স্ব- উদ্যমিতা : ২

0
106

বিদ্যুৎ জ্যোতি কলিতা

ইটালীৰ মিলান চহৰত ডাঙৰ-দীঘল হোৱা বিশ্ববিখ্যাত ফেশ্বন ডিজাইনাৰ তথা ব্যৱসায়ী Giorgio Armani-য়ে ১৯৭০ দশকৰ আৰম্ভণিতে নিজৰ কাপোৰ ডিজাইনিং কোম্পানী আৰম্ভ কৰিছিল। ব্যৱসায়ত উচ্চ শিখৰ পোৱাৰ সময়তেই ১৯৮৫ চনত তেওঁৰ অন্তৰংগ তথা প্ৰফেছ’নেল বন্ধুজনৰ মৃত্যুত ব্যথিত হয় আৰু ব্যৱসায়লৈ অমানিশা নামি আহে। তেখেতৰ এই বিপৰ্যয় ২০০৫ চনলৈ অব্যাহত থাকে যদিও ইয়াৰ পাছত তেওঁ নতুন নতুন ব্যৱসায় আৰম্ভ কৰে আৰু পুনৰাই হেৰুওৱা গৰিমা ওভতাই পায়। সেয়ে তেওঁ এদিন কৈছিল : History teaches us that new opportunities are born from the deepest moments of crisis.

সঁচাকৈয়ে Armani-য়ে কোৱা বাক্যষাৰি মোৰ জীৱনৰ লগতে সমাজৰ বাবেও প্ৰাসংগিক যেন অনুভৱ হ’ল। সেয়া ২০১৯ চনৰ আগষ্ট মাহৰ শেষভাগৰ কথা। মোৰ APSC মূল পৰীক্ষা শেষ হৈছে। ইতিমধ্যে মই মূল পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এমাহ থকা অৱস্থাত বিশ্ববিদ্যালয়ৰ CSEAN-ৰ সহযোগী গৱেষক (contractual) পদটোৰ পৰা অব্যাহতি লৈছোঁ। ইয়াৰ পৰাই আৰম্ভ হয় জীৱনৰ অন্য এক কাহিনী।

পৰীক্ষা শেষ হোৱাৰ পাছৰে পৰা লাহে লাহে অৰ্থ সংকটে দেখা দিব ধৰিলে। মনতে ভাবিলোঁ যিখিনি ধন জমা আছে সেইখিনিৰে ছেপ্টেম্বৰ মাহটো কিবাকৈ চলিব পৰা যাব। তাৰ পাছত কি হ’ব? কি নতুন কামত যোগদান কৰিম? লগত আছে মা আৰু ভাইটি। সেইখিনি সময়ত যিকোনো কামত যোগদান কৰিবলৈ মন নগ’ল। প্ৰথম কথা, কামবোৰৰ দৰমহা কম আৰু দ্বিতীয়তে এবাৰ এইদৰে কামত যোগদান কৰি পোৱা তিনিদিনীয়া তিক্ত অভিজ্ঞতা৷ (সেইদিনাই নিজাকৈ কিবা এটা কৰিবলৈ চিন্তাৰ বীজ ৰোপণ হৈছিল) ।

এই সময়খিনিতেই মনত কিবাকৈ Entrepreneurship-ৰ পোকটোৱে বাহ ল’লে। অলপ থুনুকাভাৱে “ভুৰুকা”ৰ ধাৰণাটো মনলৈ আহিল। এইখিনিতেই আহিল এটা mock test-ৰ সুবিধা—

”বিদ্যুৎ, অক্টোবৰত দুৰ্গা পূজা আহিল। গুৱাহাটীৰ পূজাত এখন দোকান দে। এয়াই তোৰ বাবে ব্যৱসায়ত নিজকে পৰীক্ষা কৰাৰ উপযুক্ত সময়। ইয়াৰ পৰাই তোৰ ‘ভুৰুকা’ৰ ছবি স্পষ্ট হ’ব। এয়া তোৰ business mock test বুলি ভাব।” — নুনমাটিৰ মোৰ ৰূমৰ পৰা শিলপুখুৰীলৈ এক দীঘলীয়া পদাতিক আলোচনাত GCC-ৰ পৰা ষ্টেণ্ড কৰা দাদাজনে এই পৰামৰ্শ আগবঢ়ায়। তেওঁ সম্পূৰ্ণ বিনিয়োগৰ দায়িত্ব ল’লে (কোনো লাভাংশ নিবিচৰাকৈ)।

ভবা মতেই কাম। MA, Research Assistant, APSC candidate— এই সকলোবোৰ বেৰিকেড মনতে ভাঙি-মোহাৰি বন্ধু এজনৰ সৈতে বেলতলা পূজাথলীত ফুটপাথত দোকান এখন ল’লোঁ (ষ্টল পোৱাত সহায় কৰে বেলতলা নিবাসী GU-ৰ বন্ধু এজনে)। মোৰ মাহীৰ ল’ৰা ভাইটিৰ সহযোগত বন্ধু আৰু মই তিনিদিন তিনিৰাতি পূজাত দোকান দিলোঁ। বস্তু বেছি থকাত এদিন ৰাতি অকলে বস্তুখিনি ৰখিলোঁ। টোপনি ধৰাত ফুটপাথৰ ওপৰত জোতাযোৰকে গাৰু কৰি শুবলৈ চেষ্টা কৰিলোঁ; কিন্তু নোৱাৰিলোঁ। গোটেই ৰাতি মহৰ পৰা পোৱা অসহ্যকৰ যন্ত্ৰণাৰ কথা আজিও মনত আছে। ৰাতিটোত বহু কথাই মনত দোলা দি গ’ল। বুজি উঠিলোঁ সিহঁতবোৰে (পদপথত বাস কৰা অঘৰীসকলে) কেনেকৈ ৰাতিবোৰ পাৰ কৰে।

আমি ৫০% লাভ কৰিব পাৰিলোঁ। যদিও তিনিদিন তিনিৰাতি তেনেই তাকৰ সময় কিন্তু ই মোক বহু কথাই শিকাই গ’ল।

সেইদিনাৰ পৰা ‘ভুৰুকা’ৰ সঠিক পৰিকল্পনা আৰম্ভ হ’ল। মনৰ পৰা লাজ, ভয়, সংকোচ আদিৰ দৰে পৰম্পৰাগত শব্দবোৰ আঁতৰিব ল’লে। লগতে শিকিলোঁ অসমীয়াই কিয় জাতীয় অৰ্থনীতি ধৰি ৰাখিবলৈ সক্ষম হোৱা নাই বা নোৱাৰে। তাত মোৰ দোকানখনৰ চৌদিশে পূৰ্ববংগীয় মূলৰ মানুহৰ দোকান আছিল। মই যিমান দূৰলৈ খুচৰিছোঁ খুব সম্ভৱ ২০ শতাংশ অসমীয়াইহে তাত ব্যৱসায় কৰিছিল। অন্যহাতে, কেঁচামাল আনিবলৈ বাৰে বাৰে লাখটকীয়ালৈ যাবলগীয়া হোৱাত মনত প্ৰশ্ন জাগিছিল আমি অসমীয়াই আৰু এনেকৈ কিমান দিনলৈ থাকিম! তেতিয়াৰ পৰাই মনতে দৃঢ়তাৰে থিৰাং কৰিলোঁ এতিয়াই যদি মই ‘ভুৰুকা’ৰ আৰম্ভণি নকৰোঁ তেতিয়াহ’লে হয়তো তৃণমূল পৰ্যায়ত কথাবোৰ অলপ হ’লেও বুজি পোৱা আৰু এজন অসমীয়াই স্বেচ্ছাই ভুল কৰা হ’ব।

মোৰ কথাখিনিৰ জৰিয়তে আপোনালোকক ক’ব বিচাৰিছোঁ— যদি মন কৰে আপোনালোকেও এইদৰে নিজকে পৰীক্ষা কৰি মূল ভাগলৈ আগুৱাব পাৰে। সৰু-সৰু ব্যৱসায়ৰ পৰা New Innovative Business-বোৰ অসমীয়াই ধৰি ৰখাৰ এয়াই হয়তো উপযুক্ত সময়।

বি.দ্ৰ. : যোৱা খণ্ডটি পঢ়ি আপোনালোকে যিসকলে মোক ব্যক্তিগতভাবে অনুপ্ৰেৰণা পোৱা বুলি জনাইছে (নজনোৱাসকললৈও), তেওঁলোকলৈ মই কৃতজ্ঞ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here