29 C
Guwahati
Tuesday, September 21, 2021
29 C
Guwahati

পৰ্যটকৰ আকৰ্ষণৰ নতুন কেন্দ্ৰ হ’ব কোকৰাঝাৰৰ ৰাইমনা

spot_img

নিউজ ডেস্ক : পৰ্যটনৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িল বনজ সম্পদেৰে ভৰপুৰ অসম। কোকৰাঝাৰ জিলাৰ ৰাইমনা সংৰক্ষিত বনাঞ্চল আৰু ডিব্ৰুগড়-তিনিচুকীয়া জিলাৰ দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ লগে লগে অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৭ খন হ’ল। মধ্যপ্ৰদেশ আৰু আন্দামানত ৯ খনকৈ ৰাষ্ট্ৰীয় উদ্যান আছে।ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যাৰে অসমৰ স্হান এতিয়া দেশৰ ভিতৰতে দ্বিতীয়।৪২২ বৰ্গকিলোমিটাৰ মাটিকালিৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হ’ব।ৰাইমনাত সোণালী বান্দৰ, বনৰীয়া ম’হ,১৫০ বিধ প্ৰজাতিৰ পখিলা আৰু ১৭০ প্ৰকাৰৰ পক্ষী আছে।

দিহিং পাটকাই অতি গুৰুত্বপূৰ্ণ বনাঞ্চল। প্ৰকৃতাৰ্থত ই এক বিস্তীৰ্ণ বৰ্ষাৰণ্য অঞ্চল। অসমৰ এই বৰ্ষাৰণ্যৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্বিবাদে শোষণ চলি আছিল। ইয়াৰ জৈৱ-বৈচিত্ৰ্যও ধ্বংস হৈছিল। অসম চৰকাৰে এই সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ লগে লগে এই বনাঞ্চলত থকা বন্যপ্ৰাণীসমূহ সুৰক্ষিত হ’ব আৰু এই বনাঞ্চল অসমলৈ পৰ্যটকৰ আকৰ্ষণৰো অন্যতম স্হান হৈ পৰিব। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক বৰ্ষাৰণ্য বুলি বিশ্বত পৰিচিত কৰা উচিত হ’ব। বৰ্ষাৰণ্যক বিজ্ঞানী সকলে প্ৰাকৃতিক পৰিৱেশৰ ‘জীৱন্ত পৰীক্ষাগাৰ’ আখ্যা দিছে। বৰ্ষাৰণ্য বা ৰেইন ফৰেষ্টৰ অভাৱনীয় গুৰুত্বৰ সময়ত দিহিং পাটকাইত লুকাই থকা প্ৰচুৰ সম্ভাৱনাক চৰকাৰে কেনেকৈ সদব্যৱহাৰ কৰে সেয়া লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img