কেকে দেউৰীৰ নেতৃত্বত ৬জন পশু চিকিৎসকৰ দলৰ উক্ত ৰিপোর্টত কোৱা হৈছে, বজ্রপাতৰ কাৰণতেই হাতীকেইটাৰ মৃত্যু হৈছিল। পোষ্টমৰ্টেমত মৃত হাতীকেইটাৰ দেহত বিষৰ উপস্থিতি লাভ কৰা নাই বুলিও জনোৱা হৈছে ৰিপোর্টত। অৱশ্যে তাত সন্দেহ আঁতৰা নাই অসমৰ বন্যপ্রেমী আৰু বন্যপ্রাণী বিশেষজ্ঞসকলৰ।

ঘটনাৰ পিছতেই ‘নেচাৰ্ছ বেকন’সহ কেইবাটাও সংগঠনৰ পর্যবেক্ষকৰ দল বামুণী পাহাৰলৈ গৈছিল। তেওঁলোকৰ অভিযোগ, বন বিভাগৰ তদন্তকাৰী দলত কোনো ইলেকট্রিকেল ইঞ্জিনিয়াৰ আৰু ভূ-বিশেষজ্ঞ নাছিল। যিটো অতি প্রয়োজনীয় আছিল। নগাঁৱৰ বন্যপ্রাণী সংৰক্ষণ আন্দোলনৰ কর্মী তথা ইলেকট্রিকেল ইঞ্জিনিয়াৰ ভাস্কৰ বৰুৱাৰ মতে, ‘‘বামুণী পাহাৰত হাতীকেইটাৰ মৃতদেহ বিভিন্ন অৱস্থান সিঁচৰতি হৈ পৰি আছিল। তেনে ক্ষেত্রত এবাৰ বজ্রপাতত একেলগে ১৮টী হাতীৰ মৃত্যু হোৱাটো সম্ভৱ নহয়। তাৰোপৰি পাহাৰৰ ঢালত এডাল চেগুন গছৰ ওপৰত বজ্ৰ পৰিছিল বুলি কোৱা হৈছে। সকলোতকৈ তলত যিটো হাতীৰ মৃতদেহটো পোৱা গৈছে, তাৰ অৱস্থান চেগুন গছডালৰ পৰা ১২ ফুটৰো বেছি ওপৰত। অন্য হাতীকেইটাৰ মৃতদেহ আৰু ওপৰত পৰি আছিল। কিন্তু মোৰ অভিজ্ঞতাই কৈছে, পাহাৰৰ ঢালত বজ্রপাতত স্থলভাগৰ তলৰফালে থকা মানুহ বা প্রাণীবোৰৰ মৃত্যু হয়।’’

সৌম্যদীপ দত্তই লগতে কয়, ‘‘হাতীকেইটাৰ মৃতদেহ য’ত পৰি আছিল তাৰ আশেপাশে জোপোহা-জাৰণি বা মাটিত বজ্রপাতৰ তেনে কোনো চিন পোৱা নাই। বৰং আশেপাশে থকা মাটিত প্রচুৰ নিমখৰ চিন লাভ কৰা হৈছে।’’ উল্লেখ্য, নিমখ হাতীৰ অতি প্রিয়। সেয়ে নিমখৰ লোভ দেখুৱাই হাতীকেইটাক আকৰ্ষণ কৰি আনি হত্যা কৰা হ’ব পাৰে বুলি তেওঁৰ অভিযোগ। বন্যপ্রাণী বিশেষজ্ঞ তথা ৰসায়নবিদ মানসলোচন দাসে কয়, ‘‘আমি দেখিছো বহি থকা অৱস্থাত মৃত্যু হৈছে বহুকেইটা হাতীৰ। অর্থাৎ মৃত্যুৰ আগতে সিহঁতে বহাৰ সময়খিনিও পাইছিল। কিন্তু অতি শক্তিশালী বজ্রপাতৰ চিকাৰ হ’লে থিয় হৈ থকা অৱস্থাতেই তৎক্ষণাৎ সিহঁতৰ মৃত্যু হ’ব লাগিছিল। তেনে ক্ষেত্রত পাহাৰৰ ঢালেৰে মৃতদেহকেইটা বহুখিনি দূৰ বাগৰি যোৱাৰ সম্ভাৱনা আছিল। কিন্তু এই ক্ষেত্রত সেয়া হোৱা নাই।’’ তিনিচুকীয়াৰ বাসিন্দা তথা বন্যপ্রাণী সংৰক্ষণ আন্দোলনৰ কর্মী স্নিগ্ধা মুখাৰ্জীয়ে কয়, পোষ্টমৰ্টেম ৰিপোর্ট প্রকাশিত হ’লেও কিছু ক্ষেত্রত এতিয়াও সংশয় আছে। আমি বিচাৰিম, সোনকালে ৰাজ্যৰ বন বিভাগে সেইবোৰ দূৰ কৰক।

উৎস : আনন্দবাজাৰ পত্ৰিকা

 

- Advertisement -spot_imgspot_img
Video thumbnail
# ক্ষমতাৰ অপপ্ৰয়োগ #গুগলৰ!
02:38
Video thumbnail
মোবাইলৰ বিকিৰণ ৰুধিবলৈ ব্যৱহাৰ হ’ব গোবৰ
04:39
Video thumbnail
আহি আছে টাটা ছন্স, মুকেশ আম্বানিক প্ৰত্যাহ্বান!
02:33
Video thumbnail
The Prime Minister's Citizen Assistance and Relief in Emergency Situations Fund
02:33
Video thumbnail
he Prime Minister's Citizen Assistance and Relief in Emergency Situations Fund
02:33
Video thumbnail
কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থতে তিনিখনকৈ কৃষকবিৰোধী আইন মোডী চৰকাৰৰঃ অদীপ কুমাৰ ফুকন
14:55
Video thumbnail
এইবাৰ ৰাজ্যসভাৰ অধিবেশনত নাথাকিব প্ৰশ্নকাল
11:18
Video thumbnail
#সাময়িক_প্ৰসংগ : অদীপ কুমাৰ ফুকনৰ সৈতে
21:01
Video thumbnail
প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিয়ে অসমৰ দৰিদ্ৰ জনগণক আচলতে কিমান উপকৃত কৰিব ?
13:46
Video thumbnail
notun somoy | ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ অসমত টোলগে'ট কিয়?
03:47
Video thumbnail
notun somoy| আজিৰ চিন্তাঃ খাৰুৱা তেলৰ মূল্য হ্ৰাসৰ অৰ্থনীতিত প্ৰভাৱ
14:25
Video thumbnail
notun somoy# Press Meet#বঙালীসকলৰ #স্বায়ত্ত শাসিত পৰিষদৰ বিৰোধিতাৰে সংবাদমেল
10:51
Video thumbnail
notun somoy#অসমীয়াৰ স্বাভিমানৰ ঠিকনা বিদ্যুতৰ#"ভুৰুকা" Assamese_Traditional Food_Bhuruka#Guwahati
16:40
Video thumbnail
#notun_somoy লাহৰিঘাটত 'কা'বিৰোধী প্ৰতিবাদী সভাত অদীপ কুমাৰ ফুকন
06:48
Video thumbnail
notun somoy
02:07
Video thumbnail
চাইবাৰ অপৰাধীৰ পৰা সাৱধানে থাকিবলৈ আপুনি কি কৰিব ?
11:01
Video thumbnail
Direct paddy drum seeder system sivasagar KVK কম সময়তে কৃষকসকলে পথাৰত ৰুব পাৰিব কঠিয়া
02:47
Video thumbnail
অসমৰ #বান-গৰাখহনীয়াক #ৰাষ্ট্ৰীয় #সমস্যাৰ #স্বীকৃতি নিদি অসমবাদীক #চৰম #তাচ্ছিল্য
08:53
Video thumbnail
নগাঁও আৰু কাছাৰ কাগজ কল বন্ধ কৰাৰ পৰিৱৰ্তে ৰাজহুৱা খণ্ডতে ৰাখি পুনৰুজ্জীৱিতকৰণত আগভাগ ল‌ওক সোণোৱালে
08:07
Video thumbnail
বিত্তীয় দিশত মোডী চৰকাৰৰ ব্যৰ্থতা কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ দৰমহাত অনিশ্চয়তা : অদীপ কুমাৰ ফুকন
08:27
Video thumbnail
ঠিকা ভিত্তিক টে'ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণত মুখ্যমন্ত্ৰীয়ে আগভাগ লওকঃ অদীপ কুমাৰ ফুকন
08:17
Video thumbnail
Lahorighat Erosion #লাহৰীঘাটত ব্ৰহ্মপুত্ৰত জাহ গ’ল শতাধিক গাঁও
03:40
Video thumbnail
Morigaon Erosion : Scam of Porcupine # মৰিগাঁও জলসম্পদ বিভাগত দুৰ্নীতি
05:32
Video thumbnail
Eiffel Tower Celebrates 130th Birthday (আইফেল টাৱাৰৰ ১৩০ বছৰীয়া নিৰ্মাণ দিৱস)
01:27
Video thumbnail
Lahorighat MG NREGA Scam (লাহৰীঘাটত এনৰেগাৰ আঁচনিৰ কেলেংকাৰী)
04:16
Video thumbnail
মমতা বেনাৰ্জীৰ ওপৰত ৰাষ্ট্ৰপতিয়ে ব্যৱস্থা গ্ৰহণ কৰক : মুখ্য মন্ত্ৰী সোণোৱাল
03:41
Video thumbnail
Priyanka to contest against Modi in Baranasi!
04:01
Video thumbnail
sleep
01:23
Latest news
- Advertisement -spot_img
Related news
- Advertisement -spot_img

LEAVE A REPLY

Please enter your comment!
Please enter your name here