স্ব-উদ্যমিতা -১ (এগৰাকী যুৱ উদ্যমীৰ দৃষ্টিৰে)

0
290

বিদ্যুৎ জ্যোতি কলিতা

পুৱাই উঠি Startup-India-ই আগবঢ়োৱা বাক্যশাৰি পঢ়িলোঁ— “India, a youthful nation known for its innovative zeal, can take the lead in providing a new work culture.” এয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যুৱচামৰ প্ৰতি কৰা আহ্বান ।
বাক্যটি আজি খুবেই প্ৰাসংগিক বুলি অনুভব কৰিলোঁ। কৰ’নাৰ তাণ্ডৱত ককবকাই থকা বিশ্ব কেতিয়ালৈ শান্ত হ’ব, কেতিয়ালৈ ইয়াৰ সঠিক প্ৰতিষেধক আহিব সেইবিষয়ে সকলো অজ্ঞাত। কৰ’নাৰ অনিশ্চয়তাৰ বাবে সামাজিক দূৰত্ব কেতিয়ালৈ মানিব লাগিব সেয়াও মৰিচিকা মাথোঁ । এনে প্ৰেক্ষাপটত বিশ্ব অৰ্থনীতি তচনছ হ’ব বুলি সমীক্ষাসমূহত পঢ়িবলৈ পাইছোঁ। ভাৰতবৰ্ষও অৰ্থনৈতিকভাৱে বহু বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব। সেয়েহে প্ৰধানমন্ত্ৰীৰ বাক্যটিৰ প্ৰয়োজনীয়তাৰ আঁত ধৰি দুআষাৰ ক’ব বিচাৰিছোঁ )।

ভাৰতত সৰ্বাধিক যুৱচামে (Youth) বাস কৰে; যিখিনিক তত্ত্বগতভাৱে Demographic Dividend বুলিও কয়। সেয়ে আজিৰ পৰিস্থিতিত এই যুৱচামৰ প্ৰয়োজনীয়তা আটাইতকৈ বেছি। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে উদ্ভাৱনী ক্ষমতাৰে New Business Model লৈ ইতিমধ্যে ভাৰতৰ বিভিন্ন চহৰ বিশেষকৈ বাংগালুৰু, হায়দৰাবাদ, ইন্দোৰ, চেন্নাই আদিত বহুতো যুৱক-যুৱতীয়ে Start-up সংস্কৃতি আৰম্ভ কৰিছে। এওঁলোকৰ বেছিভাগৰে বয়স ৩০ বছৰৰ তলৰ। এইসমূহৰ ৮০% ই সফল (সমীক্ষা মতে)।

ঠিক একেধৰণে এই সময়ত অসমৰ অৰ্থনৈতিক অৱস্থাৰ সংকট হোৱাটো প্ৰায় নিশ্চিত। আজি সেয়ে জুবিনদাৰ ভাষাৰে ক’ব লাগিব – “ইচ্ছা কৰিলে আমি দেশ সলাবও পাৰোঁ আৰু জ্বলাবও পাৰোঁ।” গতিকে আজি আমি অসমবাসী যুৱচামে এনে অৰ্থনৈতিক সংকটৰ সময়ত ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো এবাৰ সলাবলৈনো কিয় চেষ্টা নকৰোঁ ? (বাকী আন্দোলনবোৰৰ লগতে) এদিন Yemen-ত জন্মগ্ৰহণ কৰা মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ আজি Yemen-ৰ GDPতকৈ বহু গুণে বেছি। আপুনি, মই ইয়াৰ পৰাই অলপ অনুপ্ৰেৰণা লৈ কাম আৰম্ভ কৰোঁচোন। আজিৰ প্ৰেক্ষাপটত অসমত উদ্ভাৱনৰ জৰিয়তে উদ্যমিতা (Entrepreneurship)ৰ সংস্কৃতি গঢ়ি উঠাটো অতিকে প্ৰয়োজন হৈছে। সঘনাই আজিকালি বহুতেই জাতীয় অৰ্থনীতি গঢ় দিয়াৰ কথা কয়। হয় ঠিকেই; এই কাম আমি যুৱচামেই সঠিকভাৱে কৰিব পাৰোঁ।

যোৱা ৮ মাহে মই প্ৰত্যক্ষভাৱে উদ্যমিতাৰ জগতখনত জড়িত হোৱাত Start-up জগতখনৰ বহু ৰোমাঞ্চকৰ কথা জানিব পাৰিছিলোঁ; যেনে উদ্যমিতা (entrepreneurship) কি? Start-up কি? এই কথাও জানিব পাৰিছিলোঁ যে Start-up-ৰ জৰিয়তে আমি অসমীয়াসকল অৰ্থনীতিত স্বকীয়ভাৱে যথেষ্টখিনি শক্তিশালী হোৱাৰ থল আছে। এতিয়াও এনে বহু ক্ষেত্ৰ অসমত আছে য’ত Start-up-ৰ জৰিয়তে যুৱচামে জাতিৰ লগতে নিজৰ উন্নতি কৰিব পাৰে।

আজি আমি সকলোৱেই চাকৰিমুখী।সংস্থাপনহীনতাৰ সময়ত পেটৰ ভাতমুঠিৰ বাবে কষ্ট হ’বই। হয়, মোৰ ঘৰৰ আৰ্থিক দিশৰ বাবে চাকৰি এটা মোকো খুব প্ৰয়োজন আছিল। ফুটপাথতো এটি নিশা অতিবাহিত কৰিছিলো (আপোনালোকে জানিব বিচাৰিলে পাছলৈ সেয়াও কম)। যিকোনো উপায়েৰে চাকৰি লোৱাৰ সুবিধা মোৰ হাতলৈও নহা নহয়। মই মোৰ চুবাৰ (প্ৰায় ১০০ ঘৰ মানুহ) প্ৰথমজন স্নাতকোত্তৰ ডিগ্ৰীধাৰী। চুবুৰীয়াই কয়, বিদ্যুতে ডাঙৰ চাকৰি কৰিব। ঘৰৰ কথা নকৱে যেনিবা ! কিন্তু সেই সকলোবোৰ নেওচি নিজকে উদ্যমিতাৰ জগতখনলৈ লৈ যোৱাৰ কথা ভাবিলোঁ অসমত এই ক্ষেত্ৰখনত থকা অপূৰ্ব সম্ভাৱনীয়তাৰ বাবে (এই ক্ষেত্ৰত GCC-ৰ পৰা HS-ত ষ্টেণ্ড কৰা দাদা এজনৰ ভূমিকা অপৰিসীম)। আপুনি হয়তো সাহস পাব ‘ভুৰুকা’ত মুঠ বিনিয়োগৰ মাত্ৰ ২০০০ টকা মোৰ নিজৰ। মোৰ অধ্যয়নৰ সময়ছোৱাত বহু এনে বন্ধু লগ পাইছিলোঁ যাৰ বহু Innovative Business-ৰ ধাৰণা আছিল। তেওঁলোকে আৰম্ভ কৰিব পাৰিলেহেতেঁন। সচাঁ কথা ক’বলৈ গ’লে Entrepreneurship শব্দটো বিশ্ববিদ্যালয়তহে মই প্ৰথমবাৰ শুনিছিলোঁ। মই আপোনালোকৰ আশীৰ্বাদত এই ক্ষেত্ৰখনত নতুনকৈ ভৰি থৈছোঁ। নাজানো কিমান দূৰলৈ যাব পাৰো ? মই মোৰ নিজৰ কথাৰে ক’ব বিচাৰিছোঁ, যাৰ এই ক্ষেত্ৰখনলৈ আহিবলৈ মন আছে তেওঁলোক সোনকালে আহক। চাকৰি বিচাৰি থকা সকলকো ক’ব বিচাৰিছোঁ, তেওঁলোকে চাকৰিও কৰক লগতে অসমীয়াই ব্যৱসায় কৰিব নজনা বুলি থকা অপবাদ আঁতৰাই দিয়ক। আমাৰ এনেকুৱা সময় নাহক, য’ত এদিন চাকৰিয়ালক দৰমহা দিবলৈ ৰাজকোষত ধন নাথাকিব নতুবা আমাৰ অৰ্থনীতিৰ লগতে পথাৰ সম্পূৰ্ণৰূপে বেলেগৰ হ’ব।

অসমত থকা startup-ৰ সম্ভাৱনাসমূহ সময় থাকোঁতেই আদৰি লওঁ আহক। ইয়াৰ দ্বাৰা জাতিৰ লগতে আপোনাৰো উত্তৰণ সম্ভৱ। কিমান যে ভাল লাগিব সেইদিনা!

(বি.দ্ৰ. : এয়া আপোনালোকৰ প্ৰতি মোৰ উপদেশ নহয়, আপোনালোকৰ লগত সহযোগহে।)

সম্পাদনা টোকা : উচ্চ শিক্ষিত বিদ্যুৎ জ্যোতি কলিতাই গুৱাহাটীৰ চানমাৰিৰ উৰণীয়া সেতুৰ সমীপত (নুনমাটিৰ দিশে) ‘ভুৰুকা’ নামৰ এখন অসমীয়া চাহ-জলপানৰ ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছে। অসমীয়া জলপানৰ সকলো সম্ভাৰৰ উপৰি ৰেষ্টুৰেণ্টখনত অসমীয়া সংস্কৃতিৰ বিভিন্ন উপাদানৰ সমাহাৰ কৰিছে এইগৰাকী একক চিন্তাৰ উদ্যমীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here