27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

বাঘ সংৰক্ষণৰ ইতিহাসত নজিৰবিহীন কৃতিত্ব : মানস ৰাষ্ট্ৰীয় উদ্যানত এবছৰত বাঢ়িল ১৬টা বাঘ

অসমৰ বড়োভূমিত থকা মানস ১৯৭২ চনত ব্যাঘ্র প্রকল্প হিচাবে স্বীকৃত হয়। ১৯৮০ৰ পৰা ২০০৩ চন পর্যন্ত সন্ত্রাসবাদত বিধ্বস্ত হয় এই অভয়াৰণ্য।

spot_img

#নিউজ ডেস্ক#

যোৱা বছৰৰ আৰম্ভণিতে বাঘৰ সংখ্যা আছিল ৩০টা। এটা বছৰৰ ব্যৱধানত বৃদ্ধি হ’ল ১৬টা। বাঘ সংৰক্ষণৰ ইতিহাসত এই নজিৰবিহীন কৃতিত্ব দেখুৱালে মানস ৰাষ্ট্ৰীয় উদ্যানে। চলিত সপ্তাহত মানস ব্যাঘ্র প্রকল্পৰ ক্ষেত্র সঞ্চালক অমল চন্দ্র শর্মাই জনোৱা মতে, এই বছৰ উদ্যানখনত প্ৰায় ৪৬টা বাঘৰ উপস্থিতি চিনাক্ত কৰা গৈছে।

তেওঁ কয়, ‘‘ট্ৰেপ কেমেৰাৰে তোলা ছবি চাই প্রতিটো বাঘক পৃথকভাবে চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত প্ৰায় ১৯টা পূর্ণবয়স্ক বাঘিনী, ১৬টা পূর্ণবয়স্ক পুৰুষ বাঘ, ৩টা যুৱ আৰু ৭টা শিশু আছে।’’ তেওঁ কয়, সম্প্রতি মানস ব্যাঘ্র প্রকল্প আৰু ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে যি ৩৫০ বর্গকিলোমিটাৰ এলেকা সংযোজিত হৈছে, তাতো ৪টা বাঘৰ সন্ধান লাভ কৰা হৈছে।

(ফাইল ফটো)

২০১০ চনৰ জানুৱাৰীত মানসত বাঘৰ সংখ্যা আছিল মাত্র ১০। ‘ৰাষ্ট্ৰীয় ব্যাঘ্র সংৰক্ষণ কর্তৃপক্ষ’ই (এনটিচি) ২০১৪ চনত মানসজুৰি ট্ৰেপ কেমেৰা বহুৱাই প্ৰায় ১৬টা বাঘৰ অস্তিত্ব সম্পর্কে নিশ্চিত হয়। সংস্থাটোৱে ২০১৮ চনৰ শেষৰ ফালে প্রকাশ কৰা ‘টাইগাৰ ষ্টেটাছ ৰিপোর্ট’ত জনায়, বাঘৰ সংখ্যা প্ৰায় ২৮টা বৃদ্ধি পাইছে।

অসমৰ বড়োভূমিত থকা মানস ১৯৭২ চনত ব্যাঘ্র প্রকল্প হিচাবে স্বীকৃত হয়। ১৯৮০ৰ পৰা ২০০৩ চন পর্যন্ত সন্ত্রাসবাদত বিধ্বস্ত হয় এই অভয়াৰণ্য। ৰাষ্ট্ৰীয় উদ্যানখন আছিল কার্যত এক প্ৰকাৰ ৰক্ষীবিহীন। চোৰাংচিকাৰীৰ তিঘিলঘিলনিত গঁড়, বাঘ, চিতাবাঘ, বনৰীয়া ম’হ, দুষ্প্ৰাপ্য প্ৰজাতিৰ হৰিণসহ বিভিন্ন বন্যপ্রাণী সংখ্যাত বহুখিনি কমি গৈছিল। মানসৰ ‘ঐতিহ্যক্ষেত্র’ স্বীকৃতিও নব্বৈৰ দশকত বিপন্ন তালিকাভুক্ত কৰে ইউনেস্কোই।

২০০৩ চনত বড়ো শান্তিচুক্তিৰ পিছত ‘বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল’ গঠন হয়৷ তাৰ পিছত স্থিতাৱস্থা উভতি আহে। লাহে লাহে পৰিস্থিতি উন্নতি হ’বলৈ আৰম্ভ হয়। অৱশ্যে চোৰাংচিকাৰৰ সমস্যা সম্পূৰ্ণভাৱে কমা নাই। ইয়াৰ পিছত সমাজৰ মূল সুঁতিলৈ উভতি অহা বড়ো বিদ্ৰোহীসকলৰ সহায়ত ‘বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল’ কর্তৃপক্ষই বন্যপ্রাণী ৰক্ষাৰ কাম আৰম্ভ কৰে। সহায় লোৱা হয় ৱর্ল্ডৱাইড ফাণ্ড ফৰ নেচাৰ (ডব্লিউডব্লিউএফ), ইণ্ডিয়ান ৱাইল্ডলাইফ ট্রাষ্ট (ডব্লিউটিআই)-সহ বিভিন্ন বন্যপ্রাণী সংৰক্ষণ সংস্থাৰ বিশেষজ্ঞসকলৰ আৰু তাৰ ফল পোৱা যায় হাতে হাতে।

(ফাইল ফটো)

মানসত বন্যপ্রাণী সংৰক্ষণৰ কামত জড়িত হৈ থকা ডব্লিউটিআইৰ গৱেষক সনাতন ডেকাই শুক্রবাৰে আনন্দবাজাৰ অনলাইনৰ আগত প্ৰকাশ কৰা মতে, ‘‘বাঘ সংৰক্ষণৰ ক্ষেত্ৰত মানসে দেশৰ ভিতৰত নতুন দৃষ্টান্ত সৃষ্টি কৰিছে।’’ ২০০৫ চনত মানস গঁড়শূন্য হৈ পৰিছিল। কাজিৰঙা আৰু পবিতৰাৰ পৰা কেইবাটাও গঁড় আনি পুনৰ সংস্থাপনৰ কাম কৰা হয়। সেই সংখ্যা বৃদ্ধি হৈ এতিয়া ৫০ ঘৰ চুবলৈ আগবাঢ়িছে। অমল চন্দ্রই জনোৱা মতে, ২০১৯-২০ত মানসত ৭টা ব্লেক পেন্থাৰসহ মুঠ ২৭টা চিতাবাঘৰ সন্ধান পোৱা গৈছিল। সেয়া আৰু বৃদ্ধি পাইছে বুলি প্রাথমিক পর্যবেক্ষণত অনুমান কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img